‘অপাৰেচন সিন্দূৰ’ত আত্মনিৰ্ভৰ ভাৰতে যোগাইছিল ব্যাপক বৰঙণি...

ভাৰতে পাকিস্তানৰ বিৰুদ্ধে চলোৱা অপাৰেচন সিন্দূৰত আত্মনিৰ্ভৰ ভাৰত অধীনস্থ মেক ইন ইণ্ডিয়াৰ আছে উল্লেখনীয় বৰঙণি। উক্ত অভিযানৰ আঁৰত থাকিয়েই মেক ইন ইণ্ডিয়াই কৰিছিল বহু সহায়।..

author-image
Asomiya Pratidin
New Update
অপাৰেচন সিন্দূৰ

ডিজিটেল ডেস্ক : ভাৰতে পাকিস্তানৰ বিৰুদ্ধে চলোৱা অপাৰেচন সিন্দূৰত আত্মনিৰ্ভৰ ভাৰত অধীনস্থ মেক ইন ইণ্ডিয়াৰ আছে উল্লেখনীয় বৰঙণি। উক্ত অভিযানৰ আঁৰত থাকিয়েই মেক ইন ইণ্ডিয়াই কৰিছিল বহু সহায়।

এতিয়া আহো কেনেদৰে কৰিছিল সহায়- পাকিস্তানে সংঘটিত কৰা পেহেলগাম কাণ্ডৰ পাছতে ভাৰতে বৈৰী দেশখনৰ বিৰুদ্ধে চলাইছিল অপাৰেচন সিন্দূৰ। সন্ত্ৰাসবাদীৰ কেইবাটাও ঘাটি নিশাৰ ভিতৰতে উচ্চেদ কৰি একপ্ৰকাৰ পাকিস্তানৰ অৱস্থা কাহিল কৰি দিছিল। শংকিত হৈ পৰিছিল পাক প্ৰতিৰক্ষা মন্ত্ৰালয়কে ধৰি দেশখনৰ প্ৰধানমন্ত্ৰী।

তাৰোপৰি পাকিস্তানে চলোৱা ড্ৰোণ আক্ৰমণকো আকাশমাৰ্গতে উফৰাই দিছিল ভাৰতৰ অন্যতম অস্ত্ৰ এছ ৪০০ সুদৰ্শন চক্ৰই। বায়ুসেনাৰ এই অস্ত্ৰবিধৰ ক্ষমতা অপাৰ। 

একেসময়তে মেক ইন ইণ্ডিয়াৰ অধীনত নিৰ্মিত বহু অস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল অপাৰেচন সিন্দূৰত।  যিবোৰ অত্যাধুনিক অস্ত্ৰৰ সহায়ত অপাৰেচন সিন্দূৰৰ জৰিয়তে পাকিস্তানক দিশহাৰা কৰি পেলাইছিল ভাৰতীয় সেনাই। 

উল্লেখযোগ্য যে, ২০২৪ৰ ২৫ ছেপ্তম্বৰত মেক ইন ইণ্ডিয়া কাৰ্যকৰী কৰা হৈছিল দেশত। তেতিয়াৰ পৰাই প্ৰতিৰক্ষাকে ধৰি কেইবাটাও খণ্ডত মেক ইন ইণ্ডিয়াই বিশেষ সাফল্য লাভ কৰাৰ লগতে সহযোগিতা আগবঢ়াই আহিছে। 

দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত মেক ইন ইণ্ডিয়াৰ প্ৰভাৱ অনেক। প্ৰতিৰক্ষাত ব্যৱহৃত সা- সঁজুলি নিৰ্মাণ, অস্ত্ৰ- শস্ত্ৰ নিৰ্মাণ আদি কাৰ্যত মেক ইন ইণ্ডিয়াই উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে।  প্ৰতিৰক্ষা বাজেটতো মেক ইন ইণ্ডিয়াৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে।

war