বজালী, বাক্সা, তামুলপুৰত মথাউৰি আৰু সুৰক্ষাৰ কাম পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ...

বজালী, বাক্সা, তামুলপুৰত মথাউৰি আৰু সুৰক্ষাৰ কাম পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ জলসম্পদ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি বজালী, তামুলপুৰ আৰু বাক্সা জিলা ভ্ৰমণ কৰি জলসম্পদ বিভাগৰ অধীনত চলি থকা মথাউৰি নিৰ্মাণ আৰু খহনীয়া প্ৰতিৰোধী কামৰ অগ্ৰগতিৰ বুজ লয় ।

মন্ত্ৰীগৰাকীয়ে প্ৰথমতে বজালী জিলাৰ শান্তিপুৰ দলৈগাঁও আৰু হ'কাৰটোপ অঞ্চলত উপস্থিত হৈ পহুমাৰা নদীৰ দুয়োপাৰে জলসম্পদ বিভাগৰ অধীনত মেগা জিঅ' টিউবৰ সহায়ত নিৰ্মীয়মান মথাউৰি সুৰক্ষাৰ কামৰ অগ্ৰগতিৰ বুজ লয় । উল্লেখ্য যে পহুমাৰা নদীৰ বানৰ প্ৰকোপৰ পৰা মথাউৰি সুৰক্ষা কৰাৰ বাবে অসমত প্ৰথমবাৰলৈ মেগা জিঅ' টিউবৰ ব্যৱহাৰেৰে কাম হাতত লোৱা হৈছিল ।

গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰে ২৫ কোটি টকা ব্যয়সাপেক্ষ এই প্ৰকল্পৰ অধীনত প্ৰথম অৱস্থাত পহুমাৰাৰ দুয়োপাৰে প্ৰায় ৭.২ কিল'মিটাৰ দৈৰ্ঘ্য সামৰি নিৰ্মানকাৰ্য কৰা হৈছে । মন্ত্ৰীগৰাকীয়ে আজিৰ পৰিদৰ্শনৰ সময়ত উপস্থিত থকা সাংবাদিকক উদ্দেশ্যি কয় যে এই প্ৰাৰম্ভিক প্ৰকল্পৰ সফলতাৰ পাছত পৰ্যায়ক্ৰমে নদীখনৰ সম্পূৰ্ণ মথাউৰিতে মেগা জিঅ' টিউবৰ সহায়ত সুৰক্ষাৰ কাম হাতত লোৱা হ'ব ।

ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে জিলাখনৰ কটহবাৰী অঞ্চলত উপস্থিত হৈ পহুমাৰা নদীৰ মথাউৰিৰ সুৰক্ষাৰ বাবে চলি থকা কামৰ অগ্ৰগতিৰ বুজ লয় । বজালীৰ পৰা মন্ত্ৰী হাজৰীকাই তামুলপুৰৰ হাঁহকাটা অঞ্চলত উপস্থিত হৈ জলসম্পদ বিভাগে পাগলাদিয়া নদীৰ পাৰত নতুনকৈ নিৰ্মাণ কৰা মথাউৰি পৰিদৰ্শন কৰে । প্ৰায় ৩.৪ কিল'মিটাৰ দৈৰ্ঘ্যৰ ১০.২২ কোটি ব্যয়সাপেক্ষ এই মথাউৰি সম্পূৰ্ণ হৈ উঠিলে বৃহত্তৰ অঞ্চলটো বানমুক্ত হৈ উঠিব বুলি আশা কৰা হৈছে ।

জলসম্পদ মন্ত্ৰীগৰাকীয়ে পাছত পাগলাদিয়া নদীৰ সোঁফালে বাক্সা জিলাৰ জাৰতালুক অঞ্চল ভ্ৰমণ কৰি ১৫ কোটি টকা ব্যয়সাপেক্ষ নিৰ্মীয়মান প্ৰায় ৪ কিল'মিটাৰ দৈৰ্ঘ্যৰ মথাউৰি পৰিদৰ্শন কৰে । বিগত বৰ্ষত এই অঞ্চলেৰে পাগলাদিয়াৰ পানী সোমাই বাক্সা আৰু নলবাৰী জিলাত বানৰ সৃষ্টি কৰিছিল । মন্ত্ৰী হাজৰীকাই তেতিয়াই এই অঞ্চল ভ্ৰমণ কৰি নতুনকৈ মথাউৰি নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । প্ৰতিশ্ৰুতি অনুসৰিয়েই অঞ্চলটোত মথাউৰি নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে । আজি মন্ত্ৰীগৰাকীয়ে ভ্ৰমণকালত উপস্থিত বিভাগীয় অভিযন্তাক প্ৰয়োজনসাপেক্ষে আৰু দুই কিল'মিটাৰ মথাউৰি সম্প্ৰসাৰণৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশনা প্ৰদান কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in