ডিজিটেল ডেস্কঃ চৰকাৰী ভ্ৰমণসূচীৰে মেক্সিকো, গ্ৰেণাডা, বাৰ্বাড'ছ, এণ্টিগুৱা আৰু বাৰ্বুডালৈ বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা । অহা ৩০ ছেপ্তেম্বৰৰ পৰা ৮ অক্টোবৰলৈ চৰকাৰী ভ্ৰমণসূচী লৈ চাৰিখন ৰাষ্ট্ৰ ভ্ৰমণ কৰিব কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই।
এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে অহা ১ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া মেক্সিকোৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি ডঃ ক্লাউডিয়া শ্বেনবাউমৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি উপস্থিত থাকিব ।
তদুপৰি এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে গ্ৰেণাডা, বাৰ্বাড'ছ আৰু এণ্টিগুৱা আৰু বাৰ্বুডাত কেইবাখনো দ্বিপাক্ষিক আলোচনাত অংশগ্ৰহণ কৰিব । উল্লেখযোগ্য যে ভাৰতবৰ্ষৰ দ্বিতীয়গৰাকী বিদেশ মন্ত্ৰী হিচাপে পবিত্ৰ মাৰ্ঘেৰিটাই গ্ৰেণাডা ভ্ৰমণ কৰিব। এই ভ্ৰমণসূচীত মন্ত্ৰীগৰাকীয়ে আমেৰিকাৰ চিকাগো চহৰতো এনিশা কটাব ।
Also Read: এটা চাকৰি আৰু বুকুত অযুত আশা