ডিজিটেল ডেস্ক : দেওবাৰে ৯০ সংখ্যক "মনকি বাত" অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক বিশেষ ভাবে সম্বোধন কৰে । দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে স্বাধীনতা সংগ্ৰামৰ শ্বহীদ উধম সিঙে দেশৰ বাবে কৰা ত্যাগৰ কথা স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
প্ৰধানমন্ত্ৰী মোডীয়ে মনকি বাত অনুষ্ঠানত কয় যে , "স্বাধীনতাৰ ৭৫ সংখ্যক দিনটো আমাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ দিন । স্বাধীনতাৰ অমৃত মহোৎসৱৰ অধীনত ১৩ ৰ পৰা ১৫ আগষ্টলৈ এক বিশেষ উৎসৱৰ আয়োজন কৰা হৈছে আৰু 'হৰ ঘৰ তিৰঙ্গা- হৰ ঘৰ তিৰঙ্গা'ৰ ব্যৱস্থা কৰা হৈছে । এই উৎসৱৰ অংশ হিচাপে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ আপোনালোকে ঘৰত ত্ৰিৰংগা উত্তোলন কৰিব লাগিব, বা ইয়াক আপোনালোকৰ ঘৰত ৰাখিব লাগিব।"
ইয়াৰ ওপৰিও প্ৰধানমন্ত্ৰী মোডীয়ে সামাজিক মাধ্যম ব্যৱহাৰকাৰী সকলক নিজৰ ডিপিত ২ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ত্ৰিৰংগা পতাকা ৰখিবলৈ আহ্বান জনায় । উল্লেখ্য যে, ২ আগষ্টত ত্ৰিৰংগা পতাকাৰ নক্সা তৈয়াৰ কৰা পিঙ্গালী ভেংকায়াৰ জন্মজয়ন্তী ।
আৰু পঢ়ক :মন কী বাত' ত এইবাৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা…