ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ভাৰতৰ সৈতে বৈঠকত মিলিত হোৱাৰ আগ্ৰহ প্ৰকাশ কৰিছে বাংলাদেশৰ নতুন অন্তৱৰ্তীকালীন চৰকাৰে। ইয়াৰ বাবে ঢাকাৰ পৰা নতুন দিল্লীলৈ এটা চৰকাৰী বাৰ্তা প্ৰেৰণ কৰা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে বৈঠক মিলিত হব পাৰে। এই বৈঠকখনৰ উদ্দেশ্যে ভাৰতক অনুৰোধ জনাইছে বাংলাদেশে। ২০২৪ চনৰ ৮ আগষ্টত ঢাকাত নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত এখন অন্তৱৰ্তীকালীন চৰকাৰখন গঠন কৰা হৈছিল।
উল্লেখ্যযোগ্য যে, চুবুৰীয়া দেশৰ এই অনুৰোধৰ প্ৰতি ভাৰতে এতিয়াও কোনো সঁহাৰি দিয়া নাই যদিও ২২, ২৩ ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধিৱেশনৰ সময়ত নিউয়ৰ্কত মহম্মদ ইউনুছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে ।
মোডীৰ সৈতে বৈঠক সন্দৰ্ভত মহম্মদ ইউনুছে কয় যে, SAARC দেশসমূহৰ সংগঠন শক্তিশালী কৰাৰ বাবে ভাৰতৰ সৈতে আলোচনা কৰাটো প্ৰয়োজনীয়। মহম্মদ ইউনুছে বাংলাদেশৰ ৰহিংগীয়া শৰণাৰ্থী বিষয়ত প্ৰধানমন্ত্ৰী মোডীৰ পৰাও সহায় বিচৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। যদিও ভাৰত চৰকাৰে এই সন্দৰ্ভত এতিয়াও কোনো উত্তৰ দিয়া নাই, তথাপিও ছেপ্টেম্বৰৰ শেষত অনুষ্ঠিত হ’বলগীয়া ইউএনজিএৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ নিউয়ৰ্কলৈ যাব প্ৰধানমন্ত্ৰী মোডী। য'ত দুয়োজন নেতাৰ সাক্ষাৎ হোৱাৰ আশা কৰা হৈছে।
মহম্মদ ইউনুছে পিটিআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ভাৰতত থকা অৱস্থাত বাংলাদেশ সন্দৰ্ভত মন্তব্য কৰা শ্বেখ হাছিনাক সমালোচনা কৰিছিল। ভাৰতে যদি হাছিনাক ৰাখে তেন্তে তেওঁক মুখ বন্ধ ৰখাৰ চৰ্ত দিছিল। লগতে কয় যে, ভাৰতত বহি তেওঁ কথা কোৱা আৰু নিৰ্দেশনা দিয়াটো কোনেও ভাল নাপায়। এইটো আমাৰ বা ভাৰতৰ বাবে ভাল নহয়।
ইউনুছৰ এই মন্তব্যক লৈ ভাৰতৰ পৰা এতিয়ালৈকে কোনো উত্তৰ অহা নাই যদিও এই মন্তব্য দুয়োখন দেশৰ সম্পৰ্কৰ বাবে ভাল নহয় বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে।
ইফালে পূৰ্বতে ১৬ আগষ্টত অধ্যাপক ইউনুছে প্ৰধানমন্ত্ৰী মোডীক সম্বোধন কৰি দুয়োখন চুবুৰীয়া দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক আগুৱাই নিয়াৰ বাবে এক ফলপ্ৰসূ আলোচনাত মিলিত হৈছিল। মোডীয়ে বাংলাদেশৰ হিন্দু আৰু অন্যান্য সংখ্যালঘুৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, য’ত অধ্যাপক ইউনুছে তেওঁৰ চৰকাৰে তেওঁৰ মুছলমান সংখ্যাগৰিষ্ঠ ৰাষ্ট্ৰৰ সকলো সংখ্যালঘুৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি আশ্বাস দিয়ে।
Also Read: নাতি মেডিয়া!