ৰামদেৱৰ পতঞ্জলি ফুড লিমিটেডে অসমত বজুন পৰিমাণৰ কৃষিভূমিত তৈল পাম বাগিচা আৰম্ভ কৰিবলৈ লৈছে। ২০২৬ৰ ভিতৰত ৬০,৩০০ হেক্টৰ ভূমিত এই বাগিচা খোলাৰ লক্ষ্য লৈছে প্ৰতিষ্ঠানটোৱে। লক্ষ্যণীয় যে বিশ্বৰ বহুকেইখন উন্নত আৰু উন্নয়নশীল দেশে পাম খেতি কৰাৰ বিৰত আছে। তেনে সময়তে অসমত তৈল পাম বাগিচা খুলিবলৈ লোৱা কাৰ্য অসমৰ বাবে অশনি সংকেত কঢ়িয়াই আনিব। এই সন্দৰ্ভতে বিশিষ্ট সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীৰ এই লেখা 'মোৰ মত' শিতানত আগবঢ়োৱা হ'ল।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পতঞ্জলি ফুড লিমিটেডৰ স্বত্বাধিকাৰী ৰামদেৱৰ সৈতে বিগত বৰ্ষত তিনিচুকীয়াৰ চৈখোৱাঘাটত কৃষি অৰ্থনীতিৰ প্ৰসাৰৰ বাবে তৈলপামৰ পুলি ৰোপণৰ বাবে ভূমি আৱণ্টন দিয়ে।
উল্লেখযোগ্য যে ৰাজ্যত ৩.৭৫ লাখ হেক্টৰ মাটিত তৈল পাম খেতিৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ বিপৰীতে পতঞ্জলি ফুড লিমিটেডে ২০২৬ চনৰ ভিতৰত ৬০,৩০০ হেক্টৰ বাগিচাৰ লক্ষ্য নিৰ্ধাৰণ কৰি তৈল পাম বাগিচাক প্ৰসাৰিত কৰাৰ লক্ষ্য লৈছে। ই অসমৰ বাবে এক ভয়াৱহ হ’ব। কিয়নো পাম খেতি বিশ্বৰ বহুকেইখন উন্নত আৰু উন্নয়নশীল দেশে পাম খেতি কৰাৰ বিৰত আছে।
সেই সময়ত মুখ্যমন্ত্ৰী ড০ শৰ্মাই পাম খেতিৰ সম্পৰ্কত মন্তব্য প্ৰকাশ কৰি কৈছিল যে, তৈল পাম বাগিচাৰ জৰিয়তে কৃষি অৰ্থনীতিত বৈপ্লৱিক পৰিৱৰ্তন আনিব। তেওঁ আৰু লগতে কয় যে তেলৰ বাগিচাৰ প্ৰসাৰৰ বাবে ধাৰাবাহিক পদক্ষেপৰ অংশ হিচাপে খাদ্যভিত্তিক কোম্পানী পতঞ্জলি ফুড লিমিটেডে (পিএফএল) ২০২৬ চনৰ ভিতৰত ৬০,৩০০ হেক্টৰ বাগিচাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।
লগতে ডিব্ৰুগড়, তিনিচুকীয়া, গোলাঘাট, যোৰহাট, নগাঁও, কামৰূপ, কামৰূপ (মেট্ৰ') আৰু গোৱালপাৰাৰ ৭খন জিলাত পতঞ্জলি ফুড লিমিটেডে তৈলপামৰ বাগিচা উন্নয়ন কৰিব বুলিও তেওঁ কয়। কৃষকসকলক গুণগত বীজ যোগান ধৰাৰ সুবিধাৰ বাবে আগন্তুক বছৰৰ ভিতৰত পিএফএলে ১৬খন নাৰ্চাৰী স্থাপন কৰাৰ পৰিকল্পনা কৰিছে।
পিএফএলে এইবাৰ ৭খন জিলাত ১২টা তৈলপামৰ শোধনাগাৰ স্থাপন কৰিব আৰু অহা বছৰৰ ভিতৰত আৰু চাৰিটা শোধনাগাৰ স্থাপন কৰিব। তদুপৰি ধিং আৰু নগাঁৱত পতঞ্জলি ফুড লিমিটেডে তেলপাম প্ৰক্ৰিয়াকৰণ কাৰখানা স্থাপন কৰিব।
মন কৰিবলগীয়া যে, বিভিন্ন ৰাষ্ট্ৰত ভয়াৱহ মৰুভূমি ঘটোৱা পাম খেতি নিষিদ্ধ কৰাৰ সময়তে অসমত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰামদেৱক পাম খেতি কৰিবৰ বাবে যি ৰঙা দলিচা পাৰি দিছে সেয়াই অনাগত দিনত অসম মৰিশালিত পৰিণত হ’ব।
উল্লেখ্য যোগ্য যে, পাম খেতিৰ দ্ৰুত সম্প্ৰসাৰণৰ ফলত ইণ্ডোনেছিয়া আৰু মালয়েছিয়াৰ গ্রীষ্মমণ্ডলীয় বৰ্ষাৰণ্যৰ বিশাল অঞ্চল ধ্বংস হৈছে, যাৰ ফলত কাৰ্বন ডাই অক্সাইডৰ নিৰ্গমন বৃদ্ধি পাইছে আৰু বহুতো বিপন্ন প্ৰজাতি উদ্ভিদ আৰু বনপ্ৰাণীৰ বাসস্থান ধ্বংস হৈছে। বিশ্ব বন্যপ্ৰাণী নিধি (WWF)ৰ তথ্য অনুসৰি যোৱা তিনিটা দশকত গ্রীষ্মমণ্ডলীয় বন প্রজাতিৰ সূচকাংক ২৫ শতাংশলৈ হ্ৰাস পাইছে।
বিশ্বজুৰি বিংশ শতিকাৰ শেষৰ ২০ বছৰত ৩০ কোটি হেক্টৰ গ্রীষ্মমণ্ডলীয় বনাঞ্চল ধ্বংসৰ গৰাহত পৰিছে। ২০১৫ চনৰ পৰা ২০২০ চনৰ ভিতৰত বনাঞ্চল ধ্বংসৰ হাৰ বছৰি এক কোটি হেক্টৰ বুলি অনুমান কৰা হৈছে। কেইবাটাও গৱেষণামূলক অধ্যয়নত প্ৰকাশ পাইছে যে বিশ্বৰ বেছিভাগ বনাঞ্চল ধ্বংসৰ অন্যতম কাৰণ এই পাম তেল বাগিচাসমূহ।
আফ্ৰিকাৰ স্থানীয় আৰু ঔপনিৱেশিক কালত দক্ষিণ-পূব এছিয়ালৈ অনা এই পাম তেল বাগিচাসমূহে এতিয়া মালয়েছিয়া আৰু ইণ্ডোনেছিয়াৰ বিশাল অঞ্চল সামৰি লৈছে। দুয়োখন দেশে মিলি বিশ্বৰ ৮৫ শতাংশতকৈ অধিক পাম তেল উৎপাদন কৰে।
বহু আগৰ পৰাই পাম অইল ব্যৱহাৰ কৰি আহিছে। আফ্ৰিকাত প্ৰাচীন কালৰ পৰা পাম অইল ৰন্ধন তেল হিচাপে ব্যৱহাৰ কৰা হয়। ইউৰোপীয় ব্যৱসায়ীসকলে আফ্ৰিকাৰ পৰা পাম তেল কঢ়িয়াই নিজৰ দেশলৈ ঘূৰাই লৈ গৈছিল।
ইংৰাজে ঔদ্যোগিক বিপ্লৱৰ সময়ত পাম অইলক উদ্যোগিক লুব্ৰিকেণ্ট হিচাপে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। ১৮৭০ চনৰ ভিতৰত পাম তেল পশ্চিম আফ্ৰিকাৰ বহু দেশৰ প্ৰধান ৰপ্তানি সামগ্ৰী হৈ পৰে। আফ্ৰিকাত পাম তেল উৎপাদনৰ উৎপত্তিস্থল বেনিন বুলি বিশ্বাস কৰা হয়।
১৯৬০ চনত কলম্বিয়াই পাম তেল উৎপাদন আৰম্ভ কৰি আমেৰিকাৰ সৰ্বাধিক উৎপাদনকাৰী দেশ হিচাপে পৰিগণিত হয়। ১৯৯৪ চনৰ পৰা ২০০৪ চনৰ ভিতৰত ইণ্ডোনেছিয়াই ৪০০ শতাংশ উৎপাদন বৃদ্ধি কৰে। বৰ্তমান মালয়েছিয়াত বছৰি ১ কোটি ৯০ লাখ টন পাম তেল উৎপাদন হয়।
আনহাতে ইণ্ডোনেছিয়াই ৪.৩ কোটি টন পাম তেল উৎপাদন কৰে। নাইজেৰিয়া বিশ্বৰ তৃতীয় বৃহত্তম পাম অইল উৎপাদনকাৰী দেশ। ২০০৬ চনত বিশ্বজুৰি পাম তেলৰ উৎপাদন ৬.৩ কোটি টন বুলি অনুমান কৰা হৈছিল।
২০১৮ চনত এই সংখ্যা ৭৪ নিযুত টনলৈ বৃদ্ধি পাইছিল। চকলেটৰ পৰা আৰম্ভ কৰি ব্ৰেড, ইনষ্টেণ্ট নুডলছৰ পৰা আৰম্ভ কৰি চেম্পু আৰু বিভিন্ন প্ৰসাধন সামগ্ৰীলৈকে সকলোতে পাম অইল থাকে।
বিশ্বজুৰি প্ৰতিজন ব্যক্তিয়ে প্ৰতি বছৰে গড়ে ৮কিলোগ্ৰাম পাম অইল সেৱন কৰে আৰু আমাৰ দৈনন্দিন জীৱনৰ প্ৰায় ৫০ শতাংশ অত্যাৱশ্যকীয় সামগ্ৰীত পাম অইল থাকে। পাম অইল ক্ষতিকাৰক বুলি জনাৰ পিছতো বিশ্ব বিভিন্ন দেশত কোম্পানী সমূহে বিভিন্ন সামগ্ৰীত পাম অইল ব্যৱহাৰ কৰি আহিছে যদিও ইয়াক ধৰা পেলোৱাটো কঠিন। এই সামগ্ৰীসমূহে প্ৰায়ে উপাদানৰ তালিকাত লুকাই চুৰকৈ ছদ্মনামৰে ছদ্মবেশ ল’ব পাৰে।
বিশেষকৈ দক্ষিণ-পূব এছিয়াৰ দেশসমূহত বৰ্ষাৰণ্যৰ বিশাল অংশৰ ঠাইত পাম তেল গছ ৰোপণ কৰা হৈছিল। পশ্চিম আৰু মধ্য আফ্ৰিকাৰ কেইবাখনো দেশত একেধৰণৰ পৰিৱেশ ধ্বংস হোৱা দেখা গৈছে। পাম তেল বাগিচাই থলুৱা উদ্ভিদ আৰু প্ৰাণীক প্ৰাকৃতিক বাসস্থানৰ পৰা বঞ্চিত কৰিছে।
এতিয়া ইণ্ডোনেছিয়াৰ ষষ্ঠ বৃহত্তম দ্বীপ ইণ্ডোনেছিয়াৰ সুমাত্ৰাৰ ১১ শতাংশ অংশ পাম তেলে সামৰি লৈছে। সুমাত্ৰাৰ দৰে ঠাইত এই উদ্যোগৰ বৃদ্ধিয়ে বৰ্ষাৰণ্যৰ কিছুমান বন্যপ্ৰাণী প্ৰজাতিও বিলুপ্তিৰ দিশে ঠেলি দিছে। ইণ্ডোনেছিয়া আৰু মালয়েছিয়াত হাতী, বাঘ, প্ৰব’চিছ বান্দৰ আৰু সুমাত্ৰা গঁড়ৰ দৰে তেলপামৰ বাবে ঠাই সৃষ্টি কৰিবলৈ বহু বিপন্ন বন্যপ্ৰাণীয়ে ঘৰ হেৰুৱাইছে।
এই দুয়োখন দেশতে প্ৰায় ৮০ হাজাৰ সংকটজনকভাৱে বিপন্ন ওৰাংগুটানৰ বাসস্থান আৰু পাম তেল বাগিচাৰ বাবে ইহঁতৰ বাসস্থান অহৰহ বনাঞ্চল ধ্বংসৰ ভাবুকিৰ সন্মুখীন হৈছে। পাপুয়া নিউগিনিৰ বৰ্ষাৰণ্যৰ বিশেষ পৰিৱেশ তন্ত্ৰত বহুতো বিপন্ন উদ্ভিদ, প্ৰাণী আৰু থলুৱা লোকৰ বাসস্থান। এই অঞ্চলত বিশ্বৰ পাঁচ শতাংশ জৈৱ বৈচিত্ৰ্য আছে যদিও পাম খেতিয়ে ইয়ালৈ বিপদ কঢ়িয়াই আনিছে।