পেৰিছ অলিম্পিক: ঐতিহাসিক সফলতা অৰ্জনৰ প্ৰয়াস কৰিব মনু ভাকৰে

পেৰিছ অলিম্পিক: ঐতিহাসিক সফলতা অৰ্জনৰ প্ৰয়াস কৰিব মনু ভাকৰে
Published on
Updated on

ডিজিটেল ডেস্কঃ আজি পেৰিছ অলিম্পিকৰ অষ্টম দিন। ভাৰতীয় মহিলা শ্বুটাৰ মনু ভাকৰে আজি তৃতীয়টো পদক লাভৰ লক্ষ্যৰে খেলিব। ইতিমধ্যে দুটা পদক জয় কৰি ইতিহাস গঢ়া মনুৱে মহিলাৰ ২৫ মিটাৰ পিষ্টল শাখাৰ ফাইনেল ৰাউণ্ডত প্ৰৱেশ কৰি আৰু এটা পদক জয়ৰ দিশে অগ্ৰসৰ হৈছে। শনিবৰাে দিনৰ ১ বজাত মনুৱে ফাইনেলত অৱতীর্ণ হৈ ঐতিহাসিক সফলতা অৰ্জনৰ প্ৰয়াস কৰিব।

উল্লেখযোগ্য যে পেৰিছ অলিম্পিকত দেশক প্রথমটো পদক দিয়া মনুৱে ইতিমধ্যে ১০ মিটাৰ পিষ্টল শাখাত একক আৰু মিক্সড ডাবলছত ব্ৰঞ্জৰ পদক লাভ কৰি এখন অলিম্পিকতে দুটাকৈ পদক জয় কৰা প্ৰথম ভাৰতীয় ক্রীড়াবিদ হোৱাৰ গৌৰৱ অৰ্জন কৰিছে।

আনহাতে আজিয়েই ভাৰতীয় শ্বুটিং দলৰ সদস্য অনন্তজিৎ সিং নাৰুকা, মহেশ্বৰী চৌহান আৰু ৰাইজা ধিলনে পুৰুষ আৰু মহিলাৰ স্কিট প্রতিযোগিতাৰ যোগ্যতা নির্ণায়ক খেলত অৱতীর্ণ হ'ব। দিনৰ চাৰে ১২ বজাত আৰম্ভ হ'বলগা এই প্রতিযোগিতাৰ পদকৰ খেলো আজিয়েই অনুষ্ঠিত হ'ব।

ইফালে মহিলাৰ একক শাখাৰ আৰ্চাৰীত আজি ভাৰতৰ দীপিকা কুমাৰী আৰু ভজন কৌৰে প্রি- কোৱাৰ্টাৰ ফাইনেলত অৱতীর্ণ হ'ব। দিনৰ ১ বাজি ৫২ মিনিটৰ পৰা দুয়োখন খেল অনুষ্ঠিত হ'ব। আৰ্চাৰীৰ তিনিওটা পদকৰ খেলো আজিয়েই অনুষ্ঠিত হ'ব। পদক জয়ৰ বাবে দুই ভাৰতীয় মহিলা আর্চাৰে তিনিখন নকআউট মেচত জয়লাভ কৰিব লাগিব।

উল্লেখযোগ্য যে আৰ্চাৰীত শুকুৰবাৰে নিশা ভাৰতৰ ধীৰাজ আৰু অংকিতাৰ যুটীয়ে মিক্সড বিকার্ভ শাখাৰ ব্ৰঞ্জৰ পদকৰ খেলত আমেৰিকাৰ বিৰুদ্ধে ৬-২ ব্যৱধানত পৰাস্ত হয় যদিও ভাৰতৰ প্ৰথম আৰ্চাৰী খেলুৱৈ হিচাপে পদক নির্ণায়ক খেলত অংশ লৈ অভিলেখ গঢ়ে।

ইফালে শনিবাৰে নিশা ১২ বাজি ১৮ মিনিটত ভাৰতৰ বক্সাৰ নিশান্ত দেৱে পুৰুষৰ ৭১ কিলোগ্রাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত মেক্সিকোৰ মার্ক' বেৰ্ডেৰ বিৰুদ্ধে অৱতীর্ণ হব। এই খেলখনত জয়লাভ কৰিলেই বীজেন্দৰ সিঙৰ পাছত দ্বিতীয় গৰাকী ভাৰতীয় পুৰুষ বক্সাৰ হিচাপে নিশান্তে পদক জয় কৰিবলৈ সমৰ্থ হ'ব।

আনহাতে শনিবৰাে নিশা ইতিহাস ৰচি ভাৰতৰ প্ৰথম পুৰুষ শ্বাটলাৰ হিচাপে লক্ষ্য সেনে অলিম্পিকৰ বেডমিন্টনৰ ছেমি ফাইনেলত প্রৱেশ কৰিবলৈ সমর্থ হয়। কোৱাৰ্টাৰ ফাইনেলত লক্ষ্যই চীনা টাইপেৰ ছু টিয়ান চেনৰ বিৰুদ্ধে প্ৰথমটো ছেট ১৯-২১ৰ ব্যৱধানত হেৰুৱাই যদিও পৰৱৰ্তী ছেট দুটা ২১-১৫ আৰু ২১-১২ৰ ব্যৱধানত দখল কৰে।

ইপিনে ভাৰতীয় পুৰুষ হকী দলে শনিবাৰে নিশা বৃহৎ সফলতা লাভ কৰি ৫২ বছৰ পাছত অলিম্পিকত অষ্ট্ৰেলিয়াক ৩-২ গলৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সমর্থ হয়। ইতিমধ্যে ভাৰতে কোৱাটাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। আনহাতে এথলেটিকচত শনিবাৰে শ্বটপুটত তেজিন্দৰ পাল সিং টুৰ আৰু অংকিতা ধ্যানিয়ে অংশ লৈছিল যদিও ফাইনেলত প্রৱেশত ব্যর্থ হয়।

পেৰিছ অলিম্পিক: ঐতিহাসিক সফলতা অৰ্জনৰ প্ৰয়াস কৰিব মনু ভাকৰে
আজি জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্প ভূমিপূজনঃ উপস্থিত থাকিব টাটা ছনছৰ অধ্যক্ষ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in