গুৱাহাটীত আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ কাৰ্যালয় উদ্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

আদিবাসী আৰু চাহ জনগোষ্ঠীয় ব্যক্তিসকলৰ উন্নয়নৰ বাবে চৰকাৰে যথেষ্ট কাম কৰিছে: মন্ত্ৰী হাজৰীকা

author-image
Asomiya Pratidin
New Update
গুৱাহাটীত আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ কাৰ্যালয় উদ্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

ডিজিটেল সংবাদ,দিছপুৰ: শনিবাৰে মন্ত্ৰী পীযুষ হাজৰীকাই গুৱাহাটীৰ লখৰাত অসম চৰকাৰৰ অধীনস্থ আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ কাৰ্যালয় উদ্বোধন কৰে।

আদিবাসী লোকসকলৰ কল্যাণ, উন্নয়ন তথা প্ৰাপ্য সুবিধা লাভ কৰাৰ পথ তৰান্বিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰৰ আগ্ৰহত মুখ্যমন্ত্ৰী শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে বিগত সময়ত আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদ গঠন কৰি দিছিল বুলি আজিৰ অনুষ্ঠানত মন্তব্য প্ৰদান কৰে মন্ত্ৰী হাজৰীকাই।

পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দুৰ্গা হাসদা আৰু অন্যান্য সদস্যসকলক আদিবাসী লোকসকলৰ সৰ্বাংগীন উন্নয়নৰ বাবে সমৰ্পিত মনোভাৱেৰে কাম কৰি যাবলৈ আহ্বান জনায়।

আনহাতে চাহ উদ্যোগৰ জড়িয়তে ৰাজ্য চৰকাৰে অসমৰ অৰ্থনীতিত বিশেষ ভূমিকা লৈ থকা চাহ জনগোষ্ঠীয় আৰু আদিবাসীসকলৰ উন্নয়নৰ বাবে চাহ বাগিছা অঞ্চলত আদৰ্শ বিদ্যালয় স্থাপন কৰে।

লগতে চিকিৎসা তথা অভিযান্ত্ৰিক পাঠ্যক্ৰমত নামভৰ্তিৰ ক্ষেত্ৰত বিশেষ আৰক্ষণৰ ব্যৱস্থা আদিকে ধৰি বহুতো কাম ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিগত সময়ত কৰিবলৈ সক্ষম হোৱা বুলি মন্ত্ৰী হাজৰীকাই ভাষণ প্ৰসংগত উল্লেখ কৰে।

আনহাতে বিগত ২০০ বছৰ ধৰি চাহ বাগিচাৰ ভূমিত বাস কৰি অহা চাহ জনগোষ্ঠীয় লোকসকলৰ ভূমিৰ অধিকাৰ প্ৰদানৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে চিন্তা চৰ্চা আৰম্ভ কৰা বুলি তেওঁ উল্লেখ কৰে।

Also Read: শিৱসাগৰ যুৱদলত তথ্যচিত্ৰ 'হৃদয় সুৰীয়া' আৰু সংগৃহীত পুথি 'দিহানাম (প্ৰাচীন)' উন্মোচন

piyush hazarika