অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ প্ৰস্তুতি পূৰ্ণ গতিতঃ ১০০০খন গ্ৰন্থ প্ৰকাশৰ পৰিকল্পনা

অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ প্ৰস্তুতি পূৰ্ণ গতিতঃ ১০০০খন গ্ৰন্থ প্ৰকাশৰ পৰিকল্পনা
Published on
Updated on

ডিজিটেল সংবাদ, পাটাছাৰকুছিঃ অসম সাহিত্য সভাৰ আগন্তুক সপ্তসপ্ততিতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনৰ প্ৰস্তুতি পূৰ্ণগতিত আগবাঢ়িছে৷ ইয়াৰে অংশ হিচাপে শনিবাৰে দুখন সভাত বিশাল অনুষ্ঠানটিৰ ৰণকৌশল যুগুতাৰ্থে বিষদভাৱে আলোচনা কৰা হয়৷

পুৱা অঞ্চলটোৰ বিভিন্ন শাখা সাহিত্য সভাৰ প্ৰতিনিধিৰ উপস্থিতিত অধিৱেশন সাফল্যমণ্ডিত কৰাৰ বাবে আলোচনা কৰা হয়৷ সভাত ভবানীপুৰ সমষ্টিৰ বিধায়ককে ধৰি উপসমিতিৰ বিষয়ববীয়া উপস্থিত থাকে৷ সভাত এহাজাৰখন গ্ৰন্থ প্ৰকাশৰ পৰিকল্পনা যুগুত কৰা হয়৷ এই গ্ৰন্থসমূহ পৰ্যায়ক্ৰমে আগবঢ়াই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

সন্ধিয়া 'চিৰচেনেহী মোৰ ভাষা জননী' শীৰ্ষ গীতটোৰে অনুষ্ঠিত হোৱা সভাখনত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ লগত মত বিনিময় কৰা হয়৷ কাৰ্যকৰী সভাপতি প্ৰফুল্ল গোস্বামীকে ধৰি আদৰণি সমিতিৰ বিষয়ববীয়াৰ উপৰিও উপ সমিতিৰ প্ৰতিনিধিসমূহে অংশগ্ৰহণ কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে আদৰণি সমিতিৰ সম্পাদক গিৰিধৰ চৌধুৰীয়ে৷

সভাত উপস্থিত থাকি আদৰণি সমিতিৰ সভাপতি স্থানীয় বিধায়ক ৰনজিৎ কুমাৰ দাসে আগন্তুক অধিৱেশনখনক লৈ যুগুত কৰা ব্যতিক্ৰমী পৰিকল্পনাৰ চমু আভাস দাঙি ধৰে৷ এইবাৰ আনবোৰ সাহিত্য সভাৰ অধিৱেশনৰ গতানুগতিক কাৰ্যসূচীৰ উপৰিও নতুন চিন্তাৰে বজালী হাট, বিজ্ঞান মেলা, ভ্ৰাম্যমাণ নাট প্ৰদৰ্শন, যাত্ৰাপাৰ্টিৰ পৰিৱেশন, অধিৱেশনত স্থানীয় উৎপাদিত সামগ্ৰীৰে অতিথি আপ্যায়নৰ ব্যৱস্থা , এহাজাৰখন গ্ৰন্থ প্ৰকাশৰ পৰিকল্পনা আদিৰ কথা জানিবলৈ দিয়ে৷

আগন্তুক অধিৱেশনখনত পৰিৱেশৰ পৰিস্কাৰ কৰি ৰাখিবলৈ প্ৰদূষণমুক্ত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হব৷ আনহাতে পাঠশালাখনক বিশেষভাৱে সজাই তুলিবলৈ মাষ্টাৰপ্লেন যুগুতৰ কাম আৰম্ভ কৰা হৈছে৷ পাঠশালাখনৰ ঘৰবোৰৰ আগফালবোৰ পাতল নীলা ৰঙেৰে এক নীল নগৰ হিচাপে গঢ়ি তোলাৰ চিন্তা কৰা হৈছে বুলি জনায়৷

সভাখনত প্ৰায় শতাধিক প্ৰতিনিধিয়ে অংশ গ্ৰহন কৰে৷ প্ৰতিজন প্ৰতিনিধিয়ে আগবঢ়োৱা বহুমুলীয়া পৰামৰ্শবোৰৰ বিষয়ে ধন্যবাদ সূচক উত্তৰ প্ৰদান কৰে আদৰণি সমিতিৰ সভাপতি ৰনজিৎ কুমাৰ দাসে৷

উল্লেখযোগ্য যে অধিৱেশনৰ বাবে কেবা শ লোকৰ অন্তৰ্ভুক্তিৰে এখনি আদৰনী সমিতি গঠন কৰা হয়। লগতে ৯ খন উপসমিতি গঠনত আনুষ্ঠানিক অনুমোদন জনোৱা হৈছে৷ মুঠতে ৫৬খন উপসমিতি গঠন কৰা হব বুলি সভাত জনোৱা হয়৷

অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ প্ৰস্তুতি পূৰ্ণ গতিতঃ ১০০০খন গ্ৰন্থ প্ৰকাশৰ পৰিকল্পনা
পাটাছাৰকুছিত সদৌ অসম ভিত্তিত কুইজ প্ৰতিযোগিতা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in