ডিজিটেল ডেস্কঃ আন এক দুখবৰ। গোলাঘাটৰ বিশিষ্ট সাংবাদিক বিকাশ শৰ্মাৰ মৃত্যু এমাহ নৌহওঁতেই আন এক দুঃসংবাদ আহিল। বুধবাৰে পুৱাই বিকাশ শৰ্মাৰ ভাতৃ প্ৰাঞ্জল শৰ্মাৰ বিয়োগে সকলোকে মৰ্মাহত কৰিছে। তেজপুৰ মেডিকেল কলেজত আজি পুৱা ৫.১৫বজাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাঞ্জল শৰ্মাই।
উল্লেখ কৰা প্ৰয়োজন যে, প্ৰাঞ্জল শৰ্মা আছিল এগৰাকী ৰেল বিভাগৰ কৰ্মচাৰী। ৰঙাপাৰাত কৰ্মৰত আছিল প্ৰাঞ্জল শৰ্মা। যোৱা কেইবছৰমানৰ পূৰ্বে এটা ডাঙৰ দুৰ্ঘটতাত পতিত হৈ গুৰুতৰভাৱে আহত হৈছিল তেওঁ। দীৰ্ঘদিন চিকিৎসাৰ অন্তত তেওঁ পুনৰ ৰঙাপাৰাত চাকৰিত যোগদান কৰিছিল।
কিন্তু যোৱা মঙলবাৰে তেওঁৰ স্বাস্থ্য অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ মালিগাঁৱলৈ আনি থকা অৱস্থাত আদবাটতে ভৰ্তি কৰা হয় তেজপুৰ মেডিকেল কলেজত। তেজপুৰতে শৰীৰৰ তেজ চলাচল বন্ধ হৈ তেওঁ পুৱা ৫.১৫বজাত শেষ নিশ্বাস ত্যাগ কৰে।
প্ৰাঞ্জল শৰ্মাই পত্নীৰ লগতে এৰি থৈ গৈছে দুই পুত্ৰ সন্তানক। তাৰে এগৰাকী কোকৰাঝাৰ অভিযন্ত্ৰা কলেজৰ শিক্ষাৰ্থী আৰু আনগৰাকী নৱম শ্ৰেণীত অধ্যয়ন কৰি আছে।