Advertisment

চিজোছাই হাত বাউল দি মাতিছে বনভোজপ্ৰেমীক

জামুগুৰিহাটৰ সমীপৰ অৰুণাচল সীমান্তৱৰ্তী চিৰ পৰিচিত বনভোজথলী হৈছে চিজোছা৷ প্ৰকৃতিৰ এক মনোমোহা পৰিবেশৰ মাজত অৱস্থিত এই চিজোছাৰ বনভোজথলী । এতিয়া হাত বাউলি  মাতিছে বনভোজ প্ৰেমী ৰাইজ আৰু দেশী-বিদেশী পৰ্যটকক।

author-image
Asomiya Pratidin
New Update
Picnic1

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ সমীপৰ অৰুণাচল সীমান্তৱৰ্তী চিৰ পৰিচিত বনভোজথলী হৈছে চিজোছা৷ প্ৰকৃতিৰ এক মনোমোহা পৰিবেশৰ মাজত অৱস্থিত এই চিজোছাৰ বনভোজথলী । সৌন্দৰ্য্যৰাণী চিজোচাই প্ৰকৃতিৰ মনোৰম দৃশ্য উপভোগৰ বাবে যেন এতিয়া হাত বাউলি  মাতিছে বনভোজ প্ৰেমী ৰাইজ আৰু দেশী-বিদেশী পৰ্যটকক।

Advertisment

চাৰিওফালে চৰাই-চিৰিকটিৰ মাতৰ লগতে কুলু কুলু সুৰেৰে বৈ আহিছে বৰদিকৰাই নদী খন। নদীৰ পাৰৰ বনভোজস্হলীক পৰিস্কাৰ-পৰিছন্ন কৰি ৰখাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে এই বনভোজস্থলীৰ লগত জড়িত থকা চচিয়েল ইকডেভলপমেণ্ট চচাইটি নামৰ বে-চৰকাৰী সংস্থাৰ বিষয়ববীয়াসকলে৷ আপুনিও প্ৰাকৃতিক দৃশ্য উপভোগ কৰাৰ লগতে তৃপ্তিৰে এসাজ খাবলৈ পৰিয়ালৰ লগত আহিব পাৰে চিজোছাৰ এই বনভোজস্থলীলৈ৷

চিজোছা