কামৰূপ জিলাত 'প্ৰয়াস' কাৰ্যসূচীৰ সফল ৰূপায়ন...

কামৰূপ জিলাত 'প্ৰয়াস' কাৰ্যসূচীৰ সফল ৰূপায়ন...
Published on
Updated on

ডিজিটেল সংবাদ, আমিনগাঁও: কামৰূপ জিলাৰ জিলা প্ৰশাসন আৰু সমগ্ৰ শিক্ষা কামৰূপৰ উদ্যোগত কামৰূপ জিলাৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ পঠন, লিখন আৰু সাংখ্যিকতাৰ দক্ষতাবৃদ্ধিৰ উদ্দেশ্যে বিগত মে-জুন মাহৰ পৰা প্ৰতি সপ্তাহৰ শনিবাৰে 'প্ৰয়াস' নামৰ এক কাৰ্যসূচী ৰূপায়ন কৰি অহা হৈছে। চলিত মাহৰ প্ৰয়াস কাৰ্যসূচীৰ অন্তৰ্গত যোৱা ১০আগষ্ট তাৰিখে কামৰূপ জিলাৰ 'গুণোৎসৱ ২০২৪'ত 'C' আৰু 'D' গ্ৰেড লাভ কৰা বিদ্যালয় বিলাকত জিলা প্ৰশাসনৰ আমোলা-বিষয়াই প্ৰয়াস কাৰ্যসূচী পৰিদৰ্শন কৰে।

বহু বিকল্পধৰ্মী প্ৰশ্নৰে বিদ্যালয় সমূহে ছাত্ৰ-ছাত্ৰীৰ বাবে গুণোৎসৱৰ আৰ্হিত প্ৰশ্নকাকত প্ৰস্তুত কৰি নৱম-দশম শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰিছে। বিষয়াসকলে প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু মাধ্যমিক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ পঠন দক্ষতাৰ বুজ লয়। লগতে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে "প্ৰতিগৰাকী মাতৃৰ বাবে এটি গছপুলি" শীৰ্ষক এক কাৰ্যসূচী সফলভাবে ৰূপায়ন কৰে ।

কামৰূপ জিলাত 'প্ৰয়াস' কাৰ্যসূচীৰ সফল ৰূপায়ন...
খেলৰ বাহিৰেও কি চাকৰি কৰে 'গোল্ডেন বয়' নীৰজ চোপ্ৰাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in