ডিজিটেল ডেস্কঃ দলীয় অসন্তুষ্টি, বাদ-বিসম্বাদ সকলোকে আওকাণ কৰি অগপ নেতৃত্বই বঙাইগাওঁ বিধানসভাৰ উপনিৰ্বাচনৰ নাম দীপ্তিময়ী চৌধুৰীৰ নামটোৱেই চূড়ান্ত কৰিলে। ফণীভূষণ চৌধুৰীয়ে বিচৰাৰ ধৰণেই উক্ত সমষ্টিটোত অগপৰ প্ৰাৰ্থী হ’ব তেওঁৰ পত্নী। বঙাইগাওঁ জিলা অগপৰ সভাপতি-সম্পাদকসহ বহুসংখ্যক অগপ সমৰ্থকে দলত্যাগ কৰাৰ পাছতো অতুল বৰাই দলীয় নেতা-কৰ্মীৰ ক্ষোভক গুৰুত্ব নিদিলে।
দেওবাৰে নিশা কেশৱ মহন্তৰ বাসগৃহত এই সন্দৰ্ভত বৈঠক অনুষ্ঠিত হৈছিল যদিও সেই বৈঠকত ফণীভূষণ চৌধুৰীৰ পত্নীৰ নামেই চূড়ান্ত কৰি ছীল মোহৰ মৰা হয়। ইফালে ফণীভূষণ চৌধুৰীৰ পত্নী দীপ্তিময় চৌধুৰীয়ে জানিবলৈ দিয়া মতে, ৰাইজে বিচৰাৰ বাবেহে তেওঁ নিৰ্বাচন খেলিবলৈ সাজু হৈছে।
কোনো দিনেই ৰাজনীতিৰ সৈতে জড়িত নথকাৰ কথা স্বীকাৰ কৰি চৌধুৰীয়ে ৰাইজৰ মৰম আৰু সমৰ্থনৰ মাজেৰে এই যাত্ৰাত সফলতা লাভ কৰিব বুলিও দাবী কৰে। আনহাতে যিসকলে দলত্যাগ কৰিছে তেওঁলোকে খন্তেকৰ খঙৰ বশৱৰ্তী হৈ দলত্যাগ কৰিলেও সেই ভুল উপলদ্ধি কৰি পুনৰ দলৰ মজিয়ালৈ ঘূৰি আহিবলৈ আহ্বান জনায়।