অপাৰেচন সিন্দূৰৰ সফলতাক উচ্চ প্ৰশংসা প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহানৰ

অতি শেহতীয়াকৈ অনুষ্ঠিত এক অনুষ্ঠানত বিষয়াগৰাকীয়ে ভাৰতীয় সেনা বাহিনীৰ তিনিওটা বাহিনী ক্ৰমে- ভাৰতীয় সেনা, নৌসেনা আৰু বায়ুসেনাৰ বিষয়া- জোৱানৰসকলৰ কৰ্ম দক্ষতাৰ শলাগ লৈছে।

author-image
Asomiya Pratidin
New Update
77

ডিজিটেল ডেস্ক : অপাৰেচন সিন্দূৰৰ সাফল্যত বুকু ফুলি উঠিছে ভাৰতীয় প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহানৰ। অতি শেহতীয়াকৈ অনুষ্ঠিত এক অনুষ্ঠানত বিষয়াগৰাকীয়ে ভাৰতীয় সেনা বাহিনীৰ তিনিওটা বাহিনী ক্ৰমে- ভাৰতীয় সেনা, নৌসেনা আৰু বায়ুসেনাৰ বিষয়া- জোৱানৰসকলৰ কৰ্ম দক্ষতাৰ শলাগ লৈছে।

এই তিনিওটা বাহিনীৰ মাজত থকা সহযোগিতা আৰু কাৰ্য্যকৰী সংহতিৰ স্বাক্ষুক প্ৰমাণেই হৈছে - ‘অপাৰেচন সিন্দুৰ’ৰ সফলতা। এই তিনিওটা বাহিনীৰ এনে কৰ্ম- কাৰ্যৰ বাবেই অপাৰেচন সিন্দূৰে সাফল্য লাভ কৰিবলৈ সক্ষম হৈছিল।

উল্লেখযোগ্য যে, ২১ সংখ্যক উচ্চ প্ৰতিৰক্ষা ব্যৱস্থাপনা পাঠ্যক্ৰম চমুকৈ এইচ ডি এম চিৰ অংশগ্ৰহণকাৰী আৰু ছিকেণ্ডৰাবাদৰ প্ৰতিৰক্ষা ব্যৱস্থাপনা মহাবিদ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকলক ভাষণ দি চৌহানে এই মন্তব্য কৰে। তেওঁ ভাৰতৰ সশস্ত্ৰ বাহিনীৰ ভৱিষ্যত গঢ় দিয়াৰ ক্ষেত্ৰত যৌথতা আৰু সংহতিৰ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। 

একেদৰে ব্যাপক সামৰ্থ্য বিকাশ, আত্মনিৰ্ভৰশীলতা আৰু প্ৰযুক্তি-চালিত আধুনিক যুদ্ধই কঢ়িয়াই অনা বিঘ্নিতকাৰী পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰস্তুতিৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰীয় নিৰাপত্তা  আৰু উচ্চ প্ৰতিৰক্ষা ব্যৱস্থাপনাৰ ওপৰত বক্তৃতা প্ৰদান কৰে মুৰব্বী চৌহানে।

indian army ভাৰতীয় সেনা