গ্ৰীষ্মকালীন বন্ধৰ সদপ্ৰয়োগঃ AJYCPৰ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ বিনামূলীয়া পাঠদান শিবিৰৰ আয়োজন...

গ্ৰীষ্মকালীন বন্ধৰ সদপ্ৰয়োগঃ AJYCPৰ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ বিনামূলীয়া পাঠদান শিবিৰৰ আয়োজন...
Published on
Updated on

ডিজিটেল ডেস্কঃ জাতীয় জীৱনক কেউফালৰ পৰা সুৰক্ষা কৱচ পিন্ধাই এখন সুস্থ-সবল আৰু নিকা মূলতঃ সুন্দৰ অসম গঢ়াৰ সংগ্ৰামখন আৰু অধিক শক্তিশালী কৰাৰ উদ্দেশ্যৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ উৰিয়াগাঁও আঞ্চলিক সমিতিয়ে এক উল্লেখনীয় প্ৰদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক শৈক্ষিক উত্তৰণৰ উদ্দেশ্যৰে আয়োজন কৰা হৈছে গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰ।

অহা ১জুলাইৰ পৰা ২১জুলাইৰ লৈকে ২০দিনীয়া এই কাৰ্যসূচী উৰিয়াগাঁও শ্বহীদ ভোগেশ্বৰী ফুকননী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত আয়োজন কৰা হৈছে। ১জুলাই ২০২৪ৰ পুৱা ৯বজাৰ পৰা আৰম্ভ কৰা হব এই পাঠদান শিবিৰ। নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে আয়োজন কৰা হৈছে এই শিবিৰ।

নগাঁও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বণিয়া আৰু সাধাৰণ সম্পাদক দেৱাশীষ দাসৰ নেতৃত্বত এই সমগ্ৰ অনুষ্ঠানটোৰ আয়োজনৰ ক্ষেত্ৰত AJYCPৰ উৰিয়াগাঁও সমিতিৰ সভাপতি নমিতা বৰা আৰু সাধাৰণ সম্পাদক শুভ্ৰজিত গগৈয়ে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে।

১জুলাইৰ পৰা আৰম্ভ হব লগীয়া এই শিবিৰত ২জুলাইৰ পৰা ২০জুলাইৰ লৈকে শিক্ষাৰ্থীসকলৰ বৌদ্ধিক বিকাশৰ বাবে বহুকেইজন সমল ব্যক্তিয়ে প্ৰেৰণাদায়ক বক্তব্য প্ৰদান কৰিব।  ২জুলাইত কাকলি সিংহা, ৩জুলাইত বঢ়মপুৰৰ খণ্ড উন্নয়ন বিষয়া সিদ্ধাৰ্থ চিংকাই আৰু ৪জুলাইত বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই এই শিবিৰত বক্তব্য প্ৰদান কৰিব।

৫জুলাইত নগাঁও পলিটেকনিকৰ প্ৰবক্তা নেত্ৰমণি বৰুৱা, ৬জুলাইত উপ মুখ্য প্ৰতিৰক্ষা অধিবক্তা গীতাৰ্থ কমল শইকীয়াই ৰাখিব নিজৰ বক্তব্য। ৮জুলাইত মনোৰোগ বিশেষজ্ঞ ডাঃ আৰাধনা বৰুৱা, ৯জুলাইত জ্যেষ্ঠ সাংবাদিক গুৰমাইল সিং, ১০জুলাইত নগাঁও ক্ৰীড়া সংস্থাৰ সাধাৰণ সম্পাদক তপন কুমাৰ দাসে শিক্ষাৰ্থীসকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰিব।

১১জুলাইত ড০ প্ৰাঞ্জল কুমাৰ বৰা, ১২জুলাইত ড০ সদানন্দ পায়েং, ১৩জুলাইত ড০ ইন্দ্ৰজিত বেজবৰুৱা, ১৪জুলাইত ৰবীন ফুকন, ১৫জুলাইত ড০ কুলেন চন্দ্ৰ দাস, ১৬জুলাইত জীৱন নৰহ, ১৭জুলাইত নৃপেন শইকীয়া, ১৮জুলাইত উতপল বনিয়া, ১৯জুলাইত লক্ষ্যজ্যোতি বৰঠাকুৰ আৰু ২০জুলাইত মৃণাল কুমাৰ বেজবৰুৱাই বক্তব্য ৰাখিব এই শিবিৰত। ২১জুলাইত এক অনুষ্ঠানৰে সামৰণি পৰিব এই শিবিৰ। এই বিশেষ অনুষ্ঠানটোত নগাওঁ জিলা আয়ুক্তকে ধৰি বহুকেইগৰাকী গণ্যমাণ্য ব্যক্তি উপস্থিত থাকিব।

গ্ৰীষ্মকালীন বন্ধৰ সদপ্ৰয়োগঃ AJYCPৰ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ বিনামূলীয়া পাঠদান শিবিৰৰ আয়োজন...
ইতিহাসত প্ৰথমঃ লোকসভা অধ্যক্ষ পদৰ বাবে ওম বিৰলাৰ বিৰুদ্ধে যুঁজত নামিল কংগ্ৰেছৰ কে সুৰেশ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in