৭৩ বছৰীয়া পৰম্পৰাৰে ঢকুৱাখনা বালিগাঁৱত শ্ৰীকৃষ্ণৰ ৰাসৰ প্ৰস্তুতি

৭৩ বছৰীয়া পৰম্পৰাৰে ঢকুৱাখনা বালিগাঁৱত শ্ৰীকৃষ্ণৰ ৰাসৰ প্ৰস্তুতি। ১৯২০ চনতে স্থাপিত ভক্তি বৈষ্ণৱ পীঠত বিগত ৭৩ বছৰীয়া ধাৰাবাহিক পৰম্পৰা অক্ষুন্ন ৰাখি এইবাৰো আয়োজন কৰা হৈছে শ্ৰীকৃষ্ণৰ ৰাসলীলা

author-image
Asomiya Pratidin
New Update
শ্ৰীকৃষ্ণৰ ৰাসৰ আখৰা ঢকুৱাখনাত

ডিজিটেল সংবাদ, ঢকুৱাখনা: অসমীয়া লোক কৃষ্টি সংস্কৃতিৰ চর্চাৰ এক ইতিহাস সমৃদ্ধ জীপাল পীঠ ঢকুৱাখনা নগৰৰ বালিগাঁও নাট্যমন্দিৰ। ১৯২০ চনতে স্থাপিত এই ভক্তি বৈষ্ণৱ পীঠত বিগত ৭৩ বছৰীয়া ধাৰাবাহিক পৰম্পৰা অক্ষুন্ন ৰাখি এইবাৰো আয়োজন কৰা হৈছে শ্ৰীকৃষ্ণৰ ৰাসলীলা।

বৃহত্তৰ অঞ্চলটোৰ সংস্কৃতি প্ৰেমী ৰাইজৰ ঐকান্তিক প্ৰচেষ্টাৰ বলত বালিগাঁও যুৱ সংঘৰ সৌজন্যত অহা ১৪, ১৫ আৰু ১৬ নৱেম্বৰত তিনিদিনীয়াকৈ বালিগাঁৱৰ নাট্য মন্দিৰ প্ৰাঙ্গনত শ্ৰীকৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলা অনুষ্ঠিত হ'ব । তাৰেই পূৰ্ব প্ৰস্তুতি আৰু দৈনিক আখৰাত ব্যস্ত হৈ পৰিছে অঞ্চলটোৰ লোককৃষ্টি প্ৰেমী ৰাইজ।

গাঁওখনৰ মুনিহ তিৰোতা, যুৱক যুৱতী, শিশু,কিশোৰ কিশোৰী সকলোৱে ৰাসৰ মাদকতাত বিলীন হৈ দিবা নৈশ মগ্ন হৈছে আখৰাত। উদযাপন সমিতিৰ সভাপতি শোভন বৰুৱা আৰু সম্পাদক বিদ্যাধৰ বৰুৱাই জনোৱা মতে বিগত বৰ্ষবোৰৰ দৰে এইবাৰো বালিগাঁৱৰ এই তিনি দিনীয়া ৰাস মহোৎসৱৰ এটা দিন কেৱল মহিলাসকলৰ অভিনীত সম্পূৰ্ণ ৰাস মঞ্চস্থ কৰা হ'ব৷ 

স্থানীয় নবীন প্ৰবীণ প্ৰতিভাধৰ অভিনয় শিল্পীসকলৰ নিখুঁত অভিনয়ৰ লগতে এইবাৰ ৰাস মঞ্চত অতিথি অভিনেতা হিচাবে দৰ্শকক আমোদ যোগাব জনপ্ৰিয় ধাৰাবাহিক “বেহাৰবাৰী আউটপ’ষ্টৰ” অভিনেতা অশ্চিনী ডেকা ওৰফে মুকুতাই। অভিজ্ঞ শিল্পীৰ মনপৰশা অভিনয়, শ্ৰুতিমধুৰ আৱহ সংগীত আৰু সৰ্বোন্নত কাৰিকৰী চমকেৰে সুসজ্জিত এইবাৰৰ ৰাস মহোৎসৱত দৰ্শকে সুকীয়া মাদকতা লাভ কৰিব বুলি উদযাপন সমিতিয়ে নিশ্চয়তা প্ৰদান কৰি লোক সংস্কৃতিপ্ৰেমীৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ।

ঢকুৱাখনা