ৰাজ্যৰ কাৰ্যবাহী অভিযন্তাসকলৰ পৰা বান-খহনীয়া সন্দৰ্ভত বুজ ল'লে মন্ত্ৰী পীযুষ হাজৰীকাই

বান-খহনীয়া ৰোধৰ জৰুৰীকালীন কামৰ বাবে প্ৰয়োজন হোৱা সকলো সামগ্ৰী বিভাগীয় প্ৰতিটো সংমণ্ডলতে পৰ্যাপ্ত পৰিমাণে মজুত ৰখাৰ নিৰ্দেশ
ৰাজ্যৰ কাৰ্যবাহী অভিযন্তাসকলৰ পৰা বান-খহনীয়া সন্দৰ্ভত বুজ ল'লে মন্ত্ৰী পীযুষ হাজৰীকাই
Published on
Updated on

ডিজিটেল সংবাদ,দিছপুৰ: অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই সোমবাৰে জনতা ভৱনস্থিত নিজ কাৰ্যালয়ত বিভাগীয় মুখ্য অভিযন্তাৰ উপস্থিতিত ৰাজ্যখনৰ প্ৰতিটো বিভাগীয় সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ পৰা টেলিফোনযোগে ৰাজ্যৰ সাম্প্ৰতিক বান-খহনীয়া পৰিস্থিতিৰ বুজ লয়।বিভাগে বিভিন্ন জিলাত কৰি থকা জৰুৰীকালীন বান-খহনীয়াৰোধৰ কামসমূহৰ খতিয়ান লৈ মন্ত্ৰী হাজৰীকাই সকলো অভিযন্তাক নিৰন্তৰ কামত লাগি থাকিবলৈ নিৰ্দেশনা প্ৰদান কৰে।

শেহতীয়া বানে ৰাজ্যখনৰ কেইবাটাও স্থানত জলসম্পদ বিভাগ আৰু আন বিভাগৰ অধীনত থকা মথাউৰি ছিঙাৰ লগতে ক্ষতিগ্ৰস্ত কৰিছিল। মন্ত্ৰীগৰাকীয়ে বিভাগীয় অভিযন্তাৰ পৰা মথাউৰি পুনৰ নিৰ্মাণ আৰু মেৰামতিৰ কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে যিমান সম্ভৱ সোনকালে ছিগা অংশসমূহ মেৰামতি সম্পূৰ্ণ কৰাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।

আনহাতে নৈৰ পানী হ্ৰাস হোৱাৰ লগে লগে বৃদ্ধি পোৱা খহনীয়া ৰোধৰ বাবেও বিভাগক সম্পূৰ্ণ সষ্টম হৈ থাকি কাম কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে। সাধাৰণ জনতাই খহনীয়াৰ সমস্যাৰ পৰা সকাহ পাবৰ বাবে সম্ভৱপৰ সকলো কাম কৰিবলৈ বিভাগীয় অভিযন্তাক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। এই ক্ষেত্ৰত জৰুৰীকালীনভাৱে প্ৰয়োজন হোৱা পাৰ্কুপাইন, বালিৰ বেগ,জিঅ’ বেগ আদি পৰ্যাপ্ত পৰিমাণে মজুত ৰখাৰ ক্ষেত্ৰতো জলসম্পদ মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে আৰু প্ৰয়োজন অনুসৰি সকলো জিলাতে এই সামগ্ৰীসমূহ মজুত ৰাখিবলৈ নিৰ্দেশনা প্ৰদান কৰে।

উল্লেখ্য যে জলসম্পদ বিভাগৰ অভিযন্তা-কৰ্মচাৰীসকলে বিগত সময়ত দিনে ৰাতিয়ে কাম কৰি বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ কামত ব্যস্ত হৈ আছে।আজি মন্ত্ৰীগৰাকীয়ে বিভাগীয় অভিযন্তা-কৰ্মচাৰীসকলৰ এই প্ৰয়াসৰ শলাগ লৈ সকলোকে সাধাৰণ জনগণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ কথা মনত ৰাখি সমৰ্পিত মনোভাৱেৰে কাম কৰিবলৈ আহ্বান জনায়।

আনহাতে আজিয়ে মন্ত্ৰী হাজৰীকাই বিভাগীয় মুখ্য অভিযন্তা আৰু বিভাগীয় অভিযন্তাসকলৰ সৈতে আলোচনাৰ অন্তত প্ৰাথমিকতা অনুসৰি ৰাজ্যখনত এই বৰ্ষত নিৰ্মাণ হ’ব লগা মুঠ ২০৬ কিল’মিটাৰ দৈৰ্ঘ্যৰ নতুন মথাউৰিৰ অনুমোদন জনায়। নতুনকৈ নিৰ্মাণ হ’ব লগা মথাউৰিসমূহৰ কামসমূহো যাতে ভালদৰে হয় তাৰ প্ৰতি সষ্টম হৈ থাকি কাম কৰিবলৈও জলসম্পদ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশনা প্ৰদান কৰে।

মন্ত্ৰীগৰাকীয়ে লগতে মুখ্য অভিযন্তাক যি সমূহ নৈৰ বান নিয়ন্ত্ৰণৰ সমাধান উলিয়াবলৈ আই আই টি ক অধ্যয়নৰ বাবে দায়িত্ব দিয়া হৈছে সেয়া সময়মতে সম্পূৰ্ণ কৰাৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিয়ে।

ৰাজ্যৰ কাৰ্যবাহী অভিযন্তাসকলৰ পৰা বান-খহনীয়া সন্দৰ্ভত বুজ ল'লে মন্ত্ৰী পীযুষ হাজৰীকাই
নাৰী নিৰ্যাতন বন্ধ কৰাত দাবীত ৰঙাপৰাত প্ৰতিবাদী সমদল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in