অপাৰেচন সিন্দূৰৰ পিছত ৰাষ্ট্ৰীয় নিৰাপত্তা বিষয়ত প্ৰধানমন্ত্ৰী মোডীৰ বিশ্বাসযোগ্যতা বৃদ্ধি পাইছে

ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ মাজতে এক সংবাদ প্ৰতিষ্ঠান নিউজ ১৮য়ে এক সমীক্ষা চলাইছিল। সেই সমীক্ষাৰ প্ৰকাশিত ফলাফল অনুসৰি ৰাষ্ট্ৰীয় স্বাৰ্থৰ সৈতে জড়িত বিষয়ত প্ৰধানমন্ত্ৰী মোডীৰ বিশ্বাসযোগ্যতা সমগ্ৰ দেশতে ৮৮ শতাংশতকৈ অধিক বৃদ্ধি পাইছে।

author-image
Asomiya Pratidin
New Update
pm modi

ডিজিটেল ডেস্ক : ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ মাজতে এক সংবাদ প্ৰতিষ্ঠান নিউজ ১৮য়ে এক সমীক্ষা চলাইছিল। সেই সমীক্ষাৰ প্ৰকাশিত ফলাফল অনুসৰি ৰাষ্ট্ৰীয় স্বাৰ্থৰ সৈতে জড়িত বিষয়ত প্ৰধানমন্ত্ৰী মোডীৰ বিশ্বাসযোগ্যতা সমগ্ৰ দেশতে ৮৮ শতাংশতকৈ অধিক বৃদ্ধি পাইছে।

অৰ্থাৎ দেশৰ ৮৮ শতাংশত কৈও অধিক লোকে মোডীয়ে গ্ৰহণ কৰা ৰাষ্ট্ৰীয় বিষয়ক সিদ্ধান্তসমূহৰ প্ৰতি গভীৰ আস্থা প্ৰকাশ কৰিছে। পাকিস্তান আৰু পাকিস্তান দখলকৃত কাশ্মীৰত সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰা স্থানসমূহক লক্ষ্য কৰি পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে চলোৱা অভিযানৰ প্ৰেক্ষাপটৰ পটভূমিত এই সমীক্ষা কৰা হৈছিল। 

সমীক্ষা অনুসৰি মুঠ ১৪,৬৭১ জন লোকৰ ভিতৰত ৮৮.০৬ শতাংশই ৰাষ্ট্ৰীয় স্বাৰ্থৰ সৈতে জড়িত বিষয়সমূহৰ ক্ষেত্ৰত পি এম মোদীয়ে গ্ৰহণ কৰা সিদ্ধান্তৰ সমৰ্থন জনাইছে। অৱশ্যে ১১.৯৪ শতাংশ লোকে একেবাৰেই কোনো আস্থা নাই বুলি সমীক্ষাটোত মত প্ৰকাশ কৰিছে।

narendra modi