আপুনি ভবাতকৈ বহু বেছি ধনী ভাৰতীয়সকল

সকলো মানুহৰে কিছুমান বিশেষ চখ থাকে।কিছুমানে সেই চখ পূৰণ কৰি জীৱনটো অতি সুন্দৰভাৱে উপভোগ কৰাৰ সুযোগ লাভ কৰে

author-image
asomiyapratidin
New Update
আপুনি ভবাতকৈ বহু বেছি ধনী ভাৰতীয়সকল

ডিজিটেল ডেস্ক: সকলো মানুহৰে কিছুমান বিশেষ চখ থাকে।কিছুমানে সেই চখ পূৰণ কৰি জীৱনটো অতি সুন্দৰভাৱে উপভোগ কৰাৰ সুযোগ লাভ কৰে।সুন্দৰ গাড়ী আৰু বিলাসী ঘৰৰ উপৰিও আমাৰ দেশৰ কেইজনমান আগশাৰীৰ ধনী ব্যক্তিৰ আছে অতি বিলাসীকতাৰে আকাশত ভ্ৰমণৰ চখ।যাৰ বাবে তেওঁলোকে নিজেই ক্ৰয় কৰি লৈছে অতি ব্যয়বহুল জেট।কোন ভাৰতীয়ৰ আছে কিমান ব্যয়বহুল জেট, সেই বিষয়ে আজি জানো আহক-

মুকেশ আম্বানী

বিমান: বোয়িং বিজনেছ জেট ২

ব্যয়: ৭৩নিযুত ডলাৰ

মুকেশ আম্বানী বোয়িং বিজনেছ জেট ২ (বি বি জে ২)ৰ গৰাকী। এই জেটখনৰ মূল্য ৭৩ নিযুত ডলাৰ।ইয়াক এই বুলিও কব পাৰি যে পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল ঘৰটোৰ গৰাকী পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল ব্যক্তিগত জেটৰ মালিক।৭৩ নিযুত ডলাৰ মূল্যৰ এই ব্যক্তিগত জেটখনে ব্যৱসায়িক আৰু ব্যক্তিগত দুই ধৰণৰ উৰণৰ বাবে উপযুক্ত আৰাম তথা সুবিধা প্ৰদান কৰে।

ৰতন টাটা

বিমান: ডাচল্ট ফালকন ২০০০

ব্যয়: ২২ নিযুত ডলাৰ

ৰতন নাভাল টাটাৰ ব্যক্তিত্বৰ বিষয়ে পুনৰাই কোৱাৰ প্ৰয়োজন নাই। ভাৰতীয় উদ্যোগপতি, সমাজহিতৈষী আৰু টাটা ছন্সৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটা পৃথিৱীৰ অন্যতম ব্যয়বহুল ব্যক্তিগত জেট ডাচল্ট ফালকন ২০০০ৰ মালিক।এই জেটখনৰ মূল্য ২২ নিযুত ডলাৰ।এই ডাচল্ট ফালকন ২০০০ বিলাসী জেটখন এটা সময়ত ৰতন টাটাই নিজেই উৰুৱাইছিল।

অনিল আম্বানী

বিমান: বোম্বাৰ্ডিয়াৰ গ্ল’বেল এক্সপ্ৰেছ এক্স আৰ এছ

ব্যয়: ৩৮ নিযুত ডলাৰ 

ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ অনিল ধীৰুভাই আম্বানীয়ে ৰিলায়েন্স কেপিটেল, ৰিলায়েন্স ইনফ্ৰাষ্ট্ৰাকচাৰ, ৰিলায়েন্স পাৱাৰ আৰু ৰিলায়েন্স কমিউনিকেশ্বনকে ধৰি কেইবাটাও ষ্টক তালিকাভুক্ত নিগমৰ নেতৃত্ব দিয়ে।l তথ্য মতে, অনিল আম্বানী বোম্বাৰ্ডিয়াৰ গ্ল’বেল এক্সপ্ৰেছ এক্স আৰ এছৰ গৰাকী, যাৰ মূল্য ৩৮ নিযত ডলাৰ।অনিল আম্বানী বিলাসিতাৰ প্ৰতীকতকৈ কম নহয়। তেওঁৰ জেটত শব্দ আৰু কম্পন নিয়ন্ত্ৰণ প্ৰণালী, ১৪.৭৩ মিটাৰ দীঘল কেবিনৰ পৰা আৰম্ভ কৰি শোৱনি কোঠা, যিকোনো সভাৰ বাবে এখন এটা ডাঙৰ কনফাৰেন্স হলো আছে।

অতুল পুঞ্জ

বিমান: গাল্ফষ্ট্ৰীম চতুৰ্থ

ব্যয়: ৩২.৫ নিযুত 

ভাৰতৰ অন্যতম বৃহৎ অভিযান্ত্ৰিক আৰু নিৰ্মাণ গোটৰ অধ্যক্ষ অতুল পুঞ্জ।পুঞ্জ গাল্ফষ্ট্ৰীম চতুৰ্থৰ গৰাকী, যাৰ মূল্য ৩২.৫ নিযুত ডলাৰ।

লক্ষ্মী মিত্তাল

বিমান: গাল্ফষ্ট্ৰীম জি ৫০০

ব্যয়: ৩৮ নিযুত ডলাৰ

ষ্টীল উদ্যোগত সফলতাৰ বাবে সমগ্ৰ বিশ্বতে জনাজাত লক্ষ্মী নিৱাস মিত্তাল।২০১১ চনত ফৰ্বছে তেওঁক বিশ্বৰ ষষ্ঠ আটাইতকৈ ধনী ব্যক্তিৰ স্থান দিছিল। মিত্তাল ৩৮ নিযুত ডলাৰ মূল্যৰ এখন ব্যক্তিগত জেট গাল্ফষ্ট্ৰীম জি ৫৫০ৰ গৰাকী।

Also Read: Zodiac Signs that are most likely to be famous: সমাজত জনপ্ৰিয় এই ৰাশিৰ লোক

mukesh ambani