ডিজিটেল সংবাদ, পাটাছাৰকুছিঃ বজালী জিলাৰ পাটাছাৰকুছি থানাৰ অন্তৰ্গত বৈৰাগীৰ এগৰাকী বোৱাৰী নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
উল্লেখ্য যে, অঞ্চলটোৰ নিবাসী মিন্টু বড়োৰ পত্নী চন্দনা বড়ো (২০)ই যোৱা ৮ অক্টোবৰৰ পৰা নিৰুদ্দেশ হৈ থকা বুলি স্বামী মিন্টু বড়োই জানিবলৈ দিয়ে।
আনহাতে ঘটনাৰ তদন্তৰ বাবে স্বামী মিন্টু বড়োই বৰমা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।