প্রজ্ঞা, গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত দলীয় নৃত্য প্রতিযোগিতা...

agrani khabar
agrani khabar
Published on
Updated on

ডিজিটেল সংবাদ, গুৱাহাটীঃ দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে বিগত বছৰৰ দৰে এই বছৰো প্ৰজ্ঞা, গুৱাহাটী মহানগৰ জিলা সমিতিৰ উদ্যোগত অহা ১৫ আগষ্টত দিনৰ ১০ বজাৰ পৰা গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ 'ড° ভগৱান চন্দ্ৰ লহকৰ' প্রেক্ষাগৃহত অসমৰ বিশিষ্টি শিল্পীৰ দ্বাৰা দেশপ্রেমক আধাৰ ৰূপে লৈ 'বন্দেমাতৰম' গীতত দলীয় নৃত্য প্রতিযোগিতা আৰু বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছে। এই নৃত্য প্রতিযোগিতাখন সাফল্য মন্দিত কৰাৰ বাবে ব্যাপক প্রস্তুতি কৰা হৈছে।

প্রজ্ঞা গুৱাহাটী জিলা সমিতিৰ সভাপতি মন্মথ বৰুৱা আৰু সম্পাদক অসীম কৃষ্ণ বৰুৱাই নৃত্য প্রতিযোগিতাৰ বাবে সুকীয়া সমিতি গঠন কৰাৰ কথা অৱগত কৰে। সেই অনুসৰি 'বন্দেমাতৰম' নৃত্যৰ কাৰ্যক্ৰম প্ৰমুখ দীক্ষিতা পূর্কায়াস্থ, মুখ্য কার্য্যক্রম প্রমুখ ৰিছা কলিতা আৰু সুকন্যা হাতিমুৰিয়া, ব্যৱস্থা প্রমুখ চিনটো কলিতা, নিশান্ত ঠাকুৰীয়া, অঞ্জন শর্মা, নন্দিনী কৌৰ, ৰমা দাস, নমিতা কলিতা লৈ এখন সমিতি গঠন কৰা হয়।

উল্লেখ্য যে প্রতিযোগিতাৰ নিয়মাবলী সমূহ হ'ল কমিটিৰ দ্বাৰা নিৰ্দিষ্টকৈ ধৰি দিয়া 'বন্দেমাতৰম' গীততহে নৃত্য প্ৰদৰ্শন কৰিব পাৰিব, সম্পূর্ণ গীতটোত নৃত্য প্রদর্শন কৰাটো বাধ্যতামূলক, প্রতিটো দলত নূন্যতম ৩ জন শিল্পী থাকাটো বাঞ্চনীয়, নৃত্যৰ শৈলী আৰু সাজপাৰ মাৰ্জিত হোৱা আৱশ্যক, পঞ্জীয়ন আগতিয়াকৈ হোৱাটছএপ যোগে ৭০০২৬১২০৮৩/৮৭৫২৮১৭৩৩১ নম্বৰত প্ৰেৰণ কৰিব লাগিব, বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত ৰূপে বিবেচিত হব, সকলো অংশগ্রহণকাৰীক মানপত্ৰ প্ৰদান কৰা হ'ব, পঞ্জীয়নৰ অন্তিম তাৰিখ ১৪ আগষ্ট।

প্রতিযোগিতাৰ ভৰ্তি মাছুল ২০০ টকা ধাৰ্য কৰা হৈছে। নৃত্য প্রতিযোগিতাত প্রথম তিনিটা স্থান প্রাপকক ক্রমে ১০,০০১, ৭,০০১ টকা আৰু ৫,০০১ টকা নগদ ধনেৰে পুৰস্কৃত কৰা হব। ইচ্ছুক প্রতিযোগীয়ে ৭০০২৬১২০৮৩ আৰু ৮৭৫২৮১৭৩৩১ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি প্রজ্ঞা গুৱাহাটী মহানগৰ সমিতিৰ প্ৰভাৰী নৱজ্যোতি পাটোৱাৰীয়ে জানিব দিয়ে।

agrani khabar
উগ্ৰপন্থী গোট গঠনৰ প্ৰচেষ্টা কৰা দলক মূলসুঁতিলৈ প্ৰত্যাৱৰ্তন কোকৰাঝাৰ আৰক্ষীৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in