দলে যাক দিয়ে দিব, পত্নীৰ বাবে মই টিকট বিচৰা নাইঃ ফণীভূষণ চৌধুৰী...

দলে যাক দিয়ে দিব, পত্নীৰ বাবে মই টিকট বিচৰা নাইঃ ফণীভূষণ চৌধুৰী...
Published on
Updated on

ডিজিটেল ডেস্কঃ অসমৰ ৫ বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে। নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে এতিয়া যিকোনো মূৰ্হুততে বিজেপিয়ে ৩সমষ্টিৰ বাবে ঘোষণা কৰিব পাৰে প্ৰাৰ্থীৰ নাম। কিন্তু প্ৰাৰ্থী ঘোষণাৰ ক্ষেত্ৰত শলঠেকত পৰিছে অসম গণ পৰিষদ। দীৰ্ঘকাল ধৰি অগপৰ দুৰ্গ হিচাপে পৰিচিত বঙাইগাওঁ বিধানসভা সমষ্টিত কাক প্ৰাৰ্থিত্ব দিব তাক লৈ চূড়ান্ত সিদ্ধান্তত উপনীত হব পৰা নাই অগপ নেতৃত্ব।

বঙাইগাঁৱত কেইবাটাও দশক ধৰি নিজৰ কজ্বাত ৰখা ফণীভূষণ চৌধুৰীয়ে এইবাৰৰ টিকট তেওঁৰ পত্নী দিপ্তীময় চৌধুৰীৰ প্ৰদান কৰিবৰ বাবে অগপ নেতৃত্বক হেচাঁ প্ৰয়োগ কৰা বুলি চৰ্চা হৈছিল। এনে সময়তে শেহতীয়াকৈ সাংসদগৰাকীয়ে এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। নৱনিৰ্বাচিত সাংসদগৰাকীয়ে কয় যে, মোৰ পত্নীক টিকট দিব লাগে বুলি মই কাকোৱেই অনুৰোধ কৰা নাই।

সাংসদগৰাকীয়ে লগতে কয়, বঙাইগাঁৱত কাক টিকট প্ৰদান কৰিব লাগে, এই সিদ্ধান্ত গ্ৰহণ কৰিব কেন্দ্ৰীয় নেতৃত্বই। মই মোৰ পত্নীক টিকট দিবলৈ অগপ কেন্দ্ৰীয় নেতৃত্বক অনুৰোধ নাইবা আহ্বান জনোৱা নাই। ইফালে ১৫অক্টোবৰত বঙাইগাঁৱত অগপৰ প্ৰতিষ্ঠা দিৱস পালনত জিলা সভাপতি-সম্পাদক উপস্থিত নথকা বিষয়টোক লৈও অসন্তুষ্টি প্ৰকাশ কৰে সাংসদ চৌধুৰীয়ে।

উল্লেখ কৰা প্ৰয়োজন যে, মুকলিকৈ সকলো কথা নকলেও বঙাইগাঁৱত প্ৰাৰ্থিত্বকেন্দ্ৰিক শীতল এখন যুদ্ধ বহুদিনৰ আগৰে পৰাই চলি আছে। বঙাইগাঁৱৰ একাংশ অগপ কৰ্মীয়ে এইবাৰ টিকট ফণীভূষণৰ চৌধুৰীৰ পৰিয়ালৰ সদস্যৰ বাহিৰে অন্য লোকক দিয়াৰ পোষকতা কৰিছে। যাৰ বাবে ফণীভূষণ চৌধুৰী আৰু জিলা অগপ সভাপতি-সম্পাদকৰ মাজত এখন যুঁজ পূৰ্বৰে পৰাই চলি আছে।

ইফালে উক্ত বিষয়টোক লৈ অগপৰ সভাপতি অতুল বৰাইও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয় যে, দলীয় সদস্যৰ অসন্তুষ্টি দূৰ কৰাৰ বাবে চেষ্টা চলোৱা হব। আচলতে জয়ী হোৱা সমষ্টি এটাত প্ৰাৰ্থিত্ব সকলোৱে বিচাৰে। আলাপ-আলোচনাৰ জৰিয়তে এই বিষয়টো সমাধান কৰা হ'ব।

দলে যাক দিয়ে দিব, পত্নীৰ বাবে মই টিকট বিচৰা নাইঃ ফণীভূষণ চৌধুৰী...
অসমৰ পাঁচ বিধানসভা সমষ্টিত ১৩ নৱেম্বৰত ভোটগ্ৰহণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in