প্ৰধানমন্ত্ৰীৰ বিশ্বকৰ্মা আঁচনিঃ দেশৰ ১১লাখ লোকক দক্ষতাৰ প্ৰশিক্ষণ...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭৩ সংখ্যক জন্মদিনৰ দিনটোতে দেশৰ শিল্পীসকলৰ বাবে উৎসৰ্গিত কৰা হৈছিল এক বিশেষ আঁচনি।

author-image
Asomiya Pratidin
New Update
বিশ্বকৰ্মা আঁচনিৰ অধীনত ১১ লাখক দক্ষতা প্ৰদান

ডিজিটেল ডেস্কঃ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭৩ সংখ্যক জন্মদিনৰ দিনটোতে দেশৰ শিল্পীসকলৰ বাবে উৎসৰ্গিত কৰা হৈছিল এক বিশেষ আঁচনি। চৰকাৰে শিল্পীসকলৰ পৰম্পৰাগত দক্ষতাৰ প্ৰচাৰ আৰু শক্তিশালী কৰাৰ বাবে ১৩,০০০ কোটি টকাৰ এই আঁচনি মুকলি কৰিছিল। 

এই আঁচনিৰ উদ্দেশ্য হৈছে প্ৰশিক্ষণৰ জৰিয়তে শিল্পীসকলৰ পৰম্পৰাগত দক্ষতা অধিক উন্নত কৰা। সেই অনুসৰি এবছৰৰ ভিতৰত ১০ লাখতকৈ অধিক শিল্পী আৰু কাৰিকৰক দক্ষ কৰি তোলা হৈছে। ইয়াৰ অধীনত শীৰ্ষ পাঁচটা ব্যৱসায় হৈছে চিলাই,পকা মিস্ত্ৰী, কাঠমিস্ত্ৰী, নাপিত আৰু ফুল মালা বনোৱা সকল।

দক্ষ শিল্পী সকলৰ ভিতৰত আছে প্ৰায় ৪০% মহিলা। ইয়াৰ মাজত বহুতে বাঁহ শিল্প, ভাস্কৰ্য্য, নাও আৰু মাছৰ জাল নিৰ্মাণৰ দৰে পৰম্পৰাগত শিল্পকৰ্মৰ প্ৰশিক্ষণ লাভ কৰিছে। এই আঁচনিখনে দক্ষতা বিকাশৰ সুবিধা প্ৰদান কৰিব। লগতে আঁচনিৰ অধীনত ‘বিশ্বকৰ্মা’নামৰ পৰম্পৰাগত শিপিনী আৰু শিপিনীসকলক ঋণৰ সুবিধা প্ৰদান কৰি তেওঁলোকৰ ব্যৱসায় বৃদ্ধি কৰাত সহায় কৰিব।

দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি, প্ৰশিক্ষণপ্ৰাপ্তসকলৰ ভিতৰত ৫.৮ লাখৰো অধিক লোক কৰ্ণাটকৰ অন্যান্য পিছপৰা শ্ৰেণীৰ, ১.৯ লাখৰো অধিক লোক কৰ্ণাটকৰ অনুসূচিত জাতি (এছ চি)ৰ।

তথ্য অনুসৰি কৰ্ণাটকত সৰ্বাধিক স্বীকৃতিপ্ৰাপ্ত প্ৰাৰ্থীৰ সংখ্যা ১.১ লাখ, তাৰ পিছতে আছে জম্মু-কাশ্মীৰ (৮২,৫১৪) আৰু গুজৰাট (৮২,৫৪২)। এতিয়ালৈকে এই আঁচনিৰ হিতাধিকাৰীক ৫৫১.৮ কোটি টকাৰ ঋণ অনুমোদন কৰা হৈছে, ইয়াৰে ১৩২.৪ কোটি টকা প্ৰদান কৰা হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী