সুখবৰ: পেৰিছ অলিম্পিকৰ ভাৰতীয় দলক বিচিচিআইৰ ৮কোটি ৫০লাখ টকা...

সুখবৰ: পেৰিছ অলিম্পিকৰ ভাৰতীয় দলক বিচিচিআইৰ ৮কোটি ৫০লাখ টকা...
Published on
Updated on

ডিজিটেল ডেস্কঃ পেৰিছ অলিম্পিকলৈ মাজত মাথো ৩দিন থাকোতেই অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দললৈ আহিল ভাল খবৰ। পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় খেলুৱৈসকলক আর্থিক সহায়ৰ বাবে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ বোর্ড, বি চি চি আইৰ সচিব জয় শ্বাহে ভাৰতীয় অলিম্পিক সংস্থাক ৮ কোটি ৫০ লাখ টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। কেন্দ্রীয় যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্রী ড০ মনসুখ মন্দাভিয়াই এই আর্থিক সাহায্যৰ বাবে বি চি চি আইক ধন্যবাদ জ্ঞাপন কৰিছে। 

উল্লেখযোগ্য যে ২৬জুলাইৰ পৰা ১১আগষ্টলৈ অনুষ্ঠিত হ'ব ২০২৪ বৰ্ষৰ পেৰিছ অলিম্পিক। ফ্ৰান্সৰ ৰাজধানীত আৰম্ভ হ'বলগীয়া পেৰিছ অলিম্পিকত এইবাৰ ১১৭ গৰাকী ভাৰতীয় খেলুৱৈয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। মুঠ ৪৭গৰাকী মহিলা আৰু ৭০জন পুৰুষ খেলুৱৈয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিব৷

পেৰিছ অলিম্পিকত হাৰিয়ানাৰ ২৫ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব ৷ পঞ্জাৱৰ ১৮ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। আগন্তুক পেৰিছ অলিম্পিকত তামিলনাডুৰ ১২ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰাৰ লগতে ১৪০ গৰাকী সহায়কাৰী সদস্য পেৰিছ অলিম্পিকত উপস্থিত থাকিব।

ইয়াৰোপৰি পেৰিছ অলিম্পিকত দ্বিতীয়বাৰলৈ অংশগ্ৰহণ কৰিব অসম কন্যা লাভলিনা বৰগোহাঁয়ে। যোৱাবছৰত ব্ৰঞ্জ পদক অৰ্জন কৰাৰ পাছত এইবাৰ সোনৰ পদক অৰ্জনৰ আশাৰে পেৰিছলৈ উৰা মাৰিছে লাভলিনাই। উল্লেখযোগ্য ভাৰতীয় বক্সিং দলটোত আছে আন এগৰাকী অসমীয়া কন্যা। তেওঁ হৈছে প্ৰণামিকা বৰা। এগৰাকী প্ৰতিষ্ঠিত প্ৰশিক্ষক তথা ৰাষ্ট্ৰীয় মহিলা দলৰ প্ৰশিক্ষক পেনেলৰ অন্যতম সদস্য প্ৰণামিকা।

প্ৰণিধানযোগ্য যে আন্ত:ৰাষ্ট্ৰীয় অলিম্পিক কমিটী'ৰ পৰা 'পেৰিছ অলিম্পিক গেমছ-২০২৪'ৰ বাতৰি পৰিৱেশন কৰিবৰ বাবে প্ৰত্যক্ষ স্বীকৃতি লাভ কৰিছে জ্যেষ্ঠ ক্ৰীড়া তথা ফটো সাংবাদিক গুৱাহাটীৰ সন্তান গীতিকা তালুকদাৰে। ইয়াৰোপৰি পেৰিছ অলিম্পিকলৈ যোৱাৰ সুযোগ লাভ কৰিছে অসমৰ বিশিষ্ট ফটো সাংবাদিক ঋতু ৰাজ কোঁৱৰে। দেশৰ আগশাৰীৰ সংবাদগোষ্ঠী ড্যা হিন্দু গ্ৰুপে পেৰিছ অলিম্পিকত বাতৰি পৰিৱেশন কৰিবলৈ ঋতু ৰাজ কোঁৱৰক নিযুক্তি দিছে।

সুখবৰ: পেৰিছ অলিম্পিকৰ ভাৰতীয় দলক বিচিচিআইৰ ৮কোটি ৫০লাখ টকা...
মই সদায় ১ নম্বৰত থাকিব বিচাৰোঃ সমস্যাই জুৰুলা কৰা হাৰ্দিকে হাঁহি হাঁহি কিয় ক'লে এনেকৈ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in