৮৮ খন ৰাস উদযাপন কমিটিক চেক বিতৰণ বিধায়ক পদ্ম হাজৰিকাৰ

আজি নদুৱাৰ সমষ্টিৰ ৮৮ খনকৈ ৰাস উদযাপন কমিটিক অসম চৰকাৰৰ হৈ ২৫ হেজাৰ কৈ টকাৰ চেক বিতৰণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। নিজস্ব ধৰ্মীয় সাংস্কৃতিক পৰম্পৰা ৰক্ষা কৰি ৰাস উদযাপনৰ বাৱে আহ্বান জনাই বিধায়ক গৰাকীয়ে ৷

author-image
Asomiya Pratidin
New Update
নদুৱাৰত চেক বিতৰণ

ডিজিটেল সংবাদ,নদুৱাৰঃ  ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে নদুৱাৰ সমষ্টিৰো বিভিন্ন প্ৰান্তৰ শতাধিক গাঁৱত ৰাস উদযাপনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে অনুষ্ঠান প্ৰতিষ্ঠান তথা ধৰ্মপ্ৰাণ ৰাইজে ৷ এই উদ্দেশ্যৰে আজি নদুৱাৰ সমষ্টিৰ ৮৮ খনকৈ ৰাস উদযাপন কমিটিক অসম চৰকাৰৰ হৈ প্ৰত্যেককে ২৫ হেজাৰ কৈ টকাৰ চেক বিতৰণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷

জামুগুৰিহাটস্থিত পৰিদৰ্শন ভৱনত বিধায়ক গৰাকীয়ে সমষ্টিটোৰ ৰাস কমিটি সমূহক অসম চৰকাৰে প্ৰদান কৰা ২৫ হেজাৰ টকাকৈ সাহাৰ্য্যৰ চেক বিতৰণ কৰে ৷ বিধায়ক গৰাকীয়ে চেক বিতৰণ কৰি প্ৰতিখন ৰাস উদযাপন কমিটিক নিজস্ব ধৰ্মীয় সাংস্কৃতিক পৰম্পৰা ৰক্ষা কৰি ৰাস উদযাপনৰ বাৱে আহ্বান জনায় ৷

পদ্ম হাজৰিকা ৰাস