১০ কোটি অনুৰাগীৰে এক্সত সৰ্বাধিক অনুসৰণ কৰা বিশ্বৰ নেতা হিচাপে পৰিগণিত প্ৰধানমন্ত্ৰী মোডী

১০ কোটি অনুৰাগীৰে এক্সত সৰ্বাধিক অনুসৰণ কৰা বিশ্বৰ নেতা হিচাপে পৰিগণিত প্ৰধানমন্ত্ৰী মোডী
Published on
Updated on

ডিজিটেল ডেস্কঃ সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফ’ল’ৱাৰৰ সংখ্যাই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে।বিশ্বৰ সকলো নেতাক অতিক্ৰম কৰি মোডীৰ এক্স হেণ্ডেলৰ ফ’ল’ৱাৰৰ সংখ্যা হ'ল ১০ কোটিৰো অধিক ৷ দেওবাৰে এই সংখ্যা স্পৰ্শ কৰাৰ লগে লগে নৰেন্দ্ৰ মোডী এক্স হেণ্ডেলত বিশ্বৰ সৰ্বাধিক ফ’ল’ৱাৰ থকা নেতা হৈ পৰে৷

উল্লেখ্য যে, এই ক্ষেত্ৰত মোডীৰ ফ’ল’ৱাৰৰ সংখ্যাই জো বাইডেন,শ্বেখ মহম্মদ,পোপ ফ্ৰান্সিছৰ লগতে খেলুৱৈ, তাৰকাসকলকো চেৰ পেলাইছে ৷ কেৱল এক্স তে নহয় বাকীসমূহ সামাজিক মাধ্যমতো প্ৰধানমন্ত্ৰী গৰাকীৰ আছে বহুখিনি ফ’ল’ৱাৰ ৷ ইউটিউবত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ছাবস্ক্ৰাইবাৰ আছে ২৫ মিলিয়ন আৰু ইনষ্টাগ্ৰামত ফ’ল’ৱাৰ আছে ৯১ মিলিয়নতকৈও অধিক ৷

যদিহে ভাৰতীয় ৰাজনীতিকসকলৰ ফ’ল’ৱাৰৰ সংখ্যা চোৱা যায়, সেই ক্ষেত্ৰতো নৰেন্দ্ৰ মোডী শীৰ্ষত ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এক্সত ফ’ল’ৱাৰ ২৬.৪ মিলিয়ন, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ২৭.৫ মিলিয়ন, সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱৰ আছে ১৯.৯ মিলিয়ন আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ এক্সত ফ’ল’ৱাৰ আছে ৭.৪ মিলিয়ন ৷

ইয়াৰোপৰি বিৰাট কোহলীৰ ফ’ল’ৱাৰ আছে ৬৪.১ মিলিয়ন, ফুটবলাৰ নেইমাৰৰ আছে ৬৩.৬ মিলিয়ন, বাস্কেটবল খেলুৱৈ লেব্ৰন জেমছৰ ফ’ল’ৱাৰ আছে ৫২.৯ মিলিয়ন ৷ এই সকলোকে পিছ পেলাই প্ৰধানমন্ত্ৰী মোডীৰ ফ’ল’ৱাৰ শীৰ্ষত ৷

১০ কোটি অনুৰাগীৰে এক্সত সৰ্বাধিক অনুসৰণ কৰা বিশ্বৰ নেতা হিচাপে পৰিগণিত প্ৰধানমন্ত্ৰী মোডী
মুকলি কৰা হ'ল পুৰী জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰৰ দুৱাৰ!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in