১৪ খন দেশৰ মাজেৰে পাৰ হৈ যোৱা বিশ্বৰ আটাইতকৈ দীঘল ঘাইপথটো...

বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্ৰুত উন্নয়নে প্ৰায়বোৰ সময়তে মানৱ জাতিক আচৰিত কৰি আহিছে। ন ন উদ্ভাৱনেৰে বিশ্বৰ চুকে- কোণে বিজ্ঞানৰ জয়জয়কাৰ। বিজ্ঞানৰ আশীৰ্বাদতে এই বিশ্বৰ বুকুত নিৰ্মাণ কৰা হৈছে ইটোৰ পাছত সিটো নতুন কৌশল, নতুন সৃষ্টি।

author-image
Asomiya Pratidin
New Update
Pan-American highway

Pan-American highway

ডিজিটেল ডেস্ক : বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্ৰুত উন্নয়নে প্ৰায়বোৰ সময়তে মানৱ জাতিক আচৰিত কৰি আহিছে। ন ন উদ্ভাৱনেৰে বিশ্বৰ চুকে- কোণে বিজ্ঞানৰ জয়জয়কাৰ। বিজ্ঞানৰ আশীৰ্বাদতে এই বিশ্বৰ বুকুত নিৰ্মাণ কৰা হৈছে ইটোৰ পাছত সিটো নতুন কৌশল, নতুন সৃষ্টি।

ইয়াৰ মাজতে জানি আচৰিত হ’ব যে বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায়ত নিৰ্মিত পান-আমেৰিকান ৰাষ্ট্ৰীয় ঘাইপথৰ কেইবাটাও উল্লেখযোগ্য দিশ। এই ঘাইপথটো ১৪ খন দেশৰ মাজেৰে পাৰ হৈ গৈছে। উত্তৰ আমেৰিকাৰ প্ৰধান দেশ যেনে- মেক্সিকো, গুৱেটামালা, এল ছালভাডৰ, হণ্ডুৰাছ, নিকাৰাগুয়া, কোষ্টা ৰিকা আৰু পানামাৰ মাজেৰে পাৰ হৈ গৈছে ৰাষ্ট্ৰীয় ঘাইপথটো।

ইয়াৰ উপৰি ই দক্ষিণ আমেৰিকাৰ দেশ যেনে- কলম্বিয়া, ইকুৱেডৰ, পেৰু, চিলি আৰু আৰ্জেণ্টিনাৰ মাজেৰে পাৰ হৈ গৈছে। ই এটা সলসলীয়া ৰাষ্ট্ৰীয় ঘাইপথ। এই ঘাইপথটোৰ নাই কোনো ইউ- টাৰ্ণ। তাৰোপৰি এই ঘাইপথটোৰ ক’তো বিভাজক নাই। 

উল্লেখযোগ্য যে পেন-আমেৰিকান ৰাষ্ট্ৰীয় ঘাইপথটোৱে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত বিশ্বৰ আটাইতকৈ দীঘল মটৰচালিত পথ হিচাপে তালিকাভুক্ত হৈছে। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ৩০,০০০ কিলোমিটাৰ। আনহাতে এই ঘাইপথটো মটৰেৰে অতিক্ৰম কৰিবলৈ সময় লাগে ৬০ দিন।

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে এই ঘাইপথটো নিৰ্মাণ কৰা হৈছিল ১৯২৩ চনত। ইয়াৰ উদ্দেশ্য আছিল- উত্তৰ, মধ্য আৰু দক্ষিণ আমেৰিকাৰ দেশসমূহক সংযোগ কৰা।

america