প্রাগজ্যোতিষ কলেজত শিক্ষাৰ্থীৰে মত বিনিময় ফটো সাংবাদিক বিজু বড়োৰ

প্রাগজ্যোতিষ কলেজত শিক্ষাৰ্থীৰে মত বিনিময় ফটো সাংবাদিক বিজু বড়োৰ
Published on
Updated on

ডিজিটেল সংবাদ,গুৱাহাটীঃ আজি বিশ্ব ফটোগ্ৰাফী দিৱস। ১৯ আগষ্টৰ দিনটোত সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো বিশ্ব ফটোগ্ৰাফী দিৱস উদযাপন কৰা হৈছে। 

আজি IQAC ৰ সহযোগত প্রাগজ্যোতিষ মহাবিদ্যালয়ৰ গণ সংযোগ আৰু সাংবাদিকতা বিভাগেও ফটো সাংবাদিকতা প্রবণতাসমূহ বিষয়ক লৈ এক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰে।

এই অনুষ্ঠানত বিশেষ অতিথিৰ আসন শুৱনি কৰে অসমৰ বিশিষ্ট ফটো সাংবাদিক বিজু বড়োৱে। লগতে ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে ফটো সাংবাদিক গৰাকীয়ে। আজিৰ অনুষ্ঠানখনত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড. মনোজ কুমাৰ মহন্তৰ লগতে বিভিন্ন বিভাগৰ শিক্ষক তথা ছাত্ৰ-ছাত্রী সকল উপস্থিত থাকে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, বিজু বড়োই ২০০০ চনত ফটো সাংবাদিক হিচাপে কৰ্ম জীৱনৰ আৰম্ভণি কৰিছিল। লগতে আৰম্ভণিৰ পৰাই সাদিন প্ৰতিদিন গোষ্ঠীৰ লগতে দ্য টেলিগ্ৰাফ, এজেঞ্চি ফেঞ্চ প্ৰেছ(APF), UNICEF আৰু UNPD ৰ সৈতে জড়িত হৈ আছে।

ইয়াৰোপৰি BBC, Aljazeera, New York Times, France24, National Geographic ৰ দৰে বহু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বিজু বড়োৰ কৰ্মৰাজিয়ে স্থান পাইছে। ৱাইল্ড লাইফ ফটোগ্রাফিৰ লগতে খেল ফটোগ্রাফিৰ প্ৰতিও অতি আগ্রহী ফটো সাংবাদিক বড়ো।

কৰ্মক্ষেত্ৰত তেওঁৰ কৃতিত্বসমূহঃ

সাধাৰণ বাতৰি শিতানত এম এফ আই ৰাষ্ট্ৰীয় প্ৰেছ ফটো প্ৰতিযোগিতা ২০১২, মুম্বাই বিজয়ী আছিল বিজু বড়ো। ইয়াৰে সমান্তৰালকৈ চনী ফটোগ্ৰাফী বঁটা, গুৱাহাটী বিজয়ী।

ৱাইল্ড লাইফ ফটো কনটেষ্ট 2013 অৱ দ্য চেনঞ্চুৰি এছিয়া, মুম্বাই ৰ বিশেষ উল্লেখিত বঁটা প্ৰাপক।

অসম পৰ্যটন ফটোগ্ৰাফী বঁটা ২০১৪ (অসম চৰকাৰ) ,গুৱাহাটী ৰ বিজয়ী

ৰেড ক্ৰছ (আইচিআৰচি)-পিআইআই ফটোগ্ৰাফী বঁটা ২০১৪, দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় সমিতিৰ বিজয়ী।

২০১৬ চনৰ অভয়াৰণ্য এছিয়া বন্যপ্ৰাণী ফটোগ্ৰাফাৰ, মুম্বাই লগতে বছৰৰ যুৱ ফটো সাংবাদিক বঁটা ২০২০, যুৱ সাংবাদিক সন্থা, অসম ৰ বিজয়ী আছিল বিজু বড়ো

প্রাগজ্যোতিষ কলেজত শিক্ষাৰ্থীৰে মত বিনিময় ফটো সাংবাদিক বিজু বড়োৰ
জম্মু কাশ্মীৰৰ যুৱকলৈ বিশেষ ঘোষণা ওমৰ আব্দুল্লাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in