ডিজিটেল সংবাদ, গুৱাহাটী : দক্ষিণ কামৰূপৰ মিৰ্জাৰ নাতিদূৰৈৰ সাতপাৰা দুৰ্গা পূজা সৌজন্যত শুকুৰবাৰে দীপান্বিতাৰ দিনাই বেল, বকুল, শিলিখা, মহানিম, কৰবী আদিৰ গছপুলি ৰোপণ কৰে। পূজা সমিতিৰ সাধাৰণ সম্পাদক মদন দাসে আঁত ধৰা অনুষ্ঠানত আদিতে গছপুলি ৰোপণ কৰে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ সদস্য তথা সাংবাদিক দীপক শৰ্মাই।
ইয়াৰ পিছত পূজা সমিতিৰ সভাপতি কনক কাকতি, কাৰ্যকৰী সভাপতি দুলাল দাস, উপ-সভাপতি বীৰেন চন্দ্ৰ শৰ্মা, প্ৰবীণ দাস, সহকাৰী সম্পাদক যাদৱ দাস, প্ৰাক্তন সাধাৰণ সম্পাদক কৃষ্ণ কান্ত দেৱ শৰ্মা, যীশু মজুমদাৰ, কৰ্মকৰ্তা প্ৰভাত শৰ্মা, দিলীপ শৰ্মা, হিমাদ্ৰী মজুমদাৰ, বিচিত্ৰ মজুমদাৰ, প্ৰদীপ দাস, ডিম্বেশ্বৰ শৰ্মা, কনক দাস, প্ৰশান্ত শৰ্মা, নিতুল কলিতা প্ৰভৃতিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত অংশ লৈ সাংবাদিক দীপক শৰ্মাই কয়- "আমি গছ সকলো ঠাইতে ৰুব লাগে। য'তেই খালি মাটি থাকে, তাতেই গছ ৰুব লাগে। গছ থাকিলেহে মানুহ থাকিব ।"
সভাপতি কনক কাকতি আৰু সাধাৰণ সম্পাদক মদন দাসে গছপুলি ৰোপণৰ প্ৰয়োজনীয়তা সম্পৰ্কত আলোকপাত কৰে। উল্লেখযোগ্য যে - প্ৰতিটো গছত বেৰ দি সংৰক্ষণৰ ব্যৱস্থা কৰিছে উদ্যোক্তাই।
Also Read: বিহালীৰ বিজেপি কাৰ্যালয়ত বিধায়ক পদ্ম হাজৰিকাৰ বিস্ফোৰক সংবাদমেল