ডায়েবেটিছ পলাব! নাচপতি যেতিয়া পেটত পৰিব...

ডায়েবেটিছ পলাব! নাচপতি যেতিয়া পেটত পৰিব...
Published on
Updated on

মানুহে প্ৰচুৰ পৰিমাণে চেনি খোৱাৰ বাবে এজন লোক মধুমেহ ৰোগত আক্ৰান্ত হয় এয়া এক মিথ্যা। আচলতে জেনেটিক্স, শাৰীৰিক কাৰ্যকলাপৰ অভাৱ, মানসিক চাপ, অনিয়মীয়া খাদ্যাভ্যাস, মেদবহুলতা আদি হৈছে মধুমেহ ৰোগৰ কিছুমান বিপদজনক কাৰক। মিঠা মধুমেহৰ কাৰণ নহয় অথচ এবিধ সুস্বাদু মিঠা ফল মধুমেহৰ ৰোগীৰ বাবে ৰামবাণ। এই সন্দৰ্ভত চয়নিকা শইকীয়াৰ এক প্ৰতিবেদন...

ৰোগমুক্ত আৰু সুস্বাস্থ্য দুয়োটা শব্দই বেলেগ বেলেগ অৰ্থ বহন কৰে। বৰ্তমান সময়ছোৱাত আপুনি ৰোগমুক্ত হ'ব পাৰে যদিও সুস্বাস্থ্যৰে জীৱন-নিৰ্বাহ কৰাটো কিছু কঠিন। কাৰণ বেমাৰ-আজাৰ নোহোৱাৰ লগতে মানসিক আৰু সামাজিকভাৱে সুস্থ থকাটোৱে সুস্বাস্থ্যক বুজায়। আপুনি ৰোগাক্ৰান্ত হওঁক বা নহওঁক আপোনাৰ পৰিয়ালৰ সদস্য যদি ৰোগাক্ৰান্ত হয় তেন্তে ইয়াৰ প্ৰভাৱ পৰিয়ালৰ অন্য সদস্যৰ ওপৰত পৰাও পৰিলক্ষিত হয়।

বিশেষকৈ ডায়েবেটিছ বা মধুমেহ ৰোগ বৰ্তমান গোটেই বিশ্বতে ব্যাপকভাৱে বৃদ্ধি পাব ধৰিছে। চীনৰ পিচত ভাৰতবৰ্ষ মধুমেহ ৰোগত আক্ৰান্তৰ ক্ষেত্ৰত দ্বিতীয় দেশ ৰূপে পৰিগণিত হৈছে। পৰিয়ালৰ এজন ব্যক্তি মধুমেহ ৰোগত আক্ৰান্ত হোৱা লগে লগে সেই পৰিয়ালটো বিভিন্ন নীতি-নিয়মৰ মাজেৰে চলিবলগীয়া হয়।

সম্পূৰ্ণৰূপে সলনি কৰিবলগীয়া হয় ৰোগীৰ লগতে পৰিয়ালৰ প্ৰতিজন লোকৰ খাদ্যাভাস। মিঠাৰ পৰা শাক-পাচলীলৈ লগতে জীৱন-ধৰানৰ প্ৰণালীও সলনি কৰিব লাগে প্ৰতিজন সদস্যই। মধুমেহৰ ফলত হোৱা সমস্যা সমূহৰ সমাধান নিজা সামৰ্থৰে কৰিব নোৱাৰিলে সেই পৰিয়ালটো লাহে লাহে মানসিক চাপত ভোগা দেখা যায়।

কিন্তু এই সকলো সমস্যাৰ পৰা আপুনি মুক্ত হৈ চলিব পাৰে। সলনি কৰক আপোনাৰ খাদ্যাভাস। খাদ্য তালিকাত অন্তৰ্ভুক্ত হৈ থকা পেকেজিং খাদ্য সামগ্ৰী আঁতৰাই অন্তৰ্ভুক্ত কৰক কিছুমান সহজসভ্য ফল-মূল। ইয়াৰ অন্যতম হৈছে - "নাচপতি"

নাচপতিত ভিটামিন চি, ভিটামিন বি-কমপ্লেক্স, ভিটামিন কে, পটাছিয়াম, ফোলেট, ফাইবাৰ, তাম, মেঙ্গানিজ, মেগনেছিয়াম আৰু জৈৱিক যৌগৰ লগতে যথেষ্ট পৰিমাণে আঁহ থাকে। ইয়াত পেকটিনৰ ৰূপত আঁহ থাকে, যি কলেষ্টেৰল হ্ৰাস কৰে।নাচপতিয়ে হৃদযন্ত্ৰও স্বাস্থ্যৱান কৰি ৰাখে আৰু ওজন হ্ৰাস কৰাত সহায় কৰে।

উল্লেখযোগ্য যে, নাচপতি সেৱনে মধুমেহ ৰোগৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে। বিশেষকৈ ৰঙা ৰঙৰ নাচপতি মধুমেহ ৰোগীৰ বাবে অতি উপকাৰী। এটা অধ্যয়নত দেখা গৈছে যে ৰঙা নাচপতিৰ দৰে এন্থ’চাইনিন সমৃদ্ধ ফল দৈনিক খালে টাইপ ২ ডায়েবেটিছৰ সম্ভাৱনা ২৩% হ্ৰাস পাব পাৰে।

নাচপতিত থকা আঁহে হজম শক্তি লেহেমীয়া কৰে,যাৰ ফলত আপোনাৰ শৰীৰে কাৰ্বহাইড্ৰেটখিনি ভালদৰে শোষণ কৰিবলৈ অধিক সময় পায়। ইয়াৰ দ্বাৰা তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ হয়। সেয়ে নাচপতিক মধুমেহ ৰোগীৰ বাবে ৰামবাণ বুলি কোৱা হয়।

ইয়াৰোপৰি শৰীৰত যদি আইৰণৰ অভাৱ হয়, তেন্তে নাচপতি খোৱাটো খুবেই দৰকাৰী। নাচপতিত যথেষ্ট পৰিমাণে আইৰণ থাকে।যিয়ে হিমোগ্লোবিনৰ স্তৰ উন্নত কৰে।

এইবিধ ফলত এনে বহু উপাদান পোৱা যায় যিয়ে বেয়া কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰে। শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি হ’লে হৃদৰোগৰ আশংকা বৃদ্ধি হয়।

নাচপতিত যথেষ্ট পৰিমাণে কেলচিয়াম থাকে, যিয়ে হাড়ৰ স্বাস্থ্য উন্নত কৰে। ই হাড়ৰ সৈতে সম্পৰ্কিত সমস্যাবোৰো আঁতৰ কৰে। ইয়াত বোৰন নামৰ ৰাসায়নিক উপাদান থাকে, যি কেলচিয়ামৰ স্তৰ উন্নত কৰি ৰাখে।

যদি আপোনাৰ পাচনতন্ত্ৰ সঠিক নহয়, তেন্তে স্বাস্থ্যৰ সন্দৰ্ভত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ নাচপতিত থকা দ্ৰৱণীয় আৰু অদ্ৰৱণীয় আঁহে হজম শক্তি উন্নত কৰে, যাৰ ফলত কোষ্ঠকাঠিন্য, গেছ, বদহজম আৰু এচিডিটিৰ দৰে সমস্যাৰ সৃষ্টি নহয় ৷

নাচপতিত ভিটামিন চি আৰু এণ্টি অক্সিডেন্ট পোৱা যায় যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে ৷ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিলে ভাইৰাছৰ সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস পায়, যাৰ বাবে পৰিৱৰ্তিত বতৰত চৰ্দি-কাহ আৰু কফ দূৰ হয় ৷

ডায়েবেটিছ পলাব! নাচপতি যেতিয়া পেটত পৰিব...
বিশ্ব দৰবাৰত জিলিকিব ঐতিহাসিক চৰাইদেউ মৈদাম!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in