ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰীৰ বিশেষ প্ৰশিক্ষণ আঁচনি তথা পি এম ইন্টাৰ্ণশ্বিপ আঁচনিলৈ দেশৰ যুৱ প্ৰজন্মৰ ব্যাপক সহাঁৰি দেখা পোৱা গৈছে। ২ডিচেম্বৰৰ পৰা কাৰ্যকৰী হব লগা এই বিশেষ প্ৰশিক্ষণ আচঁনিৰ বাবে এতিয়ালৈকে ২৮০টাৰো অধিক সৰু-বৰ প্ৰতিষ্ঠানে ইন্টাৰ্ণশ্বিপৰ সুবিধা মুকলি কৰিছে।
বৰ্তমানলৈ এই আঁচনিৰ পৰ্টেলৰ জৰিয়তে এই ২৮০টা কোম্পানীত ১লাখ ২৭হাজাৰ ৪৬গৰাকী প্ৰাৰ্থীয়ে পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা এই তথ্য সদৰি কৰা হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, pminternship.mca.gov.in নামৰ ৱেবচাইটৰ জৰিয়তে এই দেশৰ ভিন্ন প্ৰান্তৰ যুৱক-যুৱতীয়ে এই বিশেষ প্ৰশিক্ষণ আঁচনিৰ সুবিধা আদায় কৰিব পাৰে।
প্ৰধানমন্ত্ৰীৰ বিশেষ প্ৰশিক্ষণ আঁচনিত নিজৰ নাম পঞ্জীয়ন কৰিবলৈ নৱেম্বৰ প্ৰথম সপ্তাহৰ লৈকে খোলা থাকিব এই ৱেবচাইটৰ সুবিধা। দেশৰ নিবনুৱা যুৱক-যুৱতীসকলক ব্যৱহাৰিক উদ্যোগৰ অভিজ্ঞতা প্ৰদান কৰা আৰু তেওঁলোকৰ নিয়োগ যোগ্যতা বৃদ্ধি কৰাই হৈছে এই আচঁনিখনৰ প্ৰধান তথা মূল উদ্দেশ্য।
ইতিমধ্যে এই আঁচনিখনৰ দেশৰ অৰ্থনীতিবিদসকলেও ভূয়সী প্ৰশংসা কৰিছে। এই আচঁনিখনে ভাৰতৰ যুৱক-যুৱতীসকলক চাকৰিৰ বাবে সাজু কৰি তোলা আৰু বজাৰৰ চাহিদাৰ সৈতে তেওঁলোকৰ দক্ষতা বৃদ্ধি কৰি দেশৰ কৰ্মশক্তি বিকাশত অৰিহণা যোগাব বুলি অৰ্থনীতিসকলে মতপোষণ কৰিছে।
দেশৰ ৩৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলকে ধৰি মুঠ ৭৩৭খন জিলাত এই ইন্টাৰ্ণশ্বিপৰ সুযোগ উপলদ্ধ হব। এই আচঁনিখন ২০২৪-২৫বৰ্ষৰ কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰিছিল। ২১ৰ পৰা ২৪বছৰ বয়সৰ ১কোটি প্ৰাৰ্থীক ৫বছৰৰ ভিতৰত ইন্টাৰ্ণশ্বিপ প্ৰদান কৰাৰ লক্ষ্য চৰকাৰৰ। এই আঁচনিৰ অধীনত প্ৰাৰ্থীসকলে ১২মাহৰ বাবে মাহিলী ৫হাজাৰ টকাৰ আৰ্থিক সাহায্য আৰু ৬হাজাৰ টকাৰ এককালীন অনুদান লাভ কৰিব।
এই আঁচনিৰ জৰিয়তে তেল, গেছ, শক্তি খণ্ড আৰু তাৰ পিছত ভ্ৰমণ আৰু আতিথ্য, অটোমবাইল, বেংকিং আৰু বিত্তীয় সেৱাত প্ৰশিক্ষণৰ সুযোগ লাভ কৰিব। বৰ্তমান এই আঁচনিৰ বিশেষ ৱেবচাইটটোত সদৰি কৰা তথ্য অনুসৰি ২৮০টা কোম্পানীত ১.২৭লাখ প্ৰাৰ্থীয়ে নিজৰ প্ৰশিক্ষণৰ বাবে সকলোখিনি প্ৰক্ৰিয়া সম্পন্ন কৰিছে। পাইলট প্ৰকল্পৰ অধীনত ২ডিচেম্বৰৰ পৰা আৰম্ভ হব এই প্ৰশিক্ষণ কাৰ্যসূচী।