পাটাছাৰকুছিৰ চৰকাৰী কাৰ্যালয়- শিক্ষানুষ্ঠানত অসমীয়া ভাষা প্ৰয়োগৰ দাবী

পাটাছাৰকুছিৰ চৰকাৰী কাৰ্যালয়- শিক্ষানুষ্ঠানত অসমীয়া ভাষা প্ৰয়োগৰ দাবী
Published on
Updated on

ডিজিটেল সংবাদ, পাটাছাৰকুছি: মঙলবাৰে অসম সাহিত্য সভাৰ অধীনষ্ঠ পাটাছাৰকুছি শাখা সাহিত্য সভা (শতদল)ৰ উদ্যোগত শাখাৰ অন্যতম উপ-সমিতি ৰাজ্যভাষা-মাতৃভাষা প্ৰয়োগ উপ-সমিতিয়ে পাটাছাৰকুছিস্থ সকলো চৰকাৰী কাৰ্যালয় আৰু শিক্ষানুষ্ঠানত কাৰ্যালয় সম্পৰ্কীয় কাম-কাজত ১০০ শতাংশ চৰকাৰী ভাষা অসমীয়া প্ৰয়োগৰ বাবে দাবী জনাই একোখনকৈ দাবীপত্ৰ প্ৰেৰণ কৰে। পাটাছাৰকুছি শাখা সাহিত্য সভা ( শতদল )ৰ সভাপতি দিলীপ কুমাৰ ৰয়ৰ নেতৃত্বত তেওঁৰ লগতে শাখাৰ ভাৰপ্ৰাপ্ত সম্পাদক কিশোৰ শৰ্মা , শাখাৰ ৰাজ্যভাষা-মাতৃভাষা প্ৰয়োগ উপ-সমিতিৰ কাৰ্যকৰী সভাপতি ভবেশ গোস্বামী আৰু আহ্বায়ক নিতুল শৰ্মা স্বাক্ষৰিত দাবী পত্ৰত অসমত চৰকাৰী ভাষা অসমীয়া প্ৰয়োগৰ ক্ষেত্ৰত অসম সাহিত্য সভাই কিদৰে ১৯৫০ চনৰে পৰা দাবী জনাই আহিছে তাৰ ইতিহাসৰ উদ্ধৃতিৰে বিস্তৃত বিৱৰণ দাঙি ধৰা হৈছে ।

পাটাছাৰকুছিস্থ বজালী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, পাটাছাৰকুছি উপ-পঞ্জীয়ক , পাটাছাৰকুছি আৰক্ষী থানা, জলসিঞ্চন বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় , নিৰ্মল হালৈ মহাবিদ্যালয় , বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় , পাটাছাৰকুছি পৌৰসভা , পাটাছাৰকুছি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয় , পাটাছাৰকুছি হাইস্কুল আদি কাৰ্যালয় আৰু শিক্ষানুষ্ঠানত প্ৰদান কৰা দাবীপত্ৰত প্ৰসংগক্ৰমে ইয়াকো উল্লেখ কৰা হৈছে যে ভাৰতৰ স্বাধীনতাৰ পিছত ১৯৫২ চনৰ পৰা অসমত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি আৰু অসমৰ শৈক্ষিক প্ৰতিষ্ঠান শিক্ষণৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰাৰ বাবে এক আন্দোলনৰ সূচনা হৈছিল। তাৰো আগতেই ১৯৫০ চনত অসম সাহিত্য সভাই অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ দাবীৰে প্ৰস্তাৱ গ্ৰহণ কৰিছিল। ভাৰতৰ সংবিধানৰ অষ্টম অনুসূচীত অসমীয়া ভাষা অন্তৰ্ভুক্তি আৰু ভাষিক বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি ভাৰতৰ ’ৰাজ্য পুনৰ গঠন আইন - ১৯৫৬ ' বলৱৎ হোৱাত এই আন্দোলন অধিক তীব্ৰতৰ হয়। ভাষাৰ ওপৰত ভিত্তি কৰি ৰাজ্য গঠন হোৱা দেখি তেতিয়া অসম সাহিত্য সভাই পুনৰ সৰব হৈ অসমীয়া ভাষাক অসমৰ একমাত্ৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিবলৈ দাবী জনায় ।

১৯৫৯ চনৰ এপ্ৰিল মাহত অসম সাহিত্য সভাই অসমত অসমীয়াক একমাত্ৰ চৰকাৰী ভাষা হিচাপে মান্যতা দিয়াৰ দাবীত গ্ৰহণ কৰা প্ৰস্তাৱত তাৎক্ষণিক ৰাজনৈতিক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল যদিও সেই চনৰে ৯ চেপ্তেম্বৰৰ দিনটোত অসম সাহিত্য সভাই ৰাজ্যভাষা দিৱস হিচাপে পালন কৰে। সেই সময়তে তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে গুৱাহাটী বিশ্ববিদ্যালয় ভ্ৰমণ কৰোঁতে বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলে অসমীয়াক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ দাবী জনায় । ছাত্ৰ সংগঠনবোৰে ইয়াৰ সমৰ্থনত সমদল, ধৰ্মঘট, সভা আদি অনুষ্ঠিত কৰে । এনে এক পৰিস্থিতিত ১৯৬০ চনৰ বিধান সভাৰ বাজেট অধিবেশনত বিভিন্ন ৰাজনৈতিক দলৰ বহুতো বিধায়কে বিধান সভাত বিষয়টো উত্থাপন কৰে আৰু গৰিষ্ঠ সংখ্যকে ইয়াক সমৰ্থন জনায় । ১৯৬০ চনত এই দাবীৰ সমৰ্থনত আৰু বিৰোধত সমগ্ৰ অসম অশান্ত হৈ উঠে । বিমলা প্ৰসাদ চলিহা নেতৃত্বাধীন অসম চৰকাৰে ১৯৬০ চনৰ ১০ অক্টোবৰত বিধান সভাত অসম চৰকাৰী ভাষা বিধেয়ক, ১৯৬০ দাখিল কৰে । বিধেয়কখন ২৪ অক্টোবৰত বিধানসভাত গৃহীত হয় আৰু ৰাজ্যপালে স্বাক্ষৰ কৰাৰ পিছত ই আইনত পৰিণত হয় । অসম চৰকাৰী ভাষা আইন, ১৯৬০-ৰ ৩য় দফাত উল্লেখ কৰা হয় যে ভাৰতীয় সংবিধানৰ ৩৪৬ আৰু ৩৪৭ অনুচ্ছেদৰ আধাৰত অসমৰ চৰকাৰী কামকাজত অসমীয়া ভাষা ব্যৱহাৰ কৰা হ’ব ।

সকলো অধ্যাদেশ, ৰাজ্যিক বিধান সভাত গৃহীত সকলো আইন, বিধান সভাত সংশোধনীৰ বাবে দাখিল কৰা সকলো বিধেয়ক, ৰাজ্য চৰকাৰে জাৰি কৰা সকলো আদেশ, প্ৰবিধান, বিধি আৰু উপবিধি, লগতে সংসদে তৈয়াৰ কৰা আইন- ৰাজপত্ৰত অসমীয়া ভাষাত প্ৰকাশ কৰা হ’ব । কিন্তু উক্ত আইনৰ ৫ম দফা অনুসৰি বঙালী অধ্যুষিত অবিভক্ত কাছাৰ জিলাত (বৰ্তমানৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি) বঙালী ভাষাক প্ৰশাসনীয় আৰু চৰকাৰী কামকাজত ব্যৱহাৰ কৰা হ’ব। এনে এক পৰিপ্ৰেক্ষিতত অসমত অসমীয়া ভাষাই চৰকাৰী ভাষা হিচাপে স্বীকৃতি পায় ।

পাটাছাৰকুছি শাখা সাহিত্য সভা ( শতদল )ৰ সভাপতি দিলীপ কুমাৰ ৰয় , ভাৰপ্ৰাপ্ত সম্পাদক কিশোৰ শৰ্মা , শাখাৰ ৰাজ্যভাষা-মাতৃভাষা প্ৰয়োগ উপ-সমিতিৰ কাৰ্যকৰী সভাপতি ভবেশ গোস্বামী , শাখাৰ উপ-সভাপতি হিতেশ চন্দ্ৰ গোস্বামী , পত্ৰিকা সম্পাদক আমিনুল হক , কাৰ্যনিৰ্বাহক সদস্য ক্ৰমে হেমন্ত কুমাৰ শৰ্মা , নৱকান্ত কলিতা উপস্থিত থাকি প্ৰদান কৰা দাবীপত্ৰত ইয়াকো উল্লেখ কৰা হৈছে যে চৰকাৰী ভাষা প্ৰয়োগৰ দাবীত চলা এই আন্দোলনত বহুতো ছাত্ৰ-ছাত্ৰীয়ে যোগদান কৰিছিল আৰু পৰিণতিত ১৯৬০ চনৰ ৪ জুলাইৰ দিনা ৰঞ্জিত বৰপূজাৰী কটন কলেজৰ নিজ হোষ্টেলৰ ১১৩ নম্বৰ ৰুমৰ সন্মুখতে পুলিচৰ নিৰ্বিচাৰ গুলীত মৃত্যু বৰণ কৰি শ্বহীদ হৈছিল আৰু তেওঁৰ লগতে বহুতে এই আন্দোলনত শ্বহীদ হৈছিল । ফলশ্ৰুতিত অসম চৰকাৰী ভাষা আইন, ১৯৬০ প্ৰণয়ন কৰা হৈছিল আৰু অসমীয়া ভাষাই অসমৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি লাভ কৰিছিল যিটো আছিল অসমীয়া ভাষাৰ কাৰণে সোণালী ক্ষণ ।

পাটাছাৰকুছিৰ চৰকাৰী কাৰ্যালয়- শিক্ষানুষ্ঠানত অসমীয়া ভাষা প্ৰয়োগৰ দাবী
গুৱাহাটী বিশ্ববিদ্যালয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত অন্তৰ্ভুক্তিৰ কাৰ্য্যক্ৰমৰ শুভাৰম্ভ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in