সন্দেহজনক পৰিয়ালক আশ্ৰয় নিদিবলৈ আহ্বান সদৌ অসম‌ ট্ৰাইবেল য়ুথ লীগৰ

সন্দেহজনক পৰিয়ালক আশ্ৰয় নিদিবলৈ আহ্বান সদৌ অসম‌ ট্ৰাইবেল য়ুথ লীগৰ
Published on
Updated on

ডিজিটেল সংবাদ, জোনাই: অসমৰ বিভিন্ন জনজাতি আবেষ্টনি এলেকাত অবৈধভাৱে বসবাস কৰা সন্দেহভাজন লোকসকলক উচ্ছেদ কৰিবলৈ সদৌ অসম‌ ট্ৰাইবেল য়ুথ লীগ আৰু জোনাই জিলা ট্ৰাইবেল সংঘই দাবী জনাইছে। বুধবাৰে জোনাই জিলা ট্ৰাইবেল সংঘৰ কাৰ্যালয়ত সদৌ অসম‌ ট্ৰাইবেল য়ুথ লীগ আৰু জোনাই জিলা ট্ৰাইবেল সংঘই এক সংবাদমেল আয়োজন কৰি এই দাবী উত্থাপন কৰে।

সংবাদমেলত সদৌ অসম‌ ট্ৰাইবেল য়ুথ লীগৰ সাধাৰণ সম্পাদক তিলক দলেয়ে ৰাজ্য চৰকাৰে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ ৰাজ্যত জনজাতি বেল্ট আৰু ব্লকৰ পৰা‌ সন্দেহজনক লোকক উচ্ছেদৰ পদক্ষেপ আদৰণি জনায়। তদুপৰি সদৌ অসম‌ ট্ৰাইবেল য়ুথৰ সাধাৰণ সম্পাদক তিলক দলেয়ে একে সময়তে ধেমাজি জিলাৰ জোনাই মহকুমাৰ মুৰ্কংচেলেক জনজাতি আবেষ্টনী এলেকাত অবৈধভাৱে বসবাস কৰা সন্দেহজনক লোকসকলকো উচ্ছেদ কৰিবলৈ‌ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী জনায়।

তিলক দলেয়ে সংবাদমেলত সদৰি কৰি কয়, জোনাই মহকুমাৰ মুৰ্কংচেলেক জনজাতি আবেষ্টনী এলেকাৰ‌ অন্তৰ্গত কবু চাপৰিৰ পৰা অবৈধভাৱে বসবাস কৰা সন্দেহভাজন পৰিয়ালৰক যোৱা বছৰ উচ্ছেদ কৰা হয় যদিও এই সন্দেহভাজন পৰিয়ালৰ একাংশ বৰ্তমান মুৰ্কংচেলেক জনজাতি আবেষ্টনী এলেকাৰ‌ বিভিন্ন ঠাইত আশ্ৰয় লৈ আছে আৰু এই পৰিয়ালসমূহ‌ বিভিন্ন ভোট কেন্দ্ৰত নাম‌ অন্তৰ্ভুক্ত কৰা‌‌ পৰিলক্ষিত হৈছে। ফলত জোনাই মহকুমাৰ মুৰ্কংচেলেক জনজাতি আবেষ্টনী এলেকাত অবৈধভাৱে বসবাস কৰা সন্দেহভাজন লোকসকলৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ লগতে শীঘ্ৰে উচ্ছেদ কৰিবলৈ চৰকা‌ৰ‌ তথা প্ৰশাসনৰ ওচৰত দাবী জনায়।

তদুপৰি সন্দেহভাজন পৰিয়ালসকলক কোনো খিলঞ্জীয়া অসমীয়াই ঘৰ ভাড়া, দোকান ঘৰ‌ তথা মাটি আদি দি আশ্ৰয় নিদিবলৈ সদৌ অসম‌ ট্ৰাইবেল য়ুথ লীগ তিলক দলেয়ে আহ্বান জনায়। তদুপৰি সদৌ অসম‌ ট্ৰাইবেল য়ুথ লীগৰ‌ সাধাৰণ সম্পাদক তিলক দলেয়ে সংবাদমেলত অসমৰ‌ সকলো জনজাতি আবেষ্টনী এলেকাৰ‌ পৰা সন্দেহভাজন পৰিয়ালসকলক শীঘ্ৰে উচ্ছেদ কৰিবলৈ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনায়। সংবাদমেলত জোনাই জিলা ট্ৰাইবেল সংঘৰ সভাপতি পদ্মেশ্বৰ দলে, সম্পাদক দীপক দলে, পংকজ টায়েৰ লগতে বহু নেতা-কৰ্মীয়ে উপস্থিত থাকে।

সন্দেহজনক পৰিয়ালক আশ্ৰয় নিদিবলৈ আহ্বান সদৌ অসম‌ ট্ৰাইবেল য়ুথ লীগৰ
প্ৰকৃতিৰ ৰোষত ঘিলামৰাৰ শিক্ষানুষ্ঠানঃ গছ পৰি বিস্তৰ ক্ষতিসাধন বিদ্যালয়ৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in