ডিজিটেল সংবাদ, মুছলপুৰঃ অনলাইন ট্ৰেডিং কাণ্ডই দিন বাগৰাৰ লগে লগে উজনিৰ পৰা নামনিলৈ ওলাইছে অনেক প্ৰৱঞ্চক। কোটি কোটি টকা সাধাৰণ ৰাইজৰ পৰা লুটি নিয়া বহু প্ৰৱঞ্চকৰ নাম শেহতীয়াকৈ পোহৰলৈ অহাৰ সমান্তৰালভাৱে বহুকেইজন গ্ৰেপ্তাৰো হৈছে।
বাক্সাৰ মুছলপুৰতো সংঘটিত হৈছে এক বিয়াগোম ট্ৰেডিং কেলেংকাৰী। ১০০কোটি টকাৰ লেনদেনৰ এক কেলেংকাৰী মুছলপুৰত সংঘটিত হোৱাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। ১০০ কোটিৰো অধিক ধন আত্মসাৎ কৰি বৰ্তমান আত্মগোপন কৰি আছে এগৰাকী বড়ো মহিলাই।
বিভিন্ন পৰ্যায়ৰ ব্যক্তিৰ পৰা এই মহিলাগৰাকীয়ে ধন লোৱা তথ্য পোহৰলৈ আহিছে। মহিলা গৰাকীৰ বিৰুদ্ধে মুছলপুৰ আৰক্ষী থানাত এজাহাৰো ৰুজু কৰিছে ভুক্তভোগীয়ে। মুছলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম বাংনাবাৰীৰ মহিলা গৰাকীৰ নাম মাইনা ব্ৰহ্ম।
আৰক্ষীয়ে এই মহিলাগৰাকীক বিচাৰি অভিযান আৰম্ভ কৰিছে। আৰক্ষীয়ে এতিয়ালৈকে তদন্তৰ খাতিৰত কোনো কথা ৰাজহুৱা কৰা নাই যদিও অচিৰেই মাইনা জালত পৰিব বুলি সদৰি কৰিছে।
Also Read: 'হাঁহি'ৰ দৰেই স্বাভাৱিক 'কান্দোন'...