চতিয়াত ৰাস মহোৎসৱৰ প্ৰস্তুতি তুংগত : আখৰাত ব্যস্ত পুৰুষ-মহিলা, যুৱক- যুৱতী

চতিয়াত ৰাস মহোৎসৱৰ প্ৰস্তুতি তুংগত : আখৰাত ব্যস্ত পুৰুষ-মহিলা, যুৱক- যুৱতী

author-image
Asomiya Pratidin
New Update
চতিয়াত ৰাস মহোৎসৱৰ প্ৰস্তুতি তুংগত : আখৰাত ব্যস্ত পুৰুষ-মহিলা, যুৱক- যুৱতী

ডিজিটেল সংবাদ, জামুগুৰিহাট : ৰাস মহোৎসৱ সমাগত৷ এই ৰাস মহোৎসৱক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে আখৰাৰ ব্যাপক প্ৰস্তুতি৷ একেদৰে চতিয়াতো ৰাসৰ প্ৰস্তুতি তুংগত উঠিছে ।

চতিয়া অঞ্চলৰ অসম -অৰুণাচল সীমান্তৰ মনাই জয়সিদ্ধিৰ ৫৮সংখ্যক সাৰ্ব্বজনীন ৰাস মহোৎসৱ উদযাপনৰ বাবে এতিয়া দৈনিক অখৰাত ব্যস্ত হৈ পৰিছে আঞ্চলটোৰ জীয়ৰী- বোৱাৰীসকল। সমানেই ব্যস্ত পুৰুষ- মহিলা আৰু যুৱক-যুৱতীসকল।

কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰিছে সমগ্ৰ অঞ্চল। বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ বসতিস্থল মনাই জয়সন্ধিৰ ৫৮সংখ্যক ৰাস মহোৎসৱখনি অহা ১৪ আৰু ১৫নৱেম্বৰত দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰাৰ বাবে মনস্থ কৰিছে উদযাপন সমিতিয়ে ।

এই ৰাস মহোৎসৱৰ বিশেষ বৈশিষ্ট্য হ'ল- বিভিন্ন জাতি জনগোষ্ঠী ও সম্প্ৰদায়ৰ লোকৰ অংশগ্ৰহণেৰে সমন্বয়ৰস্থলীত পৰিণয়ত হয় সমগ্ৰ অঞ্চল । উদযাপন সমিতিয়ে উক্ত দুয়ো দিনৰ আটাইকেইটা কাৰ্য্যসূচীতে জাতি, ধৰ্ম্ম, বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে ৷

Also Read: চিদলীত অবড়োক বিবেক ভোটদানৰ আহ্বান অবড়ো সুৰক্ষা সমিতিৰ

ৰাস মহোৎসৱ