গুৱাহাটীৰ ড্ৰেইনৰ লেতেৰা প্লাষ্টিকে মাহেকত দিব ৫কোটি!

গুৱাহাটীৰ ড্ৰেইনৰ প্লাষ্টিকে মাহেকত দিব ৫কোটি!

author-image
Dimpul Borgohain
New Update
গুৱাহাটীৰ ড্ৰেইনৰ লেতেৰা প্লাষ্টিকে মাহেকত দিব ৫কোটি!

গুৱাহাটীৰ ড্ৰেনত পৰি থকা প্লাষ্টিকৰ পৰাই উপাৰ্জন হ'ব মাহেকত ৫কোটি টকা! অসম্ভৱ যেন লগা এই হিচাপ কেনেকৈ সম্ভৱ এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে। প্লাষ্টিকৰ ব্যৱহাৰ আৰু ইয়াৰ পৰা উদ্ভৱ হোৱা প্ৰত্যাহ্বানৰ বিষয়ে বহু আলোচনা হ'ল। এইবাৰ আলোচনা কৰো আহক পেলনীয়া প্লাষ্টিকে আমাক কেনেদৰে ধনী কৰিব। ডিম্পুল বৰগোহাঁইৰ এক প্ৰতিবেদন...

প্লাষ্টিকৰ বৰ্ধিত ব্যৱহাৰ আৰু ইয়াৰ পৰা উদ্ভৱ হোৱা বিভিন্ন প্ৰত্যাহ্বানৰ সম্পৰ্কে কেতিয়াবা খুব দ'কৈ আলোচনা হোৱা দেখা যায়। কিন্তু ইয়াৰ ফলাফল আজিকোপতি শূণ্য। প্লাষ্টিকৰ বিৰুদ্ধে সজাগতা সভা, বিভিন্ন কাৰ্যসূচীৰ লগতে চৰকাৰে ঘপককৈ কঠোৰ নিয়ম প্ৰযোজ্য কৰিলেও সকলো ফুটুকাৰ ফেন সদৃশ। দিনক দিনে বাঢ়িছেহে প্লাষ্টিকৰ ব্যৱহাৰ।

প্লাষ্টিকৰ পৰা উদ্ভৱ হোৱা প্ৰত্যাহ্বান, সমস্যাৰ বিষয়ে আপোনালোকে হয়তো ইয়াৰ আগতে বহু প্ৰতিবেদন পঢ়িছে। কিন্তু এই প্ৰতিবেদন প্লাষ্টিকৰ বিৰুদ্ধে নহয়! এই প্ৰতিবেদন হৈছে প্লাষ্টিকৰ পৰা আমি কিদৰে লাভৱান হ'ব পাৰো তাৰ বিষয়েহে। এই প্ৰতিবেদন প্ৰস্তুত কৰোতে আমি আমি গুৱাহাটী পৌৰ নিগমৰ পৰা বিভিন্ন তথ্য সংগ্ৰহ কৰিছো। আৰু সেই তথ্যৰ ভিত্তিতে প্লাষ্টিকৰ পৰা আমি কিদৰে লাভৱান হ'ব পাৰো, বহিঃ দেশত প্লাষ্টিকৰ পৰা কেনেকৈ মানুহ লাখপতি হৈছে, তাৰ বিষয়ে জনোৱাৰ চেষ্টা কৰিম।

গুৱাহাটী পৌৰ নিগমৰ পৰা লাভ কৰা তথ্য অনুসৰি, প্লাষ্টিকৰ অবাধ ব্যৱহাৰৰ ফলত মহানগৰীত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে প্লাষ্টিকসৃষ্ট আৱৰ্জনা আৰু প্ৰদূষণ। প্রায় ২০ লাখ লোকে বসবাস কৰা গুৱাহাটী মহানগৰীত বিজ্ঞানসন্মতভাৱে আৱৰ্জনা সংগ্রহ আৰু পৰিশোধনৰ ব্যৱস্থা নোহোৱাৰ ফলশ্রুতিত বিভিন্ন স্থানত স্তূপীকৃত আৱৰ্জনাই ভয়াৱহ ৰূপত প্ৰদূষণ সৃষ্টি কৰিছে । গুৱাহাটী মহানগৰীত প্রতিদিনে প্রায় ৬০০ টন আৱৰ্জনা ওলায় । এই ৬০০ টন আৱৰ্জনাৰ ভিতৰত অধিকাংশই হৈছে প্লাষ্টিকসৃষ্ট আৱৰ্জনা ।

আনহাতে, 'এনভাইৰন' নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে চলোৱা জৰীপৰ তথ্য অনুসৰি মহানগৰীত প্ৰতিদিনে ওলোৱা প্রায় ৬০০টন আৱৰ্জনাৰ ভিতৰত ৩৭০ টন আৱৰ্জনাই হৈছে প্লাষ্টিকসৃষ্ট আৱৰ্জনা । বিগত এটা দশকত গুৱাহাটী মহানগৰীত অস্বাভাৱিক হাৰত প্লাষ্টিকসৃষ্ট আৱৰ্জনাৰ পৰিমাণ বৃদ্ধি পাইছে । যাৰ ফলশ্ৰুতিত গুৱাহাটী মহানগৰীত পৰিৱেশ প্ৰদূষণ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে।

গুৱাহাটীৰ জাঁবৰ নিষ্কাষণ, বিশেষকৈ প্লাষ্টিক জাতীয় আৱৰ্জনা পুুনঃব্যৱহাৰ লক্ষ্যৰে গুৱাহাটী পৌৰ নিগমে বহুকেইটা আঁচনি গ্ৰহণ কৰি ইয়াৰ কাম আৰম্ভ কৰিছিল যদিও, ইমান বৃহতসংখ্যক প্লাষ্টিকৰ জাঁবৰক লৈ বিমোৰত পৰিছে নিগম। যাৰ বাবে ভৱামতে সকলোখিনি হৈ উঠা নাই। সেয়া যি কি নহ'লেও প্লাষ্টিকৰ আৱৰ্জনা নিৰ্মূলকৰণক লৈ জনতাও সমানেই সচেতন হোৱাতো দৰকাৰ, যিটো নহয় বুলি কলেও ভুল কোৱা নহ'ব।

এতিয়া গুৱাহাটীৰ পৰা কিছু আঁতৰি যাও আহক। প্লাষ্টিকৰ ব্যৱহাৰ ঘপককৈ নকৰো বুলি ক'লেই নকৰাকৈ থাকিব নোৱাৰি। ইয়াৰবাবে এক দীৰ্ঘম্যাদী পৰিকল্পনাৰ প্ৰয়োজন হ'ব। যিটো কোনেৱে হয়তো এতিয়ালৈকে ভালকৈ ভৱা নাই। কিন্তু বাহিৰৰ প্ৰায়বোৰ উন্নত দেশে অতিপাত প্লাষ্টিকৰ ব্যৱহাৰ কৰে যদিও প্লাষ্টিকক নিয়ন্ত্ৰণ কৰাৰ কৌশলো নিজেই আৱিষ্কাৰ কৰিছে।

প্লাষ্টিকৰ আৱৰ্জনাৰ পৰাই উপাৰ্জনৰ নতুন কৌশল বিচাৰি লৈছে বহুকেইখন উন্নত দেশে। আমেৰিকা এই ক্ষেত্ৰত বিশেষভাৱে উল্লেখনীয়। এক তথ্য অনুসৰি আমেৰিকাৰ মুঠ প্লাষ্টিকৰ বজাৰৰ ৪.২শতাংশ উপাৰ্জন কৰে পেলনীয়া প্লাষ্টিকৰ পৰাই। উল্লেখ কৰা প্ৰয়োজন যে, ২০২৩-২০২৪বৰ্ষত আমেৰিকাৰ প্লাষ্টিকৰ বজাৰখনৰ উপাৰ্জন হৈছে ৯২.৬ বিলিয়ন ডলাৰ।

পেলনীয়া প্লাষ্টিকৰ পৰা উপাৰ্জনৰ ক্ষেত্ৰত পিছপৰি থকা নাই চীনো। চীনে ২০২৩ বৰ্ষত ১২৮মিলিয়ন টন প্লাষ্টিক উৎপাদন কৰিছিল। যিটো সমগ্ৰ বিশ্বৰ প্লাষ্টিক উৎপাদনৰ ৩২শতাংশ। এই উতপাদিত ১২৮মিলিয়ন প্লাষ্টিকৰ ভিতৰত ফুটপাথ, বিভিন্ন হোটেল-ৰেষ্টুৰাত পৰা উঠাই নিয়া লেতেৰা প্লাষ্টিকৰ পৰিমাণেই আছিল প্ৰায় ২৯মিলিয়ন টন। সেই বৰ্ষত পেলনীয়া প্লাষ্টিকৰ পৰাই চীনে উপাৰ্জন কৰিছিল ৯৪বিলিয়ন ডলাৰ।

এনেকৈ অলেখ উদাহৰণ আপুনি গুগ'ল খুচৰিলেই পাব। আমেৰিকা আৰু চীনৰ উন্নত তথ্য-প্ৰযুক্তিক লৈ প্ৰায়ে চৰ্চা হয় বাবে এই দুখন দেশৰ উদাহৰণ উল্লেখ কৰিলো। এতিয়া আহো ভাৰতৰ প্ৰেক্ষাপটলৈ। প্লাষ্টিকৰ সামগ্ৰী উতপাদন কৰা প্ৰায় ৫০হাজাৰ টা সৰু-বৰ পঞ্জীয়ণকৃত কোম্পানী আছে আমাৰ দেশত। ভাৰতৰ প্লাষ্টিকৰ বজাৰখনৰ পৰিসৰ ৪৩.৮৬বিলিয়ন ডলাৰ অৰ্থাত ৩.৪লাখ কোটি বুলি উল্লেখ আছে। ২০৩০লৈ এই বজাৰৰ পৰিসৰ ৬.৬শতাংশ বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

বিশ্বৰ বাকীবোৰ দেশৰ দৰে ভাৰতত পেলনীয়া প্লাষ্টিকৰ পৰাও কিদৰে উপাৰ্জন কৰিব পাৰি, সেই ধাৰণা যথেষ্ট সীমিত। ভাৰতৰ কথা বাদেই দিলো, আমি পুনৰ উভতিছো গুৱাহাটীলৈ। গুৱাহাটীত প্ৰতিদিনে ৩৭০টন প্লাষ্টিকৰ আৱৰ্জনা গোট খায়। যদিহে সুপৰিকল্পনাৰে এই প্লাষ্টিকখিনি পুন ব্যৱহাৰ যোগ্য কৰি তুলি ব্যৱসায়িক দৃষ্টিৰে চোৱা হয়। তেন্তে অসমত উদ্যোগিক ক্ষেত্ৰত হয়তো নতুন এটা বাটৰ সৃষ্টি হব।

আমি গুৱাহাটীৰ বিভিন্ন ঠাইত থকা ভগা-চিগা পেলনীয়া সামগ্ৰী গোটোৱা দোকানত খবৰ কৰিছিলো যে, পেলনীয়া প্লাষ্টিকৰ মূল্য কিমান? নুনমাটি আৰু জু তিনি আলিৰ প্ৰায় ৭খন দোকানত খবৰ কৰি গম পালো যে, গুৱাহাটীতো পেলনীয়া প্লাষ্টিকৰ মূল্য আমি ভাৱি থকাতকৈ যথেষ্ট বেছি। আমি সাধাৰণতে ব্যৱহাৰ কৰা পানীৰ বটল নাইবা বিভিন্ন টেমাজাতীয় প্লাষ্টিকৰ মূল্য প্ৰতিকেজিত ৪০-৫০টকা।

আনহাতে আপুনি জানি আচৰিত হ'ব যে, পেলনীয়া পলিথিনৰ মূল্য প্ৰতিকেজিত ১২০-১৫০টকা। সেই পলিথিন কিছু লেতেৰা হ'লেও কোনো কথা নাই। আনহাতে বাকী যিবোৰ টান প্লাষ্টিক, যেনে চকী, টেবুল এনে সামগ্ৰীৰ মূল্য ৩০-৪০টকা প্ৰতিকেজিত। অৱশ্যে এতিয়াও গুৱাহাটীৰ পেলনীয়া প্লাষ্টিক ১০০শতাংশৰ ভিতৰত প্ৰায় ২০শতাংশহে এনেদৰে ব্যৱসায়িক দৃষ্টিকোণেৰে বিভিন্ন লোকে সংগ্ৰহ কৰে।

এতিয়া আমি থুলমুলকৈ এটা হিচাপ কৰো আহক। গুৱাহাটীত প্ৰতিদিনে ৩৭০টন প্লাষ্টিকৰ আৱৰ্জনা ওলায়। এই ৩৭০টন প্লাষ্টিক ব্যৱসায়িক দৃষ্টিকোণেৰে লৈ পৰিকল্পিতভাৱে যদি সংগ্ৰহ কৰা হয় তেন্তে প্ৰতিকেজিত ৫০টকাকৈ ধৰিলেও প্ৰতিদিনে উপাৰ্জন হব ১৮লাখ ৫০হাজাৰ টকা। এই উপাৰ্জন মাহেকত ৫কোটিৰ ঘৰ স্পৰ্শ কৰিব। এই গণিত কিন্তু অসম্ভৱ নহয়, এনে কাম ইতিমধ্যে বহু উন্নত দেশৰ নগৰসমূহত কৰি আছে।

ওপৰে ওপৰে ভাৱিলে ইয়াক অসম্ভৱ যেন লাগে। কিন্তু কেৱল গুৱাহাটীতেই যদি এই কাম আৰম্ভ কৰা হয়, তেন্তে ই এক যুগান্তকাৰী উদ্যোগলৈ ৰূপান্তৰ হোৱাৰ অৱকাশ আছে। অৱশ্যে তাৰ বাবে সুপৰিকল্পিত আচঁনি, লক্ষ্য নিৰ্ধাৰণৰ লগতে প্ৰয়োজন হ'ব চৰকাৰ তথা বিভাগৰ সদিচ্ছা। আকৌ কৈছো, এই গণিত কিন্তু অসম্ভৱ নহয়...

গুৱাহাটী