প্ৰথমে ভোটদান, তাৰ পিছত জলপানঃ ভোটাৰলৈ প্ৰধানমন্ত্ৰীৰ বিশেষ আহ্বান...

ঝাৰখণ্ডৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ পুৱা ৭বজাৰে পৰা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ আছে। পুৱাই এই নিৰ্বাচনক লৈ জনতাক উদ্দেশ্যি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক্সত দিলে এক বিশেষ বাৰ্তা।

author-image
Asomiya Pratidin
New Update
নৰেন্দ্ৰ মোডী

ডিজিটেল ডেস্কঃ ঝাৰখণ্ডৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ পুৱা ৭বজাৰে পৰা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ আছে। ৰাজ্যখনৰ ১৫খন জিলাৰ ৪৩টা সমষ্টিত ৬৮৩গৰাকী প্ৰাৰ্থীৰ নিৰ্ণয় হ'ব ভাগ্য এই নিৰ্বাচনত। পুৱাই এই নিৰ্বাচনক লৈ জনতাক উদ্দেশ্যি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক্সত দিলে এক বিশেষ বাৰ্তা।

ভোটাৰক উদ্দেশ্যি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়-  গণতন্ত্ৰৰ এই উতসৱত সকলোৱে উতসাহেৰে অংশ লওঁক। এয়া মোৰ সকলো ভোটাৰলৈ বিনম্ৰ আহ্বান। যিসকলে প্ৰথমবাৰলৈ ভোটাধিকাৰ সাব্যস্ত কৰিব তেওঁলোকলৈ বিশেষভাৱে অভিনন্দন। এটা কথা মনত ৰাখিব প্ৰথমে ভোটদান, তাৰ পিছতহে জলপান।

উল্লেখ্য যে, ঝাৰখণ্ডৰ লগতে আজি দেশৰ ৪৭টা বিধানসভা আৰু ২টা লোকসভা সমষ্টিত আজি অনুষ্ঠিত হৈছে উপ নিৰ্বাচন। ঝাৰখণ্ড বিধানসভাত আসনৰ সংখ্যা ৮১ খন । ইয়াৰে ভিতৰত 44 খন অসংৰক্ষিত । 28 খন এছ টিৰ বাবে আৰু 9 খন অনুসূচিত জাতিৰ বাবে সংৰক্ষিত । নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, ঝাৰখণ্ডত 15 অক্টোবৰলৈকে মুঠ 2.6 কোটি ভোটাৰ আছে । ইয়াৰে ভিতৰত 1.29 কোটি মহিলা আৰু 1.31 কোটি পুৰুষ । আনহাতে, এই নিৰ্বাচনত 11.84 লাখ যুৱ ভোটাৰে প্ৰথমবাৰৰ বাবে তেওঁলোকৰ ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব

কোন ৰাজ্য়ৰ কেইটা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে উপ নিৰ্বাচনঃ- 

বিহাৰ (৪টা সমষ্টি)

২০৩ নম্বৰ ৰামগড়

১৯৬ নং তাৰাৰি

২২৭ নং ইমামগঞ্জ

২৩২ নং বেলাগঞ্জ

গুজৰাট (এটা)

৭ নং ভাভ

কৰ্ণাটক (তিনিটা)

৮৩ নং শ্বিগগাঁও

৯৫ নং ছন্দুৰ

১৮৫ নং চান্নাপাটনা

কেৰালা (তিনিটা, দুটা বিধানসভা আৰু এটা লোকসভা)

৫৬ নং পালাক্কাড়

৬১ নং চেলাক্কাৰা

৪ নং ৱায়নাড় (লোকসভা সমষ্টি)

মধ্যপ্ৰদেশ (দুটা)

১৫৬ নং বুধনি

০২ নং বিজয়পুৰ

মহাৰাষ্ট্ৰ (এটা)

১৬ নং নানডেড (লোকসভা সমষ্টি)

মেঘালয় (এটা)

৫৬ নং গামবেগ্ৰে

পঞ্জাব (চাৰিটা)

৮৪ নং গিড্ডাৰবাহা

১০ নং ডেৰা বাবা নানক

১০৩ নং বাৰনালা

৪৪ নং চাব্বেৱাল

ৰাজস্থান (৭ টা)

১৬১ নং চোৰাচি

১১০ নং খিন্বছৰ

৮৮ নং ডৌচা

২৭ নং ঝুনঝুনু

৮৭ নং দেউলি উনিয়াৰা

১৫৬ নং ছেলুমবাৰ

৬৭ নং ৰামগড়

ছিকিম (দুটা)

০৭ নং চোৰেং-চাকুং

১১ নং নামচি চিংঘিটাং

উত্তৰ প্ৰদেশ (৯ টা)

১৬ নং মীৰাপুৰ

২৯ নং কুণ্ডাৰ্কি

৫৬ নং গাজিয়াবাদ

৭১ নং খৈৰ

১১০ নং কাৰহাল

২৫৬ নং ফুলপুৰ

২৭৭ নং কাটিহাৰি

৩৯৭ নং মাঝৱান

২১৩ নং ছিচামাউ

উত্তৰাখণ্ড (এটা)

০৭ নং কেদাৰনাথ

পশ্চিমবংগ (৬ টা)

২৫১ নং তালডাংগ্ৰা

০৬ নং সিতাই (এছ চি)

১০৪ নং নয়হাতি

১২১ নং হাৰোৱা

২৩৬ নং মেদিনীপুৰ

১৪ নং মদাৰিহাট

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী