ডিজিটেল সংবাদ, ঢকুৱাখনা : নিষিদ্ধ ড্ৰাগছৰ মুকলি বেহাস্থলীলৈ পতিত হৈছে ঢকুৱাখনা । আৰক্ষী আৰু ৰাইজৰ চকুত ধূলি দি এচাম ধুৰন্ধৰ যুৱকে চলাই গৈছে এই মাৰাত্মক চোৰাং বেহা ।
ঢকুৱাখনা আৰক্ষীয়ে বুধবাৰে এনে এটা চোৰাং ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। ঢকুৱাখনা আৰক্ষীয়ে বুধবাৰে বিয়লি গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানকালত বিক্ৰম দলে নামৰ এটা সৰবৰাহকাৰীক নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে।
সদৰ থানাৰ অচি প্ৰিয়ব্ৰত গগৈৰ নেতৃত্বত ঢকুৱাখনা ৰাজহুৱা শ্মশানৰ ওচৰত চলোৱা তালাচীৰ সময়ত এ এছ ০৭ পি ৭১৭৪ নম্বৰৰ ৰয়েল এনফিল্ড বাইকৰ চালক ভোমা কপচান গাঁৱৰ বিক্ৰম দলেৰ পৰা ৬.৯ গ্ৰাম ওজনৰ ব্ৰাউন চুগাৰ ,২২টা খালি কন্টেইনাৰ ,৭ টা চিৰিঞ্জ ,নগদ ৪ হাজাৰ ১০০ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
আৰক্ষীয়ে এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছে । আশংকা কৰা হৈছে এইজন সৰবৰাহকাৰীয়ে ঢকুৱাখনাত নিষিদ্ধ ড্ৰাগছৰ বেহাখন সম্প্ৰসাৰণত মুখ্য ভূমিকা পালন কৰি আহিছে ।