/asomiyapratidin/media/media_files/2025/08/01/pragati-1-2025-08-01-22-23-27.jpg)
ডিজিটেল সংবাদ গুৱাহাটীঃ প্ৰগতি এডুটেকৰ ১৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি প্রাক্তন ছাত্ৰ-ছাত্ৰীৰ কৃতিত্বক স্বীকৃতি দি, বার্ষিক বিনয় ভূষণ চৌধুৰী সোঁৱৰণী বঁটা উন্মোচন কৰা হয়। প্রগতি এডুটেক, গুৱাহাটীয়ে ২০১১ চনত আৰম্ভ হোৱাৰ পৰাই উত্তৰ-পূব ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক সবলীকৰণ কৰি আহিছে "Educate Empower Advance" শীর্ষক মূলমন্ত্ৰৰে।
আজি ইয়াৰ চতুৰ্দশ প্রতিষ্ঠা দিৱস উদযাপনৰ লগতে প্রগতি এডুটেক, গুৱাহাটীয়ে প্রয়াত বিনয় ভূষণ চৌধুৰীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। প্ৰগতি এডুটেকৰ প্ৰতিষ্ঠাপক আৰু পৰিচালক শ্রীসঞ্জিত ৰাজ চৌধুৰী আৰু সুজয় বৰুৱাই বাৰ্ষিক বিনয় ভূষণ চৌধুৰী বঁটা উন্মোচন কৰি কয় যে "আমি এই বঁটা মুকলি কৰি ৰোমাঞ্চিত হৈছো। এয়া আমাৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ অবিশ্বাস্য যাত্ৰাৰ এক শক্তিশালী প্ৰভাৱ আৰু এক সজীৱ প্ৰমাণ"।
দেশৰ যুৱক-যুৱতীসকলক অত্যাধুনিক দক্ষতা প্ৰদানৰ ক্ষেত্ৰত দেশজোৰা প্ৰচেষ্টাত প্রগতি এডুটেকে উল্লেখযোগ্য অৰিহণা যোগোৱা বুলি প্রমাণিত হৈছে। তেওঁলোকে ভাৰত আৰু সমগ্ৰ বিশ্বতে কৰ্মৰত ১২০০০ ৰো অধিক ছাত্র-ছাত্রীক প্রশিক্ষণ দি কর্ম সংস্থাপন দিছে।
এই বঁটাত প্রয়াত বিনয় ভূষণ চৌধুৰীৰ পত্নী এষা চৌধুৰীয়ে মুঠ ৬০,০০০ টকা নগদ পুৰস্কাৰৰ লগতে প্ৰমাণ-পত্ৰ প্ৰদান কৰিছে। ইফালে প্ৰগতিৰ কৰ্মচাৰী আৰু ছাত্র-ছাত্রীসকলে অন লাইন আৰু অফ লাইন দুয়োটা মাধ্যমেৰে এসপ্তাহজোৰা কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস উদযাপন কৰে।এইবাৰৰ প্ৰতিষ্ঠা দিৱসৰ বিষয়বস্তু হৈছে "Legacy of Learning, Journey of Excellence"।