প্ৰাগজ্যোতি ক্লাবৰ ২১ সংখ্যক  অধিবেশন অনুষ্ঠিত...

প্ৰাগজ্যোতি ক্লাবৰ ২১ সংখ্যক অধিবেশন অনুষ্ঠিত...

Published on

ডিজিটেল সংবাদ,পাটাছাৰকুছি: পাটাছাৰকুছিৰ অন্যতম স্বেচ্ছাসেৱী সামাজিক অনুষ্ঠান প্ৰাগজ্যোতি ক্লাবৰ ৩ দিনীয়াকৈ ২১ সংখ্যক অধিবেশন অনুষ্ঠিত হয়। ইয়াৰ লগত সংগতি ৰাখি ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু ৫৫ সংখ্যক বিষ্ণু ৰাভা দিৱস তথা ক্লাবৰ গৌৰৱোজ্জল ৩৫ বৰ্ষপূৰ্তিও উদযাপন কৰা হয়।১৯৮৯ চনৰ ২০ জুনত স্থাপিত অনুষ্ঠানটোৰ আজি তৃতীয়া দিনাৰ কাৰ্যসূচীত স্মৃতিগ্ৰন্থ উন্মোচন, বাৰ্ষিক প্ৰচাৰ পত্ৰ (চতুৰ্থ সংখ্য) উন্মোচন, বঁটা বিতৰণ আৰু মুকলি সভা অনুষ্ঠিত কৰা হয়। আজি আমিনুল হক আৰু নিতুল শৰ্মা সম্পাদিত স্মৃতিগ্ৰন্থ "প্ৰাগজ্যোতি" উন্মোচন কৰে।

ক্লাবৰ সভাপতি ৰফিকুল হকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত বিশিষ্ট যুক্তিবাদী লেখক ৰিপুঞ্জয় গগৈ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী ৰণজিৎ কুমাক দাসে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। সভাত তেওঁ কয় যে, পাটাছাৰকুছিৰ প্ৰাগজ্যোতি ক্লাৱে সমাজত উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে ৷ এইটো এটা ব্যতিক্ৰমী ক্লাৱ ৷ ইয়াত কোনো অসামাজিক কাম নহয় ৷ আমি কৰ্মক বিশ্বাস কৰি আগবাঢ়ি যাব লাগে একাগ্ৰতা আৰু নিষ্ঠা সহকাৰে ৷ তেতিয়া কোনো কামেই অসম্ভৱ নহয়৷

সভাত নিৰ্মল হালৈ মহাবিদ্যাল়য়ৰ অধ্যক্ষ ড° কৌশিক কুমাৰ ডেকায়ো নিজৰ ভাষণ আগবঢ়ায় ৷ ক্লাবৰ শীৰ্ষক সংগীত পৰিৱেশনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা সভাখনত নিতুল শৰ্মাই আদৰণি অনুষ্ঠান, ক্লাবৰ সম্পাদক শিখৰ গোস্বামীয়ে উদ্দেশ্য বাখ্যা কৰে। লগতে স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ সম্পাদক আমিনুল হকে সম্পাদনা সমিতিৰ হৈ বক্তব্য ৰাখে। মৃণাল দ্বীপ গোস্বামীয়ে বঁটা বিতৰণী অনুষ্ঠানৰ আৰু ক্লাবৰ সহ সম্পাদক দ্বীপেন দাসে শলাগৰ শৰাই আগবঢ়ায়।

সভাত বক্তৃতা প্ৰতিযোগিতাৰ বিজয়ী সকলৰ মাজতো বঁটা প্ৰদান কৰা হয়। ইয়াৰ পিছতে সন্ধিয়া ক্লাবৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ক্লাবৰ সদস্যৰ দ্বাৰা ৩৬ গছি বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ পূৰ্বে ৰাতিপুৱা ক্লাবৰ পতাকা উত্তোলন কৰে ক্লাবৰ সভাপতি ৰফিকুল হকে, বিষ্ণু ৰাভাৰ প্ৰতিকৃতিত পুষ্পঞ্জলি অৰ্পন কৰে বিশিষ্ট সমাজকৰ্মী শ্ৰীপদ চৌধুৰী আৰু লোক নিৰ্মাণ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা ৰাতুল নাথে, স্মৃতি তৰ্পণ কৰে অধিবক্তা তথা বজালী বাৰ এচোছিয়েচনৰ সভাপতি গোপাল তালুকদাৰ আৰু নিৰ্মল হালৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক সদানন্দ দাসে।

ইয়াৰ পূৰ্বে দ্বিতীয় দিনা সামাজিক উত্তৰনত প্ৰাগজ্যোতি ক্লাবৰ ভূমিকা শীৰ্ষক অনুষ্ঠিত বক্তৃতা প্ৰতিযোগিতাখন উদ্বোধন কৰে নিৰ্মল হালৈ মহাবিদ্যাল়য়ৰ অধ্যক্ষ ড° কৌশিক কুমাৰ ডেকাই।

X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in