অসমৰ আৰ্থিক অৱস্থা জুৰুলা হোৱা বুলি অপপ্ৰচাৰ চলাইছে কংগ্ৰেছে: পীযুষ হাজৰীকা

অসমৰ আৰ্থিক অৱস্থা জুৰুলা হোৱা বুলি অপপ্ৰচাৰ চলাইছে কংগ্ৰেছে: পীযুষ হাজৰীকা

author-image
Asomiya Pratidin
New Update
অসমৰ আৰ্থিক অৱস্থা জুৰুলা হোৱা বুলি অপপ্ৰচাৰ চলাইছে কংগ্ৰেছে: পীযুষ হাজৰীকা

ডিজিটেল সংবাদঃ "শেহতীয়াকৈ অসম চৰকাৰৰ আৰ্থিক অৱস্থা জুৰুলা বুলি অপপ্ৰচাৰ চলাইছে কংগ্ৰেছে। কংগ্ৰেছ দল আৰু এচাম অসম বিৰোধী লোকে অপপ্ৰচাৰত লিপ্ত হৈ অসমৰ শান্তি বিঘ্নিত কৰিবলৈ উঠিপৰি লাগিছে। কংগ্রেছক এই দৰে ক্ষুৰধাৰ সমালোচনা কৰিলে মন্ত্ৰী পীযুষ হাজৰীকাই। মন্ত্ৰী হাজৰীকাৰ মতে দুৰ্নীতি,অপশাসনেৰে একপ্ৰকাৰে অভিলেখ সৃষ্টি কৰি কংগ্ৰেছে বিধ্বস্ত কৰি যোৱা অসমৰ ঔদ্যোগিক, সামাজিক ভেটি বিজেপি চৰকাৰে বহু কষ্টৰে পুনৰ গঢ়ি তুলিছে।

উগ্ৰপন্থী সমস্যা দমন কৰা, ৰাস্তা-ঘাটৰ উন্নয়ন কৰি যাতায়াত ব্যৱস্থা সুচল কৰি তোলাৰ লগে লগে অসমত এক ঔদ্যোগিক বিপ্লৱ আৰম্ভ হৈছে। টাটা গ্ৰুপে প্ৰায় ২৭ হাজাৰ কোটি টকা বিনিয়োগ কৰি অসমত ছেমি কণ্ডাক্টৰ ইউনিট স্থাপন কৰিছে। স্বচ্ছ, নিকা পদ্ধতিৰে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চা লাভ কৰিছে অসমে। অসমৰ এই উন্নয়নমূলক যাত্ৰাত সৰ্বস্তৰৰ ৰাইজ উপকৃত হৈছে আৰু ৰাজ্য চৰকাৰে উন্নয়নৰ যাত্ৰাৰ সহযাত্ৰী হৈছে। ইয়াক দেখি কংগ্ৰেছ দল আৰু এচাম অসমবিৰোধী লোকে অপপ্ৰচাৰত লিপ্ত হৈ অসমৰ শান্তি বিঘ্নিত কৰিবলৈ উঠিপৰি লাগিছে বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ।

উল্লেখযোগ্য যে,টাটা গ্ৰুপে প্ৰায় ২৭ হাজাৰ কোটি টকা বিনিয়োগ কৰি অসমত স্থাপন কৰা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ লগতে ৰাজ্য চৰকাৰৰ স্বচ্ছ,নিকা পদ্ধতিৰে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বিষয়টোৱে ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চা লাভ কৰা বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। ৰাজ্য চৰকাৰে ঋণ লোৱাৰ প্ৰসংগক কংগ্ৰেছে কৰাৰ সমালোচনাৰ প্ৰত্যুত্তৰ দিয়ে মন্ত্ৰী গৰাকীয়ে।

মন্ত্ৰী পীযুষ হাজৰীকাৰ মতে,এখন ৰাজ্যই ঋণ লাভ কৰাৰ ক্ষেত্ৰত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কিছু সুস্পষ্ট নীতি-নিৰ্দেশনা আছে। ৰাজ্য এখনক কিমান পৰিমাণলৈ ধাৰ দিব পৰা যায়, সেয়াও ৰিজাৰ্ভ বেংকে ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা চালি-জাৰি চাইহে নিৰ্ণয় কৰে। ৰিজাৰ্ভ বেংকৰ নীতি অনুসৰি অসমৰ বহু পৰিমাণৰ ধাৰ ল'ব পৰা ক্ষমতা আছে, কিন্তু সিমান পৰিমাণলৈ ধাৰ লোৱা নাই,ল'বলগীয়া পৰিস্থিতিও হোৱা নাই আৰু ভৱিষ্যতেও নহয়।

আনহাতে এখন ৰাজ্যই ধাৰ লাভ কৰা মানে জানিব যে সেইখন ৰাজ্যৰ আৰ্থিক অৱস্থা উন্নত। আৰ্থিক অৱস্থা উন্নত নহ'লে কোনো এজেঞ্চীয়ে ৰাজ্য এখনক ঋণ প্ৰদান নকৰে। অসমৰ অৰ্থনৈতিক অৱস্থাক লৈ অপপ্ৰচাৰ চলাই থকা ব্যক্তিসকলৰ জ্ঞাতাৰ্থে কংগ্ৰেছ তথা বিৰোধী দলসমূহে শাসন কৰা কেইখনমান ৰাজ্যৰ ঋণৰ পৰিমাণৰ কথাও উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে।

মন্ত্ৰী গৰাকীয়ে দিয়া তথ্য অনুসৰি,কেৰালা- প্ৰায় ৪.২৯ লাখ কোটি টকাৰ ঋণ, তেলেংগানা- প্ৰায় ৪.৫ লাখ কোটি টকাৰ ঋণ,পশ্চিম বংগ- প্ৰায় ৬.৯৩ লাখ কোটি টকাৰ ঋণ,পঞ্জাৱ- প্ৰায় ৩.৭৪ লাখ কোটি টকাৰ ঋণ, তামিলনাডুৱে- প্ৰায় ৮.৩৩লাখ কোটি টকাৰ ঋণ গ্ৰহণ কৰিছে আৰু এই গোটেইকেইখন ৰাজ্য হৈছে কংগ্ৰেছ দল অথবা কংগ্ৰেছৰ মিত্ৰদলৰ শাসিত ৰাজ্য। বিপৰীতে অসমৰ ঋণৰ পৰিমাণ হৈছে প্ৰায় ডেৰ লাখ কোটি টকা আৰু ইয়াৰে ৪১,৯৬৪ কোটি টকাৰ ঋণ ২০১৬চনত শাসনৰ পৰা যাবৰ সময়ত কংগ্ৰেছ চৰকাৰে থৈ গৈছিল।

লগতে কয় যে, মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে ৰাইজৰ সৰ্বাংগীণ উন্নয়নৰ বাবে কাম কৰি আছে।আপোচবিহীন উন্নয়ন অনাগত দিনটো অব্যাহত থাকিব। সকলোকে আস্থা, বিশ্বাস ৰাখি অপপ্ৰচাৰত ভোল নাযাবলৈ বিনম্ৰতাৰে আহ্বান জনাই মন্ত্ৰী পীযুষ হাজৰীকাই।

Also Read: দিল্লীয়ে নহয়, সমগ্ৰ বিশ্বই শুনিলে উত্তৰ- পূবৰ কথা

pijush hazarika