ডিজিটেল ডেস্কঃ সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হ'ব অহা ২৫নৱেম্বৰৰ পৰা। এই কথা শেহতীয়াকৈ ঘোষণা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজেজুৱে। ২৫নৱেম্বৰৰ পৰা আৰম্ভ হোৱা এই অধিৱেশন ২০ডিচেম্বৰত অন্ত পৰিব।
উল্লেখ কৰা প্ৰয়োজন যে, এইবাৰৰ অধিৱেশনত অন্যান্য বিভিন্ন প্ৰসংগৰ লগতে এক দেশ, এক নিৰ্বাচনৰ বিষয়টোত বিশদভাৱে আলোচনা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। দুয়োখন সদনতে এই বিষয়টোক লৈ শাসক-বিৰোধীৰ তীব্ৰ বাক-বিতণ্ডা হোৱাৰ সম্ভাৱনা নথকা নহয়।
শীতকালীন অধিৱেশন আৰম্ভ হোৱাৰ কথা ঘোষণা কৰি কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেন ৰিজেজুৱে টুইটাৰত লিখে যে, Hon’ble President, on the recommendation of Government of India, has approved the proposal for summoning of both the Houses of Parliament for the Winter Session, 2024 from 25th November to 20th December, 2024 (subject to exigencies of parliamentary business). On 26th November, 2024 (Constitution Day), 75th Anniversary of the adoption of Constitution, the event would be celebrated in the Central Hall of Samvidhan Sadan.