আজি নতুন দিল্লীত ‘ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টৰ্ছ সন্মিলন’ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

দেশৰ ৰাজধানী নতুন দিল্লীত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টৰ্ছ সন্মিলন। ২৩ আৰু ২৪ মে’ এই দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত সন্মিলনখন শুকুৰবাৰে পুৱা ১০-৩০ বজাত আনুষ্ঠানিকভাৱে

author-image
Asomiya Pratidin
New Update
modi ...

ডিজিটেল ডেস্ক : দেশৰ ৰাজধানী নতুন দিল্লীত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টৰ্ছ সন্মিলন। ২৩ আৰু ২৪ মে’ এই দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত সন্মিলনখন শুকুৰবাৰে পুৱা ১০-৩০ বজাত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। 

ইতিমধ্যে সম্পূৰ্ণৰূপে সাজু কৰা হৈছে সন্মিলনৰ কাম- কাজ। চৌদিশে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী।

উল্লেখযোগ্য যে, উত্তৰ-পূব অঞ্চলক সম্ভাৱনা আৰু সুযোগৰ কেন্দ্ৰস্থল হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই সন্মিলনৰ আয়োজন কৰা হৈছে। তাৰোপৰি ঘৰুৱা তথা বিশ্বব্যাপী বিনিয়োগকাৰীক আকৰ্ষণ কৰাও অন্যতম উদ্দেশ্য এই সন্মিলনৰ।

এই সন্মিলনত কেইবা লানি আলোচনা সত্ৰ অনুষ্ঠিত কৰা হ’ব। য’ত ভাগ ল’ব কেন্দ্ৰীয় মন্ত্ৰী, যুৱ উদ্যোগী, ৰাজ্য চৰকাৰসমূহৰ মন্ত্ৰী তথা প্ৰতিনিধি, বিনিয়োগকাৰী আদি।

ইয়াৰ উপৰি বিনিয়োগ প্ৰসাৰৰ মূল খণ্ড হিচাপে পৰ্যটন, কৃষি-খাদ্য প্ৰক্ৰিয়াকৰণ, হস্ততাঁত আৰু বস্ত্ৰশিল্প, স্বাস্থ্যসেৱা, শিক্ষা আৰু দক্ষতা বিকাশ, তথ্য প্ৰযুক্তিৰ লগতে মনোৰঞ্জন আৰু ক্ৰীড়াৰ বিষয়ে আলোচনা হ’ব।

pm narendra modi narendra modi