আৰক্ষীৰ গুলিত আহত দুধৰ্ষ ডকাইত নুৰ আলম...

আৰক্ষীৰ গুলিত আহত দুধৰ্ষ ডকাইত নুৰ আলম...
Published on
Updated on

ডিজিটেল সংবাদ,গোৱালপাৰা: গোৱালপাৰাত পুনৰ আৰক্ষীৰ গুলিত এগৰাকী দুধৰ্ষ ডকাইত আহত হৈছে। বুধবাৰে নিশা পশ্চিম গোৱালপাৰাৰ লক্ষীপুৰৰ থৰ্কোত আৰক্ষীৰ গুলিত আহত হোৱা ডকাইতটোৰ নাম হ'ল নুৰ আলম।

উল্লেখ্য যে যোৱা ৩১ জুলাইত লক্ষীপুৰৰ থৰ্কো তিনিআলীত নিশাৰ ভাগত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড। ডকাইতৰ দলটোৱে যাত্ৰীৰ পৰা লুটি নিছিল নগদ ১০হাজাৰ সহ সোনৰ আ-অলংকাৰ আৰু ভালেকেইটা ম'বাইল ফোন। আৰক্ষীয়ে এই সন্দৰ্ভত লক্ষীপুৰ আৰক্ষী থানাত ইউ এছ১২৬/১১৭/(২)/১০৯/৩০৯/(৪)/৩৫১বি এন এছ আৰ/ডব্লিউ২৫(১বি/(এ) ধাৰাত ২০১/২০২৪ নং গোচৰ ৰুজু কৰি ডকাইতৰ দলটোক কৰায়ত্ব কৰিবলৈ অভিযান চলায়।এই অভিযানত জাহিদুল ইছলাম চৌধুৰী আৰু আন এগৰাকী সহযোগীসহ ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড নুৰ আলমক বুধবাৰে নিশা গ্ৰেপ্তাৰ কৰে।

পিছত ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড নুৰ‌ আলমক নিশা লগত লৈ থৰ্কোৰ বৰদলত লুকুৱাই থোৱা লুট কৰা সামগ্ৰীসমূহৰ সন্ধান চলায়। এই সময়তে নুৰ আলমে সুযোগ লৈ আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলায়। আৰক্ষীয়ে নিয়ন্ত্ৰণৰ‌ বাবে গুলি চলোৱাত অভিযুক্ত ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড নুৰ আলম ভৰিত গুলি লাগি আহত হয় বুলি জিলা আৰক্ষী অধীক্ষক নৱনীত মহন্তই সদৰি কৰিছে।আহত নুৰ আলমক আৰক্ষীয়ে নিশাই উদ্ধাৰ কৰি চিকিৎসাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।

উল্লেখ্য যে বিগত মাহৰ ১৪জুলাইৰ সন্ধিয়া গোৱালপাৰা চহৰৰ উপকণ্ঠ শোলমাৰীৰ কল্যাণপুৰত সংঘটিত লুটপাতৰ ঘটনাত নিহত হৈছিল চহৰৰ অশোক গোৱেল নামৰ এগৰাকী নিৰীহ ব্যৱসায়ী। গোৱালপাৰা আৰক্ষীয়ে জোৰদাৰ অভিযান চলাই দুগৰাকী অভিযুক্ত অপৰাধীক গ্ৰেপ্তাৰ কৰে। পিচত আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা কৰোতে দুয়ো আৰক্ষীৰ গুলিত আহত হৈছিল।

আৰক্ষীৰ গুলিত আহত দুধৰ্ষ ডকাইত নুৰ আলম...
লামডিঙত বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in