দেউলীয়া হোৱাৰ দিশে পাকিস্তান...

author-image
Asomiya Pratidin
New Update
দেউলীয়া হোৱাৰ দিশে পাকিস্তান...

ডিজিটেল ডেস্ক : চৰম অৰ্থনৈতিক সংকটত ভুগিছে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান । এই অৰ্থনৈতিক সংকটত অস্থিৰ হৈছে চৰকাৰ, আকাশলংঘী মূল্যবৃদ্ধিত জীৱন নৰকত পৰিণত হৈছে সাধাৰণ জনতাৰ । সংহাৰী বানৰ পিছত চৰম বিত্তীয় অব্যৱস্থাপনা আৰু ৰাজনৈতিক অস্থিৰতাই দেশৰ অৰ্থনীতিক কোঙ‍া কৰি পেলাইছে । মুদ্ৰাস্ফীতি ২৫ শতাংশলৈ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ দেশৰ জিডিপিৰ ৭৭.৮ শতাংশ ব্যয় হৈছে ঋণৰ সুত প্ৰদানত । চহৰাঞ্চলতকৈ মুদ্ৰাস্ফীতিয়ে চৰম ৰূপ লৈছে গ্ৰামাঞ্চলত । গ্ৰামাঞ্চলত বিগত মাহত মুদ্ৰাস্ফীতিৰ হাৰ আছিল ২৮.৮ শতাংশ ।

১ কিলো আটাৰ বাবেই এতিয়া বজাৰত মৰা কটা হোৱাৰ ঘটনা সুলভ হৈ পৰিছে, ইপিনে ৫০০ শতাংশ বৃদ্ধি হৈছে খাদ্য সামগ্ৰীৰ দাম । মিঠাতেলত দাম বাঢ়ি প্ৰতি লিটাৰত হৈছেগৈ ৫৩২ টকা, পিঁয়াজৰ দাম ২২০ টকা । বিদ্যুতৰ নাটনিৰ বাবে ৮.৩০ বজাতে দোকান-পোহাৰ বন্ধ । ইয়াৰ ওপৰিও বৈদেশিক মুদ্ৰাভাণ্ডাৰৰ দ্ৰুত ক্ষয়ত দেশখনেই দেউলীয়া ঘোষণা হোৱাৰ পৰ্যায় লাভ কৰিছেগৈ । উদংপ্ৰায় বৈদেশিক মুদ্ৰাভাণ্ডাৰত জমা আছে ১১.৪ বিলিয়ন ডলাৰ মাত্ৰ । এই ধনৰ ভিতৰত পাকিস্তানৰ কেন্দ্ৰীয় বেংকৰ ধন হ'ল ৫.৬ বিলিয়ন ডলাৰ, বাকী ৫.৮ বিলিয়ন ডলাৰ বাণিজ্যিক বেংকৰ অংশ । অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয়ৰ বাবে এই ধন ব্যয় হ'ব পাৰে মাত্ৰ তিনি সপ্তাহত ।

আশংকা অনুসৰি, অতি শীঘ্ৰেই শ্ৰীলংকা সদৃশ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে পাকিস্তানত । এই বিপদৰ পৰা মুক্তি লাভ কৰিবলৈ পাকিস্তানৰ ৰাজনৈতিক নেতৃত্ব বাৰে বাৰে শৰণাপন্ন হৈছে চীন আৰু চৌডি আৰবৰ । আনহাতে, চৌডি আৰবে প্ৰতিশ্ৰুতি দিয়া অনুসৰি ৩ বিলিয়ন ডলাৰ যদি পাকিস্তানে লাভ নকৰে তেন্তে বিক্ৰী কৰিব লাগিব ৰাষ্ট্ৰায়ত্ত সম্পত্তি ।                         

আৰু পঢ়ক : কাজিৰঙাত জৰাজীৰ্ণ চাৰিবেৰৰ মাজত ভৱিষ্যতৰ সপোন ৰচিছে শিক্ষাৰ্থীয়ে...

pakistan economy