ৰিস্কৰ লগতে টকাও আছেঃ পাইলটৰ দৰমহা কিমান? গম পালে আচৰিত হ’ব আপুনি...

ৰিস্কৰ লগতে টকাও আছেঃ পাইলটৰ দৰমহা কিমান? গম পালে আচৰিত হ’ব আপুনি...

author-image
Asomiya Pratidin
New Update
ৰিস্কৰ লগতে টকাও আছেঃ পাইলটৰ দৰমহা কিমান?  গম পালে আচৰিত হ’ব আপুনি...

ডিজিটেল ডেস্কঃ পাইলট! যথেষ্ট প্ৰত্যাহ্বান থাকে যদিও পাইলটৰ চাকৰিত আছে গ্লেমাৰ আৰু মোটা ধনৰ দৰমহা। মাহে লক্ষাধিক টকাৰ দৰমহা লাভ কৰাৰ লগতে পাইলটে লাভ কৰে আৰু বহু সুবিধা। ব্যক্তিগতখণ্ডৰেই হওঁক বা চৰকাৰীখণ্ডৰেই হওঁক, দুয়োটা ক্ষেত্ৰতে কাম কৰা পাইলটে মোটা অংকৰ এক দৰমহা লাভ কৰে।

দৰমহাৰ বিষয়ে আলোচনা কৰাৰ পূৰ্বে জানো আহক পাইলট কেইপ্ৰকাৰৰ। চিভিল এবিয়েশ্যন আৰু ইণ্ডিয়ান ডিফেন্স ফৰ্চৰ জৰিয়তে যিকোনো এজন ইচ্ছ্যুক ব্যক্তি পাইলট হব পাৰে। অৱশ্যে দুয়োটা ক্ষেত্ৰৰ বাবে যোগ্যতাৰ মানদণ্ড ভিন্ন। দুয়োটা ক্ষেত্ৰৰ বাবে এগৰাকী প্ৰাৰ্থী বা শিক্ষাৰ্থীৰ লিখিত আৰু শাৰিৰিক চিকিৎসাৰ পৰীক্ষাৰ বাধ্যতামূলক।

বাণিজ্যিক বিমানৰ পাইলট হবলৈ হলে চিভিল এবিয়েশ্যনত শিক্ষা গ্ৰহণ কৰিব পাৰে। প্ৰতিৰক্ষা বিষয়ত পাইলট হোৱাৰ বাবে অৱশ্যে ইয়াৰ যোগ্যতা চিভিল এবিয়েশ্যনতকৈ পৃথক। দুয়োটা ক্ষেত্ৰত শিক্ষাদানৰ বাবে যথেষ্ট পৰ্যায় আছে। সেয়া এক যথেষ্ট বিশাল আৰু বহল পৰিসৰৰ অধ্যয়ন।

এতিয়া জানো আহক পাইলটৰ দৰমহাৰ বিষয়ে। বিভিন্ন সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, এয়াৰ ইণ্ডিয়াই তেওঁলোকৰ পাইলটক দৰমহা হিচাপে নূন্যতম ১.৬৭লাখৰ পৰা উৰ্ধতম ৫.৫৬টকালৈকে প্ৰদান কৰে।

ইফালে প্ৰতিৰক্ষা ক্ষেত্ৰত কাম কৰা পাইলটৰ বাৰ্ষিক দৰমহা ১০লাখৰ পৰা ২৫লাখ টকা। জানি আচৰিত হব যে, আন্তৰাষ্ট্ৰীয় বিমান সেৱাত কাম কৰা পাইলটৰ দৰমহা বছৰি ১.৫কোটি পৰ্যন্ত হয়। অৱশ্যে ঘৰুৱা বিমান সেৱাৰ ক্ষেত্ৰত দীৰ্ঘদিন অভিজ্ঞতাসম্পন্ন পাইলটৰ দৰমহা বাৰ্ষিক ২২লাখ টকা পৰ্যন্ত প্ৰদান কৰে বুলি বিভিন্ন সংবাদমাধ্যমে খবৰ প্ৰকাশ কৰিছে।

ঘৰুৱা বিমান সেৱাত এগৰাকী পাইলটে ইন্টাৰ্ণশ্বীপৰ সময়তে প্ৰায় ৫০হাজাৰ টকা দৰমহা লাভ কৰে। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে, পাইলটৰ দৰমহা সন্দৰ্ভত কোনো আনুষ্ঠানিক তথ্য কাৰোৰে হাতত নাই। এইক্ষেত্ৰত সকলো কথা গোপনে ৰাখে বিভাগীয় কৰ্তৃপক্ষই।

Also Read: অপ্ৰতিৰোধ্য ভাৰত: আমেৰিকা,ফ্ৰান্স, আৰ্মেনিয়ালৈ ৰপ্তানি অস্ত্ৰ- শস্ত্ৰ...

pilot pilot salary