নগাঁৱৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱৰ প্ৰস্তুতি

নগাঁৱৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱৰ প্ৰস্তুতি

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱৰ প্ৰস্তুতি

ডিজিটেল সংবাদ, বেবেজীয়া : "শৰৎকালৰ ৰাত্ৰি আতি বিতোপন/ ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন।" এতিয়া শৰৎকাল । এই শৰৎ কালতেই ভগৱান শ্ৰী শ্ৰীকৃষ্ণই বৃন্দাবনত গোপীসবৰ সৈতে ৰাস ক্ৰীয়া কৰিছিল।

শ্ৰী শ্ৰীকৃষ্ণৰ এই ৰাস লীলাৰ আলমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমতো পৰৱৰ্তী সময়ত কেলি গোপাল ভাওনাৰে ৰাস মহোৎসৱ আৰম্ভ কৰে। এনেদৰে অসমত এতিয়া ৰাস এক আকৰ্ষণীয় মহোৎসৱলৈ পৰ্যবসিত হৈছে।

বিগত বৰ্ষসমূহৰ দৰেই ৰাজ্যখনৰ আন ঠাইৰ লগতে নগাঁও জিলাতো ৰাস উৎসৱ উৎযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে। জিলাখনৰ নামঘৰ, মন্দিৰ, সাংস্কৃতিক অনুষ্ঠান আদিত ৰাসৰ আখৰা পূৰ্ণ গতিত চলি আছে।

কিশোৰী, যুৱতী, মহিলাসকল এতিয়া ব্যস্ত ৰাসৰ আখৰাত। ঠায়ে ঠায়ে ল'ৰা ৰাসৰো প্ৰস্তুতি চলিছে। এতিয়া সমগ্ৰ জিলাখনৰ বিভিন্ন প্ৰান্তত অসুৰ বধৰ আখৰা চলিছে। "আহা আহা সখীসব, বিন্দাবনে যাওঁ/ বজাইছে মোহন বেনু নয়ন ভৰি চাওঁ।" এনেদৰেই কিশোৰী, যুৱতী, মহিলা আৰু যুৱকসকলেও ৰাসৰ এই কলি আওৰাই জিলাখনৰ আকাশ বতাহ মুখৰিত কৰি তুলিছে।

খোল, তালৰ শব্দ, গোপীৰ নৃত্য ভংগীমা,পদচালনা,বচন,পয়াৰ,বিলাপ,নাটকৰ ৰাগ-তাল যুক্ত গীতে মুখৰিত কৰিছে সংশ্লিষ্ট অঞ্চলসমূহ। ৰাসৰ আখৰা চাবলৈকে আখৰা থলী সমূহত গঞা ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে।

ৰাসৰ আখৰাত অংশগ্ৰহণ কৰি আনন্দতে আত্মহাৰা হৈ পৰিছে যুৱতীসকল। "চল চল সখি সৱ,বৃন্দাবনে যাঁও..."গীতৰ তালে তালে নৃত্য কৰিছে গোপীৰ ভাঁওত নৃত্য কৰিব যুৱতীসকলে। আখৰাত প্ৰাণঢালি নৃত্য কৰিছে কৃষ্ণ,ৰাধা,যশোদা,কংস,শংঙ্খচূড় আদি ভাৱত অভিনয় কৰিব লগীয়া শিল্পীসকলে ।

ইপিনে,ৰাস উপলক্ষে জিলাখনৰ গ্ৰাম্যাঞ্চলৰ বিভিন্ন নামঘৰত কেলিগোপাল ৰাস ভাওনাৰ পাছৰ দিনা অনুষ্ঠিত কৰা হয় অসমীয়া ভাওনাৰ। এইবাৰো জিলাখনৰ বিভিন্ন প্ৰান্তত ৰাস উপলক্ষে অনুষ্ঠিত কৰিব লগীয়া ভাওনাৰ বাবে ৰাইজে আৰম্ভ কৰিছে আখৰা।

বিয়লিৰ নগাঁৱৰ নামঘৰে- নামঘৰে গায়ন- বায়নৰ খোল-তালৰ শব্দ, ভাৱৰীয়াৰ বচন, পয়াৰ, বিলাপ, লেচাৰী, মুক্তাৱলী আদিয়ে মুখৰিত কৰিছে নামঘৰৰ আখৰাথলীসমূহ।জিলাখনৰ বেবেজীয়া, জামুগুৰি, পশ্চিম শেনছোৱা , খুটিকটীয়া ,হাতীচোং আদিত তিনি / চাৰিদিনীয়াকৈ ৰাস উৎসৱ উদযাপনৰ প্ৰস্তুতি চলিছে।

বঢ়মপুৰ কেন্দ্ৰীয় উৎসৱ উদযাপন সমিতি ,নগাঁও চহৰৰ জ্যোতিনগৰ , চকলাঘাট, কাছমাৰী , বৰাগাঁও আদিতো ৰাস উদযাপনৰ বাবে ৰাইজ ব্যস্ত। তাৰোপৰি জিলাখনত ৰাস-ভাওনাৰ আখৰা আৰম্ভ হোৱাৰ লগে লগে ভাওনাৰ পোচাক ভাড়ালৈ দিয়া দোকানৰ স্বত্বাধিকাৰী সকলো তৎপৰ হৈ পৰিছে।

ইতিমধ্যে ,জিলাখনৰ বিভিন্ন অঞ্চলত ৰাস মহোৎসৱ পৰিচালনাৰ বাবে গঠিত শ শ ৰাস পৰিচালনা সমিতিয়ে তৎপৰতা অব্যাহত ৰাখিছে। নগাঁও চহৰৰ নট্টম গাওঁ (পূৱ আপোলাপট্টি) নামঘৰ, উত্তৰ হয়বৰগাঁও নামঘৰ, ফৌজদাৰীপট্টি ক'লামন্দিৰ, মৰিকলং, ডিমৰুগুৰি, লক্ষ্মীনগৰ, খুটিকটীয়া আদিতো ৰাস উৎসৱৰ আয়োজন কৰিছে।

আনহাতে, জিলা খনৰ কঠিয়াতলি, কামপুৰ,ননৈ পাথৰি, দেওধৰ, দক্ষিণপাট, ফুলগুৰি, ৰহা, বটদ্ৰৱা, বেবেজীয়া, শেনচোৱা ,হাতীচোং ,বঢ়মপুৰ আদিকে ধৰি বিভিন্ন স্থানত ৰাস উৎসৱৰ পূৰ্ণ গতিত প্ৰস্ততি চলিছে। ১৫ নৱেম্বৰৰ পৰা এপষেক ধৰি নগাঁৱত ৰাস উৎসৱ উদযাপন হ'ব।

Also Read: ঐতিহাসিক শ্ৰীশ্ৰী অনন্ত মহাত্মা শ্ৰমৰ তলা ভাঙি চুৰে নিলে নগদ ধনসহ আ-অলংকাৰ

ৰাস মহোৎসৱ