ডিজিটেল সংবাদ, নগাওঁঃ উপ-নিৰ্বাচনক লৈ চামগুৰি সমষ্টিত ৰাজনৈতিক বাতাবৰণ উত্তপ্ত হৈ থকাৰ সময়তে কংগ্ৰেছ দলৰ সমৰ্থকে নিৰ্বাচনী প্ৰচাৰৰ সময়ত হাতত কি কি লয়, সম্প্ৰতি সেই তথ্য পোহৰলৈ অহাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছৰ সমৰ্থকে হাতত লয় টাকোন-শিলগুটি।
এই সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাই ছ’চিয়েল মিডিয়াত দিয়া এটা পোষ্টৰ পিছত ৰাজনৈতিক মহলত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে। পোষ্টটোত মন্ত্ৰীগৰাকীয়ে তথ্য-প্ৰমাণসহ কংগ্ৰেছ দলৰ মুখাৰ আঁৰৰ মুখখন খুলি দিয়ে। নিৰ্বাচনী প্ৰচাৰৰ সময়ত কংগ্ৰেছী সমৰ্থকে হাতত শিলগুটি-টোকোন লোৱালৈ চাই মন্ত্ৰীগৰাকীয়ে পাকিস্তানৰ পৰা শিলগুটি নিক্ষেপকাৰীয়ে কংগ্ৰেছ দলত অনুপ্ৰৱেশ কৰা বুলিও সন্দেহ ব্যক্ত কৰে।
সমষ্টিটোত কংগ্ৰেছ সমৰ্থকে নিৰ্বাচনী প্ৰচাৰৰ সময়ত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তালৈ দলিয়াবলৈ বাহনত তেওঁলোকৰ পতাকাৰ তলত শিল লুকুৱাই আনিছিল। কংগ্ৰেছে পতাকাৰ তলত শিল লুকুৱাই অনা দৃশ্যৰ আলোকচিত্ৰ সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ কালিৰ দিনটোত অন্ত পৰে যদিও এই দৃশ্য পোহৰলৈ অহাত বিষয়টোক লৈ সৰৱ পৰে বিজেপিৰ একাংশ মন্ত্ৰী-বিধায়ক। মন্ত্ৰী পীযুষ হাজৰীকাই এই সন্দৰ্ভত সামাজিক মাধ্যমত সংশ্লিষ্ট দৃশ্যপটৰ ছবি সংলগ্ন কৰি 'মুখাৰ আঁৰৰ মুখ!’ শীৰ্ষক এক পোষ্ট শ্বেয়াৰ কৰে। মন্ত্ৰীগৰাকীয়ে পোষ্টটোত অসম প্ৰদেশ কংগ্ৰেছ দলৰ সমৰ্থকসকলে নিজৰ বাহনত সামগ্ৰীৰ তলত শিল লুকুৱাই ৰাখে বুলি উল্লেখ কৰি এই শিলবোৰ কিহৰ বাবে বুলি প্ৰশ্ন কৰে।
মন্ত্ৰীগৰাকীয়ে পাকিস্তানৰ পৰা শিলগুটি নিক্ষেপকাৰীয়ে কংগ্ৰেছ দলত অনুপ্ৰৱেশ কৰিছে নেকি বুলি সন্দেহ ব্যক্ত কৰে। কিয়নো এইবেলি উপ-নিৰ্বাচনক লৈ চামগুৰি সমষ্টিত মাৰপিটকে ধৰি কে’তবোৰ বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল। আনকি কংগ্ৰেছ সমৰ্থকৰ আক্ৰমণত এগৰাকী বিজেপি কৰ্মী মৃত্যুমুখতো পৰিবলগীয়া হৈছিল।
বিজেপিৰ আন এগৰাকী যুৱ বিধায়ক তৰংগ গগৈয়ে সামাজিক মাধ্যমত কংগ্ৰেছক চোকা সমালোচনা কৰি এয়া কংগ্ৰেছৰ মোহাব্বত কি দোকান নে হিংসাৰ দোকান বুলি প্ৰশ্ন কৰে। তেওঁ কয় যে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে কেমেৰাৰ সন্মুখত মোহাব্বতৰ দোকান অৰ্থাৎ প্ৰেমৰ দোকান খোলে আৰু কেমেৰাৰ পাছফালে ৰাইজক শিল মাৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। চামগুৰি উপ-নিৰ্বাচনত ৰকিবুল হুছেইনৰ গুণ্ডাবাহিনীয়ে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তালৈ দলিয়াবলৈ কংগ্ৰেছৰ পতাকাৰ তলত লুকাই অনা শিলে উপৰোক্ত কথাষাৰকে প্ৰতীয়মান কৰে বুলি বিধায়ক তৰংগ গগৈয়ে প্ৰকাশ কৰে।
বিধায়কগৰাকীয়ে এই হিংসাৰ ৰাজনীতিৰ অৱসান হৈ গণতান্ত্ৰিক প্ৰমূল্য বিস্তাৰ হোৱাৰ কামনা কৰে। বিজেপিৰ আন এগৰাকী বিধায়ক মানৱ ডেকাইও সামাজিক মাধ্যমত এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। সামাজিক মাধ্যত ফটো সংলগ্ন কৰি বিধায়কগৰাকীয়ে কংগ্ৰেছৰ প্ৰকৃত স্বৰূপ উদঙাই দিয়ে। তেওঁ কয় যে হিংসাত বিশ্বাসী কংগ্ৰেছৰ এয়া আন এক নিদৰ্শন।
উল্লেখ্য যে চামগুৰিত বাহনত ৰেলীত ব্যৱহাৰ কৰিবলৈ অনা পতাকাৰ তলত কংগ্ৰেছে লুকুৱাই অনা শিলৰ দৃশ্য বিধায়কগৰাকীয়েও সামাজিক মাধ্যমত শ্বেয়াৰ কৰে।