গৌৰৱ গগৈয়ে উপ দলপতিৰ পদটো কোনো জ্যেষ্ঠ কংগ্ৰেছীক এৰি দিয়কঃ পবিত্ৰ মাৰ্ঘেৰিটা

নতুন দিল্লীত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ সংবাদ মেল...
গৌৰৱ গগৈয়ে উপ দলপতিৰ পদটো কোনো জ্যেষ্ঠ কংগ্ৰেছীক এৰি দিয়কঃ পবিত্ৰ মাৰ্ঘেৰিটা
Published on
Updated on

ডিজিটেল ডেস্কঃ 'অযথা, যুক্তিহীন কথাৰে কংগ্রেছ দলৰ সাংসদ শ্ৰী গৌৰৱ গগৈ ডাঙৰীয়াই বিতৰ্কৰ সৃষ্টি কৰিব বিচাৰিছে।সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছে- দেওবাৰে নতুন দিল্লীত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এখন সংবাদমেল সম্বোধন কৰি এইদৰে মন্তব্য কৰে।

লগতে কয় যে, যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে বিভিন্ন উন্নয়নমূলক কাম কৰি আছে, শিক্ষিত নিবনুৱাৰ বাবে হাজাৰ হাজাৰ পদ সৃষ্টি কৰি নিকা নিযুক্তি প্ৰদান কৰিছে, ৩ কোটি গছপুলি ৰোপণৰ প্ৰকল্প হাতত লৈছে, চৰাইদেউক বিশ্ব ঐতিহ্যক্ষেত্ৰৰূপে গঢ় দিয়াৰ চেষ্টাত বৰ্তি হোৱাৰ লগতে ৰাজ্যখনক আগবঢ়াই নিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আছে, তেনেসময়ত টুলুঙা-বিতৰ্কিত মন্তব্য প্ৰদান কৰি, ব্যক্তিগত আক্ৰমণ কৰি সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ কংগ্ৰেছে বৃথা চেষ্টা চলোৱা দেখা গৈছে বুলি মন্ত্ৰী মাৰ্ঘেৰিটাই উল্লেখ কৰে।

সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই মন্ত্রিত্ব লাভ কৰা সন্দৰ্ভত কংগ্ৰেছী সাংসদ তথা বিৰোধী উপ দলপতি গৌৰৱ গগৈয়ে বিৰূপ মন্তব্য প্ৰদান কৰা সন্দৰ্ভত মন্ত্ৰী মাৰ্ঘেৰিটাই কয় যে, ইমান জ্যেষ্ঠ নেতা থাকোঁতেও মই নতুন বিজেপি হিচাপে কেনেকৈ মন্ত্ৰিত্ব লাভ কৰিলোঁ, সেই প্ৰশ্নৰ অৱতাৰণা কৰা সাংসদ গৌৰৱ গগৈক মনত পেলাই দিব খোজো যে তেওঁৰ জন্মৰ পূৰ্বেই এন এছ ইউ আই কৰা জ্যেষ্ঠ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈ বিদ্যালয়ত থকাৰ পৰা কংগ্ৰেছ নেতা ৰকিবুল হুছেইন থকাৰ পাছতো গৌৰৱ গগৈ লোকসভাত কংগ্ৰেছৰ উপ দলপতি হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে, ৰেকিবুদ্দিন আহমেদ আৰু ৰকিবুল হুছেইনক সুধি মন্ত্ৰিত্বৰ তালিকা নবনাই বুলি উল্লেখ কৰি মন্ত্ৰী মাৰ্ঘেৰিটাই কয় যে তেওঁ এগৰাকী গৌৰৱী আহোম আৰু মন্ত্ৰীসভাত তেওঁ স্থান পাওঁতে অন্ততঃ আহোম সম্প্ৰদায়ৰ হোৱা বাবে গৌৰৱ গগৈয়েও ৰাজনৈতিকভাৱে নহ'লেও আবেগিকভাৱে ভাল পাব বুলি আশা কৰিছিল।কিন্তু কাৰ্যতঃ সেয়া হৈ নুঠিল।

ইয়াৰোপৰি গৌৰৱ গগৈয়ে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি কয় যে গৌৰৱ গগৈয়ে যদি জ্যেষ্ঠ সকলক ইমানেই সন্মান কৰে, তেন্তে তেওঁৰ কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈক বা আন কোনো পুৰণা নেতাক বিৰোধীৰ উপ-দলপতি পদটো এৰি নিদিয়ে কিয়!

শেহতীয়াকৈ কেইটামান দিনৰ পৰা কংগ্রেছ দলটোৱে হঠাৎ উজনি অসমত চাহ বাগানৰ লোকসকলৰ প্ৰতি দৰদ দেখুৱাবলৈ আৰম্ভ কৰিছে বুলিও সংবাদ মেলত মন্ত্ৰী মাৰ্ঘেৰিটাই উল্লেখ কৰে। তেওঁ উল্লেখ কৰে যে কংগ্ৰেছ দলটোৱে চাহ জনগোষ্ঠীৰ বাবে কি কাম কৰিছে,সেয়া আৰু অসমৰ ৰাইজক জনোৱাৰ প্ৰয়োজন নাই। যদিহে চাহ জনগোষ্ঠীৰ লোকৰ প্ৰতি কংগ্ৰেছ দলৰ ইমানেই মৰম আছে,তেনেহ'লে ডিব্ৰুগড়ত লুৰীণ জ্যোতি গগৈৰ সলনি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াক কিয় প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে? বিধানসভা নিৰ্বাচনত চাহ জনগোষ্ঠীৰ জ্যেষ্ঠ নেতা ৰাজু চাহু ডাঙৰীয়াৰ সলনি নতুনকৈ কংগ্ৰেছত যোগদান কৰা যুৱক এজনক কিয় টিকেট দিছিল? কংগ্ৰেছ দলে চাহ জনগোষ্ঠীক কৰা প্ৰতাৰণাৰ তালিকাখন বহুত দীঘলীয়া বুলিও তেওঁ মন্তব্য কৰে।

ইফালে কংগ্ৰেছ দলক সমালোচনা কৰি মন্ত্ৰী মাৰ্ঘেৰিটাই কয় যে লাভ জেহাদৰ সন্মুখীন হোৱা অসমীয়া ছোৱালীৰ কাষত কেতিয়াও ঠিয় নিদিয়ে কংগ্ৰেছ দলে। লগতে কংগ্ৰেছৰ যদি এতিয়াও তেওঁলোকৰ নিৰ্বাচনৰ ফলাফল ভাল বুলি ভাবিছে,তেন্তে এনে ভাল দিন তেওঁলোকৰ সদায় চলি থাকক বুলিও কয়। ইয়াৰোপৰি অসমখনক ভাগ ভাগ নকৰিবলৈ কংগ্রেছ দলক আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে।

ইপিনে বিজেপি দলে কোনো নিৰ্দিষ্ট ব্যক্তিক লৈ ব্যস্ত নহয় বুলি মন্তব্য কৰি মন্ত্ৰী মাৰ্ঘেৰিটাই গৌৰৱ গগৈয়ে ৫ বছৰে কলিয়াবৰ সমষ্টিত একো কাম নকৰাৰ কথাও উল্লেখ কৰে। মাৰ্ঘেৰিটাই কয় যে বিগত লোকসভা নিৰ্বাচনত বিজেপি দলে ৰাজ্যখনৰ ৯৩ টা বিধানসভা সমষ্টিত জয়লাভ কৰা বুলি মন্তব্য কৰি মাৰ্ঘেৰিটাই কয় যে কংগ্ৰেছ দলটো ৩০ টাতকৈও কম আসনত সংকোচিত হৈ পৰিছে ।

আনহাতে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত মুছলমানৰ জনসংখ্যাৰ অধিক হাৰত বৃদ্ধি হোৱা বুলি উল্লেখ কৰা কথাটো মাথো তেখেতৰে নহয় বুলি উল্লেখ কৰি মন্ত্ৰী মাৰ্ঘেৰিটাই কয় যে ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ,বিষ্ণুৰাম মেধিৰ পৰা আৰম্ভ কৰি অসংখ্যজনে অসমৰ মুছলিম জনসংখ্যাৰ অস্বাভাৱিক বৃদ্ধিৰ বিষয়ে কৈ আহিছে।

মাৰ্ঘেৰিটাই আৰু কয়, "আপোনালোকে সংবাদ মাধ্যমৰ সন্মুখত মিথ্যাচাৰ,অপপ্ৰচাৰ আদিত ব্যস্ত থাকে, ইয়াৰ বিপৰীতে দেশৰ মুখ্যমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেৱল উন্নয়নৰ কামত বৰ্তি হৈ আছে।"

আনহাতে, কংগ্ৰেছ দলটোৰ এটা বিশেষ সম্প্ৰদায়ৰ প্ৰতি থকা দৰদ সন্দৰ্ভত মন্ত্ৰী মাৰ্ঘেৰিটাই কয়- অসমত যেতিয়াই আমাৰ খিলঞ্জীয়া ভনী এটা বিশেষ সম্প্ৰদায়ৰ লাভ জেহাদৰ বলি হয়,আক্ৰমণৰ বলি হৈ মৃত্যু পৰ্যন্ত হয়। তেতিয়াই কংগ্ৰেছ দলটোৱে এই বিশেষ সম্প্ৰদায়ৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰে, তেওঁলোকৰ সপক্ষে যুক্তি দিয়ে। অসমৰ ৰাইজে কংগ্ৰেছ দলৰ এই স্বভাৱ সম্পূৰ্ণৰূপে চিনি পাইছে।

গৌৰৱ গগৈয়ে উপ দলপতিৰ পদটো কোনো জ্যেষ্ঠ কংগ্ৰেছীক এৰি দিয়কঃ পবিত্ৰ মাৰ্ঘেৰিটা
কবি অলকেশ কলিতাৰ স্মৃতিচাৰণ সভা: স্মৃতিগ্ৰন্থ উন্মোচন তথা ৱেবছাইট মুকলি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in