ডিজিটেল সংবাদ,নগাঁওঃ দেশৰ গৃহ মন্ত্ৰালয়ে নিষিদ্ধ ঘোষণা কৰা দুই সংগঠন পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া আৰু কেম্পাচ ফ্ৰন্ট অৱ ইণ্ডিয়াই নগাঁও জিলাটো কাম কাজ চলাই আছিল ৷ দুয়োটা সংগঠনে জিলাখনত কাম কাজ চলাই থকাৰ নিশ্চিত তথ্য লাভ কৰিছে আৰক্ষীয়ে ৷ জিলাখনৰ চামগুৰি আৰু ৰূপহীৰ পৰা দুয়োটা সংগঠনে কাম কাজ চলাই আহিছিল ৷
পি এফ আইৰ নগাঁও জিলা সমিতিৰ মুখ্য কাৰ্যালয় চামগুৰিত ৷ চামগুৰিৰ পুথিখাইটি কাৱৈমাৰীত কাৰ্যালয় স্থাপন কৰি সংগঠনটোৱে কাম কাজ চলাই আছিল ৷ সংগঠনটোৰ স্বয়ম্ভূ সভাপতি ৰহমত উল্লাহ কাচিমীয়ে নিজৰ ঘৰতে কাৰ্যালয় স্থাপন কৰি পি এফ আইৰ সাংগাঠনিক কাম কাজ আন সতীৰ্থৰে মিলি চলাই গৈছিল ৷
উল্লেখ্য যে পি এফ আইৰ জিলা সভাপতি ৰহমত উল্লাহ কিছুদিন পূৰ্বে আৰক্ষীৰ জালত পৰিছিল ৷ ৰহমতক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নিয়াৰ হাতত গতাই দিছিল ৷ পি এফ আইৰ জিলা সম্পাদকৰ দায়িত্ব আছে আব্দুল আজিজ ৷
অন্যহাতে কেম্পাচ ফ্ৰন্ট অৱ ইণ্ডিয়া নামৰ সংগঠনটোৰ ৰূপহীৰ পৰা কাম কাজ চলাই থকা বুলি জানিব পৰা গৈছে ৷ কেম্পাচ ফ্ৰন্ট অৱ ইণ্ডিয়া চমুকৈ চি এফ আই নগাঁও জিলা সমিতিৰ স্বয়ম্ভূ সভাপতি জনৰ নাম হৈছে দিলদাৰ হুছেইন ৷
সংগঠনটোৰ সম্পাদকৰ দায়িত্ব আছে আৰিফ খান ৷ জনৈক দিলদাৰ আৰু আৰিফে ভ্ৰাম্যমান শিবিৰৰ জৰিয়তে নগাঁও জিলাত সাংগাঠনিক কাম কাজ চলাই আছিল। উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৫ বছৰৰ বাবে নিষিদ্ধ কৰা পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়াৰ ভগ্নী সংগঠন হৈছে কেম্পাচ ফ্ৰন্ট অৱ ইণ্ডিয়া ৷